অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশন

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা- ৭,৮,৯,১০ ডিচেম্বৰ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ নগৰত অনুষ্ঠিত হয়। বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক ৭৫ বছৰীয়া যাত্ৰাৰ এই অমৃত কালৰ অধিবেশনত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা ১০,০০০ কাৰ্যকৰ্তাই এই অধিবেশনত অংশগ্ৰহণ কৰে।বিদ্যাৰ্থী পৰিষদৰ এই অমৃত মহোৎসবী অধিবেশনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী তথা বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তা অমিত শ্বাহ। তেওঁ বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা হৈ থকাৰ কালৰ কথা সোঁৱৰি কয় যে “মই নিঃসংকোচে আৰু অতি গৌৰৱেৰে কওঁ যে “মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এজন ‘অৰগেনিক প্ৰডাক্ট”। লগতে তেেওঁ কয় যে ৰাষ্ট্ৰীয় অধিৱেশনৰ মুখ্য অতিথি হিচাপে আজি ইয়াত উপস্থিত হৈ কিমান গৌৰৱ অনুভৱ কৰিছো আপোনালোকক বুজাব নোৱাৰিম। তেওঁ বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলৰ উদ্দেশ্যি বিদ্যাৰ্থী পৰিষদৰ জ্ঞান, চৰিত্ৰ, আৰু একতাৰ আদৰ্শৰ বিচাৰ ধাৰাৰ লগত জড়িত হৈ থাকিবলৈ আহ্বান জনাই কয় যে যি দৰে স্বাধীনতা আন্দোলনৰ সময়ত দেশৰ বাবে আত্মবলিদান দি দেশক স্বাধীন কৰাৰ সময় আছিল এতিয়া দেশৰ বাবে মৰাৰ সময় নহয় এতিয়া দেশক আগবঢ়ায় নিয়াৰ বাবে জীৱন জীয়াৰ সংকল্প লোৱাৰ সময়।-এই মন্তব্য ৰাজ্যিক সম্পাদক হেৰল্ড মহনৰ৷আজি উলুবাৰীস্হিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত এইদৰে কয় মহনে৷তেওঁ পুনৰ কয়-এই ৰাষ্ট্ৰীয় অধিবেশনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৭০০ গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে আৰু অসমৰ 235 গৰাকী কাৰ্যকৰ্তাই এই ৰাষ্ট্ৰীয় অধিবেশনত অংশগ্ৰহণ কৰে।এই বৰ্ষত অধ্যাপক যশৱন্তৰাও কেলকাৰ যুৱ বঁটা ২০২৩ তিনিগৰাকী বিশেষ ব্যক্তিক প্ৰদান কৰা হয়। অধ্যাপক যশৱন্তৰাও কেলকাৰ যুৱ বঁটা ২০২৩ প্ৰদান অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে দেশৰ জ্যেষ্ঠ আৰু জনপ্ৰিয় সাংবাদিক ৰজত শৰ্মা। এই বৰ্ষৰ বাবে এই বঁটাৰ ‘নিম্ন আয়ৰ আৰু বঞ্চিত শ্ৰেণীৰ ভাৰতীয় যুৱক-যুৱতীসকলক বিশ্ব পৰ্যায়ৰ শিক্ষা লাভ কৰিবলৈ সক্ষম কৰোৱাৰ বাবে’ শৰদ বিবেক সাগৰ (পাটনা, বিহাৰ), মিলেটচ সংৰক্ষণ আৰু প্ৰসাৰৰ মৌলিক কামৰ বাবে লাহৰীবাই পডিয়া (ডিন্দোৰি, মধ্যপ্ৰদেশ) আৰু ‘অক্ষম লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত আৰু অধিক আত্মবিশ্বাসী কৰি তোলা’ৰ বাবে ড° বৈভৱ ভাণ্ডাৰী (পালি, ৰাজস্থান)ক নিৰ্বাচিত কৰা হৈছিল। প্ৰতিবছৰে এজন বিশেষ ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় যদিও অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক যাত্ৰাৰ ‘অমৃত মহোৎসৱ বছৰৰ’ (৭৫ তম বছৰ) লগত সংগতি ৰাখি এই বৰ্ষ অধিক স্মৰণীয় কৰি তুলিবলৈ বাছনি সমিতিয়ে এই বঁটা তিনিজন বিশেষ যুৱক-যুৱতীক প্ৰদান কৰাৰ হয়। এই বঁটাৰ উদ্দেশ্য হৈছে সমাজৰ শিক্ষা, সমাজ, পৰিৱেশ, বিজ্ঞান আদিৰ ক্ষেত্ৰত কাম কৰি পাৰদৰ্শিতা অৰ্জন কৰা যুৱক-যুৱতীসকলক কৃতজ্ঞতা