অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ কুৱেইট, ওমানত নিষিদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি ভাৰতত মুক্তি পোৱা অক্ষয় কুমাৰ অভিনীত ‘সম্ৰাট পৃথ্বীৰাজ’ক কুৱেইট আৰু ওমানত নিষিদ্ধ কৰা হৈছে। বাণিজ্য বিশ্লেষক গিৰীশ জোহৰে শ্বেয়াৰ কৰা এটা টুইটত উল্লেখ কৰা হৈছে যে দুয়োখন দেশৰ চৰকাৰে সম্ৰাট পৃথ্বীৰাজৰ ওপৰত নিৰ্মাণ কৰা ছবিখন নিষিদ্ধ কৰিছে। ইফালে, কাটাৰে ছবিখনৰ মুক্তি স্থগিত ৰাখিছে বুলি জানিব পৰা গৈছে।