‘Avengers: Endgame’, ‘বডী হিট’ৰ অভিনেতা উইলিয়াম হাৰ্টৰ ৭১ বছৰ বয়সত মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা– ‘Avengers: Endgame’ আৰু ‘কেপ্টেইন আমেৰিকা: চিভিল ৱাৰ’ত থাডেউছ ৰছৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা উইলিয়াম হাৰ্টৰ ৭১ বছৰ বয়সত মৃত্যু হয়। একাডেমী বঁটা বিজয়ী অভিনেতাজনৰ ৭২ তম জন্মদিনৰ এসপ্তাহ আগতে ১৩ মাৰ্চত মৃত্যু হয়, তেওঁৰ পুত্ৰ উইলে কয়। উইলিয়াম ‘বডী হিট’ আৰু ‘কিছ অফ দ্য স্পাইডাৰ ৱমেন’ত তেওঁৰ চৰিত্ৰৰ বাবেও জনাজাত আছিল।