অত্যাধিক গাড়ীৰ ভাড়া বৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে জনসাধাৰণ জনতাক
নিখিলৰঞ্জন গোস্বামী, কপাহেৰা,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰ, বিয়াগোম পৰিবহন বিভাগ, জিলা প্ৰশাসন আৰু পৰিবহন বিভাগৰ দুৰ্ব্বল স্থিতি, দায়সৰা মনোভাবৰ কাৰণে পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ সুবিধা লৈ এতিয়া সৰু বৰ সকলো যাত্ৰী কঢ়িওৱা গাড়ীৰ লগতে টেম্পু, ই-ৰিক্সাৰ চালক সকলোৱে নিজ ইচ্ছামতে ভাড়া বৃদ্ধি কৰি যাত্ৰী সকলক জ্বলা কলা খুৱাইছে। ২১ কি.মি. পথত ৬০ টকা ভাড়া, ১৬ কি.মি. পথত ৫০ টকা ভাড়া, ৭ কি.মি. পথত ২০ টকা ভাড়া, ৩-৪কি.মি. পথতো ২০ টকা ভাড়া লোৱা আঘোষিত আইন চলি আছে নগাঁও-মৰিগাঁও জিলাত। ইয়াৰ প্ৰতিবাদ কৰিলে অনেক যুক্তি প্ৰদৰ্শন কৰে চালক তথা গাড়ীৰ মালিকে। নিৰুপায় হৈ যাত্ৰীয়ে দিব লগা হয় অতিৰিক্ত ভাড়া। অতি দুখ আৰু লাজৰ কথা যে, এই সমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি প্ৰয়োজনীয় পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো এটা বিভাগে। শুদ্ধ ভাষাত এই বিভাগ সমূহে আত্মসমৰ্পণ কৰিছে চালক, মালিক পক্ষৰ ওচৰত। উল্লেখযোগ্য যে কামৰূপ আৰু যোৰহাটত এনে অৰাজকতা চকুত লগা ধৰণে হোৱা নাই। গতিকে চৰকাৰ, জিলা প্ৰশাসনে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি দুখীয়া- সহজ-সৰল জনতাক ন্যায় দিয়াৰ ব্যৱস্থা কৰিবলৈ সচেতন মহলে দাবী জনাইছে।