অত্যাৱশ্যকীয় সেৱা ব্যৱস্থাপনা (অসম) আইন, ১৯৮০ ৰ অধীনত ধর্মঘটত নিষেধাজ্ঞা 

অত্যাৱশ্যকীয় সেৱা ব্যৱস্থাপনা (অসম) আইন, ১৯৮০ ৰ অধীনত ধর্মঘটত নিষেধাজ্ঞা 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অত্যাৱশ্যকীয় সেৱা ব্যৱস্থাপনা (অসম) আইন, ১৯৮০ ৰ অধীনত যােৱা জুলাইৰ পৰা কাৰ্যকৰী হােৱাকৈ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈ আৰু ছয় মাহৰ বাবে ৰাজ্যখনত ধর্মঘট কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰা হৈছে। উক্ত আইনৰ অধীনত ভাৰতীয় তেল নিগম, ভাৰতীয় তেল নিগমৰ অধীনস্থ গেছ খণ্ড আৰু তেল আৰু প্রাকৃতিক গেছনিগম লিমিটেডত কৰ্মৰত বিষয়া, কর্মী, ঠিকাভিত্তিক শ্রমিক, টেংকাৰ, গাড়ীচালক আৰু খালাচীসকল এইনিষেধাজ্ঞাৰ আওতাত থাকিব। তদুপৰি যিকোনাে তৈল ক্ষেত্র , শােধনাগাৰ বা ট্ৰেলিয়াম আৰু প্রাকৃতিক গেছকে ধৰি স্ট্রেলিয়ামজাত সামগ্ৰীৰ উৎপাদন, যােগান বা বিতৰণৰ লগত জড়িত যিকোনাে প্রতিষ্ঠানৰ কর্মীসকলৰ ক্ষেত্ৰতাে এইনীতি প্রযােজ্য হব।