অভিনেতা ৰূপম শৰ্মাৰ অকাল বিয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সাংস্কৃতিক জগতলৈ নামি আহিল আন এক শোকৰ বতৰা। অসমৰ জনপ্ৰিয় যুৱ অভিনেতা ৰূপম শৰ্মাৰ শনিবাৰে সন্ধিয়া ৬.১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।দীর্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা ৰূপম শৰ্মাই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল মাত্র ৪১ বছৰ। ১৯৮৫ চনৰ ২১ মে’ত চন্দ্ৰপুৰ তাপবিদ্যুৎ কেন্দ্ৰৰ কলনীত জন্মগ্রহণ কৰা ৰূপম শৰ্মাৰ পিতৃৰ নাম ৰবীন শর্মা। পৰৱৰ্তী সময়ত পিতৃৰ অৱসৰৰ পিছত পৰিয়ালটো পিতৃৰ জন্মস্থান নলবাৰীৰ দীঘেলি গাঁৱলৈ স্থানান্তৰিত হয়। অভিনয়ৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ আৰু একাগ্ৰতাক সাৰথি কৰি তেওঁ অতি কম সময়ৰ ভিতৰতে অসমৰ সাংস্কৃতিক জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ভ্রাম্যমাণ থিয়েটাৰৰ মঞ্চৰ পৰা টেলিভিছনৰ পর্দালৈকে নিজৰ অভিনয় প্রতিভাৰে দৰ্শকৰ হৃদয় জয় কৰিছিল ৰূপম শর্মাই। বিশেষকৈ হেঙুল আৰু ব্ৰহ্মপুত্ৰ থিয়েটাৰকে ধৰি কেইবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদলত বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল অভিনেতাগৰাকীয়ে। ইয়াৰ উপৰি ‘বৰলাকাই’, ‘নিয়ৰৰ ফুল’, ‘চানমাৰীৰ চান্দনী’ আদি জনপ্রিয় টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰি দৰ্শকৰ মাজত পৰিচিত হৈ পৰিছিল। ২০১৩ চনত মুক্তিপ্রাপ্ত ‘তুমি যদি কোৱা’ নামৰ অসমীয়া ছবিখনতো অভিনয় কৰিছিল তেওঁ। বিভিন্ন চৰিত্ৰত স্বাভাৱিক আৰু সাৱলীল অভিনয়েৰে দৰ্শকক ইঁহুৱাৰ লগতে আবেগিক কৰি তুলিব পৰা ক্ষমতা আছিল ৰূপম শৰ্মাৰ অন্যতম বৈশিষ্ট্য। দীর্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্রান্ত হৈ আছিল অভিনেতাগৰাকী। উন্নত চিকিৎসাৰ আশাত হায়দৰাবাদলৈ নিয়াৰ লগতে গুৱাহাটীৰ বিভিন্ন ব্যক্তিগত চিকিৎসালয়তো তেওঁ চিকিৎসা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত নেমকেয়াৰ হস্পিতালতো চিকিৎসাধীন হৈ আছিল ৰূপম শর্মা। কিন্তু চিকিৎসাৰ ব্যয় ক্রমাৎ বৃদ্ধি পোৱাৰ ফলত পৰিয়ালটোৰ বাবে সেই খৰচ বহন কৰাটো কঠিন হৈ পৰে। অৱশেষত বিভিন্নজনৰ সহায়-সহযোগিতাৰে অভিনেতাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভর্তি কৰোৱা হৈছিল। তাতেই চিকিৎসাধীন অবস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ পিতৃ ৰবীন শৰ্মা, মাতৃ, ৯১ বছৰীয়া বৃদ্ধা আইতাক, পত্নী হিমানী শর্মা আৰু আঠবছৰীয়া কন্যাক এৰি যায়। পত্নী হিমানী শর্মাও অভিনয় জগতৰ সৈতে জড়িত। কর্মসূত্ৰে পৰিয়ালটোৱে গুৱাহাটীৰ কাহিলীপাৰা অঞ্চলত ভাৰাঘৰত বাস কৰিছিল। ৰূপম শৰ্মাৰ অকাল বিয়োগত তেওঁৰ সহকর্মী, শুভাকাংক্ষী আৰু গুণমুগ্ধসকলে গভীৰ শোক প্ৰকাশ কৰিছে।
