অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক ‘এছ এফ ই  –  জান্দু ২০২২’ বঁটা প্ৰদান

 অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক ‘এছ এফ ই  –  জান্দু ২০২২’ বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত , ভাৰত চৰকাৰৰ বিজ্ঞান বিভাগৰ অন্তৰ্গত আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে বিষাক্ত সৰ্পদংশন আৰু হৃদপিণ্ড জনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন গছ – গছনি আৰু প্ৰাকৃতিকভাৱে উপলব্ধ উপাদানৰ সহায়ত প্ৰস্তুত কৰা ওষধৰ স্বীকৃত স্বৰূপে সন্মানীয় ’এছ এফ ই  – জান্দু ২০২২’ বঁটাৰে সন্মানিত কৰা হৈছে । ২৪ এপ্ৰিলত কৰ্ণাটকৰ মাইচোৰত অনুষ্ঠিত নৱম আন্তঃৰাষ্ট্ৰীয় ইথনোফাৰ্মাকলজী সংস্থাৰ সভাত অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়৷এই বঁটা প্ৰদান কৰে ভাৰতৰ প্ৰখ্যাত ইমামী আৰু কংগ্লুমাৰেট নামৰ প্ৰতিষ্ঠানটোৱে৷উল্লেখযোগ্য যে প্ৰায় ২৫ বছৰৰো অধিক কাল ধৰি অধ্যাপক মুখাৰ্জীয়ে বিষাক্ত সৰ্পদংশন  নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন গৱেষণা কৰি আহিছে । তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঔষধী গছ গছনিৰ চিনাক্তকৰণৰ দ্বাৰা সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে । সমান্তৰালভাৱে বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰতো তেওঁ ঔষধী গছৰ পৰীক্ষা – নিৰীক্ষা আৰু পৰ্যায়ক্ৰমে গৱেষণা কৰি আছে । ইয়াৰ অংশহিচাপে অধ্যাপক মুখাৰ্জীয়ে আই এ এছ এছ টি চৌহদত থকা ঔষধী গছৰ উদ্যানখন উন্নয়নৰ ক্ষেত্ৰত আগভাগ লৈছে । আনহাতে অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে সদৰি কৰা অনুসৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি  অঞ্চলটোত  উপলব্ধ স্থানীয় ঔষধী গছৰ সংৰক্ষণৰ হকে কাম কৰি যাব । উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থায়ো গ্ৰীষ্মপ্ৰধান দেশ সমূহত সৰ্পদংশনৰ সমস্যাক এক প্ৰত্যাহ্বান বুলি ব্যক্ত কৰি  ইয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি প্ৰদান কৰিছে । ইফালে এনে সন্মানীয় বঁটা লাভ কৰি আই এ এছ এছ টিলৈ গৌৰৱ কঢ়িয়াই অনা বাবে প্ৰতিষ্ঠানখনৰ সকলোৱে অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক শুভেচ্ছা জ্ঞাপন কৰিছে ।