নাৰী শক্তিক দিয়া প্রতিশ্রুতি পূৰণত চৰকাৰ বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী

নাৰী শক্তিক দিয়া প্রতিশ্রুতি পূৰণত চৰকাৰ বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ বুলি পুনৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি আমাৰ নাৰী শক্তিক এটা প্রতিশ্রুতি দিছিলোঁ আৰু আমি সেই প্রতিশ্রুতি পূৰণৰ বাবে দায়বদ্ধ।’ ভিডিঅ’ বার্তাটোত প্রধানমন্ত্রীয়ে আৰু কয়, ‘বহু দশক ধৰি নাৰীশক্তিৰ অংশীদাৰিত্ব নিশ্চিত কৰাৰ যুঁজ চলিছে। আমি নিজেও এই যুঁজৰ এজন সৈনিক আছিলোঁ। আমি মহিলাসকলৰ ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। আমি নাৰীশক্তিক যি প্রতিশ্রুতি দিছিলোঁ, আমি সেই প্রতিশ্রুতি পূৰণত অটল।’ প্ৰধানমন্ত্ৰীয়ে লগতে কয়- ‘আমি জানো যে দেশৰ ১০০ শতাংশ মহিলাৰ আশীৰ্বাদ আমাৰ লগত আছে। আমি দেশৰ মহিলাসকলক আশ্বাস দিছোঁ যে নাৰীশক্তি বন্ধন অধিনিয়মৰ পথত দেখা দিয়া যাৱতীয় বাধা আঁতৰাই পেলোৱা হ’ব। মহিলা সংৰক্ষণৰ বিৰোধী দলসমূহে হাজাৰ চেষ্টা কৰিলেও ইয়াক ৰোধ কৰিব নোৱাৰে। উল্লেখযোগ্য যে ৩০ নৱেম্বৰৰ পৰা সংসদৰ বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে। লোক সভাৰ কাম-কাজ পুনৰ আৰম্ভ হ’ব ৩০ নৱেম্বৰত আৰু ৰাজ্য সভাৰ ২ ডিচেম্বৰত। চৰকাৰী কাম (অর্থাৎ বিধেয়ক গৃহীত) সম্পন্ন হ’লে ৩ ডিচেম্বৰত সংসদৰ এই বিশেষ বৈঠকৰ অন্ত পৰিব। এই বৈঠকতে সোমবাৰ ৩০ নৱেম্বৰত লোক সভাত সংবিধান (১৩২সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬ উত্থাপন কৰা হ’ব। এই বিধেয়কৰ উদ্দেশ্য হৈছে লোক সভাৰ আসনৰ সংখ্যা ৮৫০লৈ বৃদ্ধি কৰা। ইয়াৰ ভিতৰত আছে ৰাজ্যসমূহৰ ৮১৫খন আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৩৫খন। ইয়াত ৰাজ্যৰ বিধানসভাসমূহৰ আসনো সৰ্বাধিক ৫০০ৰ পৰা ৬৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। এই বিধেয়কৰ উদ্দেশ্য হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা মহিলাৰ বাবে (অনসূচিত জাতি-জনজাতিৰ মহিলাকে ধৰি) লোকসভা তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাত তাৎক্ষণিকভাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰা। আনহাতে তামিলনাডু বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সৈতে সংঘাত হোৱা ডি এম কে দলে ঘোষণা কৰে যে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কক সমর্থন জনাব।দলটোৰ সভাপতি তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্রী এম কে ষ্টালিনৰ অধ্যক্ষতাত চেন্নাইত অনুষ্ঠিত দলটোৰ সাংসদসকলৰ এখন বৈঠকৰ পাছতে জ্যেষ্ঠ নেতা তথা সাংসদ এ ৰাজাই এই কথা ঘোষণা কৰে। ৰাজাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তামিলনাডুত লোক সভাৰ আসন ৩৯খনৰ পৰা ৫৯লৈ বৃদ্ধি পাব। ৰাজাই কয় যে তেওঁৰ দল লোক সভাত তামিলনাডুৰ সাংসদৰ সংখ্যা ৭.১৮ শতাংশ হৈ থকাটো বিচাৰিছিল, কিন্তু এতিয়া এই শতাংশ ৭.২১লৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে লোক সভাত ডি এম কেৰ ২২জন সাংসদ আছে। ইফালে শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি (এছ পি)-য়েও সংসদত মহিলা সংৰক্ষণৰ সৈতে সম্পৰ্ক থকা সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ৰ সংবিধান সংশোধনী বিধেয়কত সমর্থন জনাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। দলটোৰ কাৰ্যকৰী সভানেত্রী সুপ্রিয়া শূলেয়ে শেহতীয়া এখন সভাত দলৰ নেতাসকলক এই কথা জনায়। শনিবাৰে একাধিক সূত্রই এই কথা প্রকাশ কৰে। লোক সভাত এন চি পি (এছ পি)ৰ সাংসদৰ সংখ্যা হৈছে ৮জন।