অগ্নিপথৰ প্ৰতিবাদৰ মাজতে হাৰিয়ানাত ইণ্টাৰনেট সেৱা স্থগিত

অগ্নিপথৰ প্ৰতিবাদৰ মাজতে হাৰিয়ানাত ইণ্টাৰনেট সেৱা স্থগিত

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰৰ প্ৰস্তাৱিত অগ্নিপথ প্ৰতিৰক্ষা নিযুক্তি আঁচনিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ মাজতে হাৰিয়ানা চৰকাৰে বৃহস্পতিবাৰে আবেলি ৪ বজাৰ পৰা পৰৱৰ্তী ২৪ ঘণ্টাৰ বাবে পালৱাল জিলাত ইণ্টাৰনেট আৰু এছএমএছ সেৱা স্থগিত ৰাখিছে। হোৱাটছএপ, ফেচবুক আৰু টুইটাৰৰ দৰে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ভুল তথ্য প্ৰচাৰ বন্ধ কৰাৰ বাবে এই সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি চৰকাৰী মুখপাত্ৰই জানিবলৈ দিয়ে।