দল-সংগঠনৰ ভূমিকা: মহান উদ্দেশ্য, হেৰুওৱা শৈক্ষিক জীৱন নে ব্যক্তিগত স্বাৰ্থৰ বজাৰ?
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
সাম্প্ৰতিক অসমৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটলৈ গভীৰভাৱে লক্ষ্য কৰিলে এটা কথা স্পষ্টহৈ ওলাই পৰে যে ৰাজ্যখনত থকা জাতি-জনগোষ্ঠী বা ভাষা-ভাষী লোকৰ সমষ্টিৰ সংখ্যাতকৈ দল-সংগঠনৰ সংখ্যাহে যেন অধিক বুলি পৰিলক্ষিত হৈছে । বেনাৰত একোটা মহান লক্ষ্য আৰু উদ্দেশ্য লৈ পঞ্জীয়ন হোৱা এই দল সংগঠনসমূহত ছাত্ৰ ছাত্ৰীৰ অৱস্থাৰ পৰাই বহু ল’ৰা ছোৱালীক অন্তৰ্ভুক্ত হোৱা দেখা যায় । কেৱল খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়েই নহয়, বৰ্তমান অসমত বসবাস কৰা অনা-অসমীয়া লোকসকলৰো নিজা নিজা দল-সংগঠন গঢ় লৈ উঠা দেখা গৈছে। কিন্তু আজিৰ তাৰিখত সচেতন মহলৰ মনত এটা ডাঙৰ প্ৰশ্নই ভুমুকি মাৰিছে যে— এই দল সংগঠনসমূহৰ উদ্দেশ্য যদি সঁচাকৈয়ে মহান, তেন্তে তেওঁলোকে আজিলৈকে সমাজৰ স্থায়ী সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হৈছে কিয়?
গণতান্ত্ৰিক ব্যৱস্থা এটাত দল-সংগঠনৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। সমাজ জীৱনৰ হৈ মাত মাতিবলৈ, চৰকাৰী অত্যাচাৰ বা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু সামাজিক ব্যাধিসমূহ দূৰ কৰিবলৈ এনে দল সংগঠনৰ প্ৰয়োজন আছে। কিন্তু বৰ্তমান সময়ত সংগঠনসমূহৰ কাৰ্যপন্থাই ৰাইজৰ মাজত বিশ্বাসযোগ্যতা হেৰুৱাবলৈ ধৰিছে। ইয়াৰ আঁৰত কেইবাটাও তিতা-কেঁহা বাস্তৱ কাৰণ স্পষ্ট হৈ পৰিছে।
প্ৰথমতে, ছাত্ৰ অৱস্থাতেই দল-সংগঠনৰ অন্তৰ্ভুক্ত হৈ সক্ৰিয় ৰাজনৈতিক দিশত প্ৰৱেশ কৰাৰ ফলত বহু ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ প্ৰতি মোহ নোহোৱা হৈ পৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ ভৱিষ্যতে একো-একোজন সুদক্ষ চিকিৎসক, অভিযন্তা, বিজ্ঞানী বা উচ্চ পদস্থ বিষয়া হ’ব পাৰিলেহেঁতেন, সেইসকলৰ বহুতেই পঢ়া বয়সত দল-সংগঠনৰ আৱেগিক আদৰ্শত মুগ্ধ হৈ নিজৰ শিক্ষাক অৱহেলা কৰে। সংগঠনক অন্ধৰ দৰে অনুসৰণ কৰি বহু মেধাৱী ছাত্