অখিল গগৈয়ে শিৱসাগৰৰ পৰা নহয়, টীয়কৰ পৰাহে অহাবাৰ নিৰ্বাচন খেলিব বোলে: মন্ত্ৰী পীযুষ হাজৰীকা; অহাবাৰৰ নিৰ্বাচনত অখিল গগৈ টীয়কৰ পৰাও জিকিব নোৱাৰে

pc Wikipedia

অখিল গগৈয়ে শিৱসাগৰৰ পৰা নহয়, টীয়কৰ পৰাহে অহাবাৰ নিৰ্বাচন খেলিব বোলে: মন্ত্ৰী পীযুষ হাজৰীকা; অহাবাৰৰ নিৰ্বাচনত অখিল গগৈ টীয়কৰ পৰাও জিকিব নোৱাৰে

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা – অখিল গগৈয়ে অহাবাৰ নিৰ্বাচনত বিধানসভালৈ নিৰ্বাচিত হ’ব নোৱাৰে”, আজি থাওৰা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ অন্তত উপস্থিত সাংবাদিকক উদ্দেশ্যি অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীয়ূষ হাজৰীকাই এইদৰে মন্তব্য প্ৰকাশ কৰে । মন্ত্ৰী গৰাকীয়ে কয়, “…শুনিছো, অখিল গগৈয়ে অহাবাৰ নিৰ্বাচনত শিৱসাগৰৰ পৰা নহয় টীয়কৰ পৰা খেলিব । বিগত পাঁচ মাহতে শিৱসাগৰৰ ৰাইজে অখিল গগৈক ভোট দি পস্তাই আছে, আৰু চালাক ব্যক্তি অখিল গগৈয়ে এই কথা উপলব্ধি কৰিয়েই অহাবাৰ শিৱসাগৰৰ সলনি টীয়কৰ পৰা নিৰ্বাচন খেলিম বুলি ভাৱিছে ।”আনহাতে টীয়কৰ জনসাধাৰণে অখিল গগৈক নিৰ্বাচনত জয়ী নকৰে বুলিও মন্ত্ৰী পীয়ূষ হাজৰীকাই উল্লেখ কৰে ।আনহাতে বিজেপিৰ সভাত ৰাইজৰ দলে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা বুলি সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজৰ দলৰ সভাত মানুহ নহয় যেতিয়া তেওঁলোকে বিজেপিৰ সভাতে পচাৰ পত্ৰিকা বিতৰণ কৰিব লাগিব । আনহাতে বানপানী অথবা হাতী-মানুহৰ সংঘাতৰ সময়ত ৰাইজৰ কাষত নথকা ৰাইজৰ দলৰ বিধায়ক প্ৰাৰ্থী গৰাকীক তেওঁৰ স্থানীয় অঞ্চলতে কোনেও চিনি নাপায় বুলি মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই ।