ভাগ্যৰ বিৰম্বনা — মঞ্জুষা শৰ্মা

pc-indalo

ভাগ্যৰ বিৰম্বনা
প্ৰকাশ ভাগৱতীয়ে আনদিনাৰ দৰে আজিও পত্নী প্ৰতিমাক আজৰি হৈ মুকলি আকাশৰ তলত প্ৰকৃতিৰ মনোমোহা পৰিবেশ উপভোগ কৰিবলৈ মাতিলে | কিন্তু আজি যেন পত্নী প্ৰতিমা অলপ বেলেগ | তেওঁ আগতেই জনাই দিছে যে প্ৰতিদিনাৰ দৰে আজিও একেসোপা কথাকে শুনি শুনি সময়বোৰ অযথা খৰচ নকৰে | মৰমৰ পত্নীৰ বিৰক্তি ভৰা মুখ দেখি প্ৰকাশ ভাগৱতীয়ে কোমল মাতেৰে মাত লগালে , চোৱা প্ৰতিমা তুমি মোৰ সুখ – দুখ সকলো সময়তে হাঁহি হাঁহি লগ দি আহিছা | তুমি নথকা হ’লে হয়তু মই মোৰ এই কণ্টকময় জীৱনটোৰ গতি দিব পাৰিলোহেতেন নাই ক’বই নোৱাৰো | মোৰ মনৰ কথাবোৰ তোমাৰ লগতে ভগাই নলৈনো কাৰ আগত কমগৈ কোৱাচোন ?? যেতিয়া মই দিশহাৰা বা দুৰ্বল হৈ পৰো তেতিয়াটো তুমিয়েই মোৰ ওচৰত সাহস হিচাপে থিয় দি অভয়বাণী শুনাই কাৰ্যক্ষম কৰি তোলা | স্বামীৰ মুখত নিজৰ গুণ শুনি প্ৰতিমাৰ এক প্ৰকাৰৰ চিঞঁৰিয়েই ক’লে হ’ব হ’ব এতিয়া কিয় মাতিছিলে তাকে কওক | মোৰ নহ’লে বহুত কাম আছে | পত্নীৰ কথা শুনি প্ৰকাশ ভাগৱতীয়ে ক’বলৈ আৰম্ভ কৰিলে , জানা প্ৰতিমা আমাৰ লগৰ যে ব্ৰজেন | সিটো মোৰ ওপৰতে নিৰ্ভৰ কৰি পৰীক্ষাবোৰ উত্তীৰ্ণ হৈ গৈছিল | মোৰ নম্বৰৰ লগত তাৰ একোৱেই তুলনা নহৈছিল | সি আছিল ধনী ঘৰৰ ল’ৰা আৰু মই আছিলো এটি মধ্যবিত্ত পৰিয়ালৰ ল’ৰা | তাৰ আছিল টকা তাৰ বিপৰীতে মোৰ আছিল একোখনকৈ উন্নত মানৰ বিদ্যালয় , মহাবিদ্যালয় , বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ | কিন্তু ভাগ্যৰ যে কি বিৰম্বনা চোৱা | মোৰ ইমানবোৰ ডিগ্ৰী থাকিও মই হ’লো এখন ব্যক্তিগতখণ্ড বিদ্যালয়ৰ শিক্ষক | আনহাতে সি এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক | যাৰ বাবে তাৰ আজি নদন – বদন অৱস্থা | কিন্তু আমাৰ নিচিনা শিক্ষকবোৰৰ অৱস্থা অতি কষ্টকৰ হৈ পৰিছে |মোকেই চোৱাচোন – কিযে কষ্ট হৈছে জীৱন কটাবলৈ আজিৰ দিনত |এই লক – ডাউনৰ দিন কেইটাত পাইছো জানো আমাৰ সম্পূৰ্ণ প্ৰাপ্য টকা কেইটা | সুধিছে জানো আমাৰ নিচিনা শিক্ষক সকল কেনেদৰে জীয়াই আছে বা পাৰিছেনে সম্পূৰ্ণভাৱে পোহপাল দিব নিজৰ পৰিয়ালটোক ? কিন্তু আমি সময়ৰ লগত খাপ খাব পৰাকৈ সকলো শিকি অহাৰ বাবে আজি মই ক্ষুদ্ৰ বাৰীখনত কৰা পাচলি নিজে খাই বাকীখিনি বেচি যি পাইছো তাৰে জীৱনটো ধাৰ নকৰাকৈ কটাব পাৰিছো | তাৰ সমান্তৰাল ভাবে বিদ্যালয়ৰ অন লাইনৰ ক্লাছসমূহ , সময়ত