প্ৰকাশ কৰা আৰু ভাৰতীয় যুৱক-যুৱতীসকলক সেৱাৰ কামৰ বাবে অনুপ্ৰাণিত কৰা। এই বঁটাত ১,০০,০০০/- টকাৰ ৰাশি, প্ৰমাণ পত্ৰ আৰু স্মৃতিগ্ৰন্থ থাকে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক ৰজত শৰ্মা দেৱে কয় যে বিদ্যাৰ্থী পৰিষদৰ এই হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ মাজতেই কোনোবা ভৱিষ্যতৰ অটল বিহাৰী বাজপেয়ী, নৰেন্দ্ৰ মোদী বহি আছে। লগতে তেওঁ কয় যে ‘আজিৰ পৰা ৫০ বছৰ আগতে ১৬ বছৰীয়া ল’ৰা এজনৰ খাবলৈ অন্ন, থাকিবলৈ বাসস্থান আৰু পিন্ধিবলৈ কাপোৰ নাছিল, নিজৰ কোনো পৰিচয় নাছিল সেই ল’ৰা জনক বিদ্যাৰ্থী পৰিষদে নিজৰ এক পৰিচয় প্ৰদান কৰিছিল আৰু সেই ল’ৰা জন মই।’এই ৰাষ্ট্ৰীয় অধিৱেশনতেই অসম প্ৰান্তৰ ২৯ সংখ্যক ৰাজ্যিক অধিবেশন অনুষ্ঠিত হয়। এই অধিৱেশনতেই ৰাজিক সভাপতি আৰু ৰাজ্যিক সম্পাদকে দায়িত্ব গ্ৰহণ কৰে।গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰীতামণি বৈশ্যই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ হেৰল্ড মহনে ২০২৩-২৪ বৰ্ষৰ ৰাজ্যিক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে, উপ-সভাপতি হিচাপে শ্ৰী মৈহুৰ্সা বড়ো (ওদালগুৰি) শ্ৰী ত্ৰৈলোক্য গগৈ (ধেমাজি) শ্ৰী গুলাব নন্দী (হাইলাকান্দি) শ্ৰী কৌশিক সন্দিকৈ (যোৰহাট)আৰু যুটীয়া সম্পাদক হিচাপে ধৃতাশ্ৰী ডেকা, কনকলাল দেৱ, নিহাৰীকা দেৱী, সাৰাংগ কৌশিক ফুকন, দিব্যজ্যোতি লাগাচুই দায়িত্বভাৰ গ্ৰহণ কৰে।অধিৱেশনত সৰ্বমুঠ ৬টাকৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয় গুণগত শিক্ষা আৰু সক্ৰিয় কেম্পাচৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগে।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কেম্পাচ সমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকলক আহ্বান জনাই যে ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ কলেজ পৰিসৰত বঢ়াবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিদ্যাৰ্থী পৰিষদে শৈক্ষিক অনুষ্ঠান সমূহত আহ্বান জনাইছে যে তেওঁলোকে আনন্দময়ী সাৰ্থক বিদ্যাৰ্থী জীৱন নিৰ্মানত তেওঁলোকে কাম কৰিব লাগে।বিশ্ব কল্যানমূখী ভাৰতীয় কূটনীতি ।ভাৰতবৰ্ষই নিজৰ মেধাৰ, কৌশল আৰু কূটনীতিৰে বিশ্ব ৰাজনীতিত এক মহত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। G-20 শীৰ্ষ সন্মিলনৰ সময়ত ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ আগত নিজৰ গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰা সমগ্ৰ বিশ্ববাসীৰ আগত দাঙি ধৰিছে। কভিড কালিন সময়ত ভাৰতে মানৱীয় দৃষ্টিভংগীৰে সমগ্ৰ বিশ্ব এক পৰিয়াল এই ভাব নিজৰ ব্যৱহাৰ জৰিয়তে প্ৰকাশ কৰিছিল। অনাগত সময়ত আৰ্থিক আৰু ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ ভূমিকা আৰু অধিক দৃঢ় আৰু শক্তিশালী হ’বলৈ গৈ আছে। যুৱ প্ৰজন্মই স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰক।যুৱ শক্তিয়ে এখন দেশৰ সকলো দিশ নিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষক আমি বিশ্ব গুৰুৰ আসনত অধিষ্ঠিত কৰিবলৈ হ’লে তাত প্ৰধান অৰিহণা হ’ব আমাৰ দেশৰ যুৱ প্ৰজন্মৰ। সেই বাবে বিদ্যাৰ্থী পৰিষদে যুৱ প্ৰজন্মক এক স্বাস্থ্য সন্মত জীৱন নিৰ্বাহৰ বাবে আহ্বান জনায়। বিবেকশীল বিকাশ পৰিৱেশ সন্তোলনৰ বাবে আবশ্যক।