নীৰৱতাৰ বীজগণিত – সত্যজিৎ গগৈ

Pc GoodFon

নীৰৱতাৰ বীজগণিত

সত্যজিৎ গগৈ
বামুণী গাওঁ,নগাঁও

আন্ধাৰত বাজি উঠে গধূলিৰ অদৃশ্য সংগীত
সেউজীয়া পাতত উলমি থাকে অশ্ৰুৰ বহ্নি
ব্যাকৰণে শব্দ হেৰুৱাই পিচলি পৰে
নীৰৱতাৰ চাদৰ এখন গাত লেপেট খাই ধৰে
আকাশখনে নিজকে গলাই  লিখি যায় নীলাৰ শূন্যতা
সময়ৰ বুকুচাত উঠি অহা এজাক অচেতন জনতা
বননিৰ বুকুত জ্বলি উঠে বীজগণিতৰ পাঠ
উত্তৰবিহীন এক সমীকৰণত সকলো অবাক
নদীয়ে নীৰৱে কৈ যায় নিজৰেই অবুজ বেদনাৰ জয়গান
জোনাকে জিৰণি লয় দুপৰ নিশা
কেচা পাতৰ কঁপনিতো লিখা থাকে বতাহৰ গোপন গাঁথা
সূৰ্য্যৰ উত্তাপে গিলি খাই গছৰ দীঘলীয়া ছাঁ
কুঁৱলীয়ে ঢাকি ৰাখে বাস্তৱৰ অস্পষ্ট মুখা
গছবোৰে নীৰৱে পঢ়ে মাটিৰ শাস্ত্ৰ
আৰু প্ৰকৃতিয়ে গঢ়ে এখন বিশাল অস্ত্ৰ।