বহী ছোৱা , পৰীক্ষা পতা আদি দায়িত্ববোৰ সুকলমে সম্পন্ন কৰি আহিছো | ঠিক সেইদৰে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহত মানৱ সম্পদ গঢ়িবৰ কাৰণে যোৱা ব্যক্তিসকলৰ অৱস্থাও অতি দুখ লগা | তেওঁলোকতো বিনাবেতনেৰে শিক্ষকতাৰ জীৱন আৰম্ভ কৰি বহুতে কৰ্মজীৱনৰ পৰা অৱসৰো গ্ৰহণ কৰিছে | বহুতে আকৌ নিজ বিদ্যালয়খন প্ৰাদেশীকৃত হোৱাৰ আশাত যুগ্ম জীৱনৰ পাতনি মেলি শেষত দিশহাৰা হৈ আত্মহননৰ দৰে পথও বাচি ল’বলৈ বাধ্য হৈছে | তাৰে কিছুমানে আকৌ বৰ্তমানৰ পৰিস্থিতিত পৰি দিন হাজিৰা বা শাক – পাচলি বেচি সংকটৰ সময়ত নিজকে তথা পৰিয়ালটোক জীয়াই ৰাখিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে | তাৰ বিপৰীতে চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলক চোৱা | তেওঁলোকৰ নাই কি ?? এটা মোটা পৰিমাণৰ মাহিলী বেতন , নিজৰ ইচ্ছা অনুযায়ী বিদ্যালয়ত উপস্থিত হোৱা নতুবা সময়তকৈ আগতেই কামৰ অজুহাত দেখুৱাই ঘৰলৈ উভতি আহি আনন্দ মনেৰে উতসৱ – পাৱণতো অংশ লব পাৰেহি | কিন্তু আমি জানো এইবোৰ কৰিব পাৰো ? হাজাৰ কষ্ট কৰি গৈ গেট বন্ধ হ’লেতো গেটৰ পৰাই ঘূৰি আহিব লগীয়া হয় | মই ভাবো এইবোৰৰ বাবেই হয়তু চৰকাৰী বিদ্যালয়ত অভাৱ -অনাটনেৰে জুৰুলা কৰা ল’ৰা – ছোৱালীবোৰকহে দেখা যায় | লগে লগে প্ৰতিমাই মাত লগালে নহয় বুজিছে – আজি কালি যে স্কুলত উপস্থিত হৈয়ে চহী দিয়া সেই মেচিনটো ওলাল তেতিয়াৰে পৰা দেখিছো নহয় আমাৰ গাঁৱৰ কেইজন বৰ খৰখেদাকৈ সময়ত বিদ্যালয়ত উপস্থিত হয়গৈ |ভালেই হৈছে বুজিছেনে ! এৰা তুমি ঠিকেই কৈছা | আকৌ বৰ্তমান সময়ত সকলোতে যে অন লাইন ক্লাছ বুলি কিমান ব্যস্ত | তাৰ মাজতে এনে কিছুমান চৰকাৰী স্কুল আছে যত মোবাইলৰ অজুহাত দেখুৱাই এনে ক্লাছবোৰ নকৰি ঘৰতে বহি সমানেই বেতন লাভ কৰি আছে | এইবোৰ বৰ দুখ লগা কথা নহয় নে বাৰু ?? আচলতে আজি মই তোমাক অন্য এটা কথাহে ক’ব খুজিছিলো | তোমাৰ লগত ভাগ বতৰা কৰিলে কিজানিবা মনতো অলপ সুস্থিৰ হৈ পৰে | এনে অৱস্থাত তোমাৰ মাতষাৰেই মোৰ বাবে কণাৰ লাখুটিৰ দৰে হৈ মনত সাহস আৰু শক্তি যোগাই | যিয়ে মনত সুস্থিৰতা প্ৰদান কৰি পিছদিনালৈ নতুন উদ্যমেৰে কামত মনযোগ দি লক্ষ্যস্থিৰ কৰিবলৈ অনুপ্ৰেৰণা পাঁও | প্ৰকাশ ভাগৱতীৰ কথাৰ যতি নপৰা দেখি পুনৰ পত্নীয়ে সোঁৱৰাই দিলে যে আপোনাৰ আজি আচল কথাটো কোৱাই নহ’ব যেন পাইছো দেই আৰু অলপ সময়ৰ পিছতেই মই ভাতৰ ব্যৱস্থা