অগ্নি পথ আঁচনি প্ৰত্যাহাৰৰ দাবীত মৈৰাবাৰীত কংগ্ৰেছৰ শান্তি পূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী পালন

অগ্নি পথ আঁচনি প্ৰত্যাহাৰৰ দাবীত মৈৰাবাৰীত কংগ্ৰেছৰ শান্তি পূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী পালন

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা – অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত আজি সমগ্ৰ দেশৰ লগতে ধিং সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীয়ে শান্তি পূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে। কংগ্ৰেছৰ এই সত্যাগ্ৰহ কাৰ্যসূচীত মৈৰাবাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিকে ধৰি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, আজি কাৰ্যসূচীৰ পৰ্যবেক্ষক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা ৱাহিদা আহমেদ, ধিং সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি চামিম হাচান,কে ধৰি অন্যান্য বিষয় ববীয়া সকল উপস্থিত থাকে। প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা ৱাহিদা আহমেদে কয় যে অগ্নিপথ আচনি খন যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা কৰাৰ এক আঁচনি।এই আচঁনি বিজেপি চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা ভুল পৰিকল্পনা ।চাৰি বছৰীয়া এই আচঁনিৰ পৰিকল্পনাই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে নতুন নতুন অধিক সমস্যাৰ সৃষ্টি কৰিব।এই আচঁনিৰ অধীনত নিযুক্তি পাবলগীয়া সেনা জোৱান সকলৰ ক্ষেত্ৰত কোনো পেঞ্চনৰ ব্যৱস্থা নাই। তেওঁ লোকৰ কাৰ্যকালো চাৰি বছৰ। এই ঘটনাই সেনাবাহিনীত নিয়োজিত যুৱ প্ৰজন্মৰ মনোবল দুৰ্বল কৰিব। দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। বিদেশী ৰাষ্ট্ৰ ভাৰতৰ প্ৰতি প্ৰত্যাহ্বান হৈ পৰিব। কেৱল এয়াই নহয় ৰেজিমেন্ট সমূ্হৰ সামাজিক চৰিত্ৰটোও ধ্বংস কৰি পেলাব।অতি কমদিনীয়া প্ৰশিক্ষণেৰে সাজু কৰিবলৈ পৰিকল্পনা কৰা এই অগ্নিবীৰ সকলৰ কাম কাজে দেশৰ সশস্ত্ৰ বাহিনীৰ মান দক্ষতা আৰু কাৰ্যকাৰিতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব। গতিকে এই অগ্নিপথ আচনি প্ৰত্যাহাৰৰ দাবীত আজি দেশ জুৰি কংগ্ৰেছৰ এক শান্তি পূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে।