চীনক পৰাস্ত কৰি হকী এছিয়ান চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা হকী এছিয়ান চেম্পিয়নছ ট্রফীত পুনৰ এবাৰ নিজৰ আধিপত্য প্রতিষ্ঠা কৰিলে ভাৰতীয় মহিলা হকী দলে। মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৬ হকীৰ ফাইনেলত চীনক পৰাস্ত কৰি ভাৰতীয় মহিলা হকী দলে ঐতিহাসিক জয়লাভ কৰিছে। শনিবাৰে ভূপালৰ স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত চীনক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে খিতাপ দখল কৰিবলৈ সক্ষম হয় ভাৰত। ভাৰতৰ এই ঐতিহাসিক বিজয়ত দীপিকাই দুটাকৈ গ’ল কৰাৰ বিপৰীতে ইশিকাই এটা গ’ল দিয়ে। এই জয়েৰে প্রতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিকবাৰ খিতাপ জয় কৰা দল হিচাপে ভাৰতে নিজৰ নাম লিপিবদ্ধ কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰত আৰু দক্ষিণ কোৰিয়াই তিনিবাৰকৈ এই প্রতিযোগিতাৰ খিতাপ জয় কৰিছিল। ভাৰতে ২০১৬, ২০২৩ আৰু ২০২৪ চনত চেম্পিয়ন হোৱাৰ পিছত এইবাৰ চতুৰ্থবাৰৰ বাবে শ্রেষ্ঠত্ব অর্জন কৰি প্রতিযোগিতাখনৰ ইতিহাসত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। উত্তেজনাপূর্ণ ফাইনেলখনত আৰম্ভণিতে অৱশ্যে চীনে ভাৰতৰ বিৰুদ্ধে অগ্রগতি লাভ কৰে। খেলৰ ২৪ মিনিট ৫৫ ছেকেণ্ডত চীনৰ চেন ইউজুনে গ’ল কৰি দলটোক ১-০ গ’লৰ অগ্রগতি প্ৰদান কৰে। ইয়াৰ পিছত সমতা স্থাপনৰ বাবে ভাৰতীয় দলটোরে তৃতীয় কোৱাৰ্টাৰলৈ অপেক্ষা কৰিবলগীয়া হয়। খেলৰ ৩৭ মিনিট ৫০ ছেকেণ্ডত দীপিকাই গ’ল কৰি ভাৰতক ১-১ গ’লৰ সমতালৈ উভতাই আনে। ইয়াৰ মাত্ৰ কেইমিনিটমান পিছতে, ৪১ মিনিট ১৫ ছেকেণ্ডত ইশিকাই আন এটা গ’ল কৰি ভাৰতক ২-১ গ’লৰ অগ্রগতি প্রদান কৰে। তাৰ পিছতে ৪২ মিনিট ২৫ ছেকেণ্ডত দীপিকাই নিজৰ দ্বিতীয়টো গ’ল কৰি ভাৰতৰ জয় প্রায় নিশ্চিত কৰে। অৱশেষত ৩-১ গ’লৰ ব্যৱধানত চীনক পৰাস্ত কৰি বিজয়ৰ মুকুট পিন্ধে ভাৰতীয় দলটোরে। ইফালে, ফাইনেললৈ অহাৰ পথতো দুর্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতীয় মহিলা দলটোবে। লীগ পর্যায়ত মালয়েছিয়া, দক্ষিণ কোৰিয়া, থাইলেণ্ড, চীন আৰু জাপানক পৰাস্ত কৰি অপৰাজিত যাত্রা অব্যাহত ৰাখিছিল ভাৰতে।
