মনৰ কোলাহল
নিৰঞ্জন ঠেঙাল
মনৰ ভিতৰত আপোন,
প্ৰিয় নামৰ ঠাইত স্থান দিয়াৰ পিছত
কিয় মানুহ আঁতৰি যায়?
কাৰ ভুল? কোন শুদ্ধ?
মোৰ দৰে ৰাতিৰ আন্ধাৰত কান্দি কান্দি
একাকাৰ হৈ পৰাজনৰ নে
আন এজনক পোৱাৰ পিছত এৰি যোৱা জনৰ?
ভুল প্ৰেমৰ নহয়,
ভুল প্ৰেমিকৰ….
ভুল মানসিকতা আৰু বিশ্বাসৰ!
কিন্তু……
কোনে শুনিব?
কোনে বিশ্বাস কৰিব?
যে প্ৰেমত প্ৰতাৰিত হোৱা মানুহ সুখী নহয়,
জীৱিত নহয়….
আৰু চিতাত জ্বলি যাব পৰাকৈ মৃতও নহয়…….!
তেওঁলোক যন্ত্ৰ!
মানৱতাহীন, উদাৰ বিমুখ
উশাহ লৈ থকা মানুহ।
তেওঁলোক দায়িত্বৰে বান্ধ খাই থকা সূত্ৰ…..
সুখক নিজ হাতেৰেই দুখলৈ ৰূপান্তৰিত কৰা
কন্টক জীৱনৰ পথিক…..
মৃত হয়তো জীৱিত
কিন্তু অকলশৰীয়া অনুভৱত শেষ হৈ যোৱা কণিকা।
