পোহৰৰ উৎসৱত প্ৰকৃতিৰ ক্ৰন্দন – ৰাজশ্ৰী শৰ্মা 

Pc StockCake

পোহৰৰ উৎসৱত প্ৰকৃতিৰ ক্ৰন্দন

ৰাজশ্ৰী শৰ্মা 
   গোলাঘাট , বনগাঁও
পোহৰৰ উৎসৱ দেৱালী আহে,
আনন্দৰ বতৰা কঢ়িয়াই আনে,
কিন্তু আতচবাজীৰ ধোঁৱাৰ মাজত,
প্ৰকৃতিৰ উশাহ হেৰাই যায় নীৰৱতাত।
আকাশখন ক’লা ধোঁৱাৰে ঢাকে,
নিৰ্মল বতাহ বিষাক্ত কৰি ৰাখে,
পখীৰ কলৰৱ স্তব্ধ হৈ পৰে,
সেউজীয়া পৃথিৱী চকুলো টোকে।
দীপৰ পোহৰে আঁতৰাওক আন্ধাৰ,
কিয় লাগে ধোঁৱাৰে আকাশ ভৰাৰ?
শব্দৰ আতংক, ধোঁৱাৰ বিষ,
প্ৰকৃতিৰ বুকুত নিদিওঁ আঘাতৰ দিশ।
দেৱালী হওক পোহৰৰ উৎসৱ,
নহওক প্ৰদূষণৰ কোনো পৰ্ব,
এটি এটি বন্তি জ্বলাই কওঁ
সেউজীয়া পৃথিৱী গঢ়ি তোলোঁ আহক।
ধোঁৱাহীন দেৱালী, প্ৰদূষণমুক্ত পৰিৱেশ,
এই হওক আমাৰ প্ৰতিটো উৎসৱৰ বিশেষ ।