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৬৯ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশনত এইটো অভিমত লোৱা হয় যে আমি বিকাশ মূলক কাম কাজৰ লগতে প্ৰকৃতি সুৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগে। বিদ্যাৰ্থী পৰিষদে পৰিৱেশৰ সন্তোলনৰ বাবে বৃহৎ বৃক্ষৰোপণ, অৰণ্য সংৰক্ষণ, প্লাষ্টিক বৰ্জন, নগৰ সমূহত প্ৰদূষণ ৰোধৰ বাবে কাৰ্যপ্ৰণালী সম্পাদন কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহন কৰে। ‘ৰাম মন্দিৰ’ ভাৰতীয়ত্ব আৰু স্বভিমানৰ প্ৰতীক।শ্ৰীৰাম জন্মভূমিত নিৰ্মান হৈ থকা ৰাম মন্দিৰ ভগৱান ৰামললাৰ প্ৰাণ প্ৰতিষ্ঠা পৌৰাণিক ভাৰতীয় সংস্কৃতিৰ পুনস্থাপনৰ লগতে ৫০০ বছৰ ধৰি চলি অহা সংঘৰ্ষৰ সফলতাৰ প্ৰতীক। সেয়েহে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যসমিতিৰ বৈঠকে সমগ্ৰ যুৱ প্ৰজন্মক প্ৰাণ প্ৰতিষ্ঠাৰ বিশেষ দিনটো হৰ্ষ উল্লাসৰ লগতে দীপ প্ৰজ্বলন কৰি মহান সাংস্কৃতিক জাগৰণৰ সাক্ষী আৰু সমভাগী হ’বলৈ আহ্বান জনায়। ‘নাৰী শক্তি বন্দন অধিনিয়ম ২০২৩’ এক ঐতিহাসিক সিদ্ধান্ত।ৰাজনৈতিক ক্ষেত্ৰত মহিলা সকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ ‘নাৰী শক্তি বন্দন অধিনিয়ম ২০২৩’ ভাৰতীয় সংসদত গৃহীত হোৱাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে অতিকৈ শুভ লক্ষণ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যসমিতিৰ বৈঠকে এই ‘নাৰী শক্তি বন্দন অধিনিয়ম ২০২৩’ ক স্বাগতম আৰু কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জনাইছে।উল্লেখযোগ্য যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২০১৮ চনত গুৱাহাটীত হোৱা ৰাষ্ট্ৰীয় কাৰ্যসমিতিৰ বৈঠকত সংসদৰ লগতে বিধানসভাতো নাৰীৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।আগন্তুক কাৰ্যসূচী ১২ জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অসমত বিদ্যাৰ্থী পৰিষদৰ প্ৰতিটো নগৰ শাখা আৰু মহাবিদ্যালয় শাখাত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হ’ব।পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ প্ৰতি লক্ষ্য ৰাখি জানুৱাৰী মাহৰ শেষৰ পৰা মাৰ্চ মাহৰ প্ৰথম পৰ্যায় লৈকে অসমৰ প্ৰতিখন জিলাতেই বিদ্যাৰ্থী পৰিষদৰ ‘জিলা সন্মিলন’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। য’ত জিলা খনৰ বিদ্যাৰ্থী সমাজে অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ২৫ জানুৱাৰী,২০২৪ তাৰিখে বিদ্যাৰ্থী পৰিষদৰ সমূহ মহাবিদ্যালয় শাখাৰ সভাপতি, সম্পাদক আৰু শাখা সম্পাদক সমূহক লৈ এখন সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হ’ব। যত অসমৰ প্ৰতিখন মহাবিদ্যালয় শাখাৰ সভাপতি, সম্পাদককে প্ৰমুখ কৰি প্ৰতিটো নগৰ শাখাৰ সম্পাদক উপস্থিত থাকিব।ইয়াৰ লগতে অসমৰ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাত নিৰ্বাচিত প্ৰতিনিধি সকলৰ এক সন্মিলন অনুষ্ঠিত কৰা হ’ব। য’ত প্ৰতিখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ ছাত্ৰী সকলক উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে ঘৰে ঘৰে গৈ বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰা হ’ব ।