কৰিবলৈ উঠি যাম | ৰবা ৰবা মই এতিয়া বাৰু আচল কথাটোলৈ আহোঁ দেই | তাৰ মাজতে বেয়া নোপোৱা যদি একাপ আদা দিয়া ৰঙা চাহ আনিব পাৰিবা নেকি ? তেতিয়ালৈকে মই মোৰ কথাখিনি জুকিয়াই লওঁ | কথামতেই কাম | প্ৰতিমাই হাতত দুকাপ চাহলৈ আহি পুনৰ বহিল পিছৰখিনি কথা শুনিবলৈ | চাহ খাই খায়ে প্ৰকাশ ভাগৱতীয়ে ক’বলৈ আৰম্ভ কৰিলে – তুমিয়েই ভাবি চোৱাচোন বাৰু ৫ চেপ্তেম্বৰ শিক্ষক দিৱসৰ দিনটোৰ কথা | সেইদিনটো প্ৰতিজন শিক্ষকৰ বাবে কম আনন্দৰ দিননে | সেইদিনা প্ৰতিজন শিক্ষককেই নিজকে পাহৰি যায় – শিক্ষাৰ্থীৰ পৰা পোৱা মৰম আৰু শ্ৰদ্ধাৰে দিয়া ক্ষুদ্ৰ উপহাৰবোৰৰ বাবে | কিছুমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবোৰত সেইদিনটোত বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি তাৰ তদাৰকো সেই শিক্ষকসকলেই কৰিব লগীয়া হয় | আন কিছুমান ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত কেৱল মাত্ৰ হাঁহি – ধেমালি , নাচ – গানেৰে দিনটো উপভোগ কৰে ৷ ঠিক সেইদৰে অবৈতনিক ভাবে সুদীৰ্ঘ দিন নিজৰ সোণোৱালী দিনবোৰ ত্যাগৰ আদৰ্শৰে এসাজ খাই এসাজ অনাহাৰে কটোৱা শিক্ষকসকলেও সেই দুখ -বেদনা পাহৰি শিক্ষক দিৱসৰ দিনটো উদযাপন কৰে মৰমৰ ছাত্ৰ- ছাত্ৰী সকলৰ মাজতে ৷ এই শিক্ষক জাতিৰ তিনিটা শ্ৰেণীৰে মনৰ দুখ – বেদনাবোৰ আঁৰ কাপোৰৰ সিপাৰে ৰাখি সুন্দৰ ভাবে জীৱনত অভিনয় কৰি যায় ৷ কিন্তু এই শিক্ষক জাতিৰে অন্য এচাম শিক্ষক যি সকলে মুখত সোণৰ চামুচ লৈ জন্ম গ্ৰহণ কৰিছিল ৷ তেওঁলোকৰ উক্ত তিনি শ্ৰেণীৰ দৰে কষ্ট বা দায়িত্ব বা জীৱনৰ বাটত অভিনয় কৰিব লগীয়া ও নহয় ৷ ইমানবোৰ সুবিধা পোৱাৰ উপৰিও চৰকাৰে সেইখিনি শিক্ষককহে শিক্ষক বুলি স্বীকৃতি দিছে৷ নহ’লেনো অকল তেওঁলোকৰ মাজৰ কেইজনমানকহে আজিৰ দিনটোত কৃৰ্তী শিক্ষকৰ বাবে মনোনীত কৰি পুৰস্কৃত কৰেনে ?৫চেপ্তেম্বৰৰ দিনটো যদি সঁচাই সৰ্বপল্লী ৰাধাকৃষ্ণণৰ নামত উৰ্চগা কৰি শিক্ষকক সন্মান জনাবলৈকে শিক্ষক দিৱস উদযাপন কৰা হয় তেন্তে এই ধৰণৰ শিক্ষকৰ মাজত ভেদাভেদ কিয় ?? সকলোবোৰ শিক্ষকৰ মাজৰ পৰাই বাচনি কৰি কৃৰ্তী শিক্ষককেইজন বিবেচিত কৰি সকলোকে সন্মানৰ অংশীদাৰ কৰা হ‘লে শিক্ষক দিৱসৰ প্ৰকৃত গূঢ়াৰ্থ প্ৰকাশ পালেহেতেন ৷ নহয়নে বাৰু , নে তুমি কি কোৱা ? হ’ব দিয়া দুখ কৰি নাথাকিব | আপোনালোকেতো মানৱ সম্পদই গঢ়িছে ৷ গীতাতটো কৈছেই ” কৰ্ম কৰি যোৱা ফল নিবিচাৰিবা ” ৷
মঞ্জুষা শৰ্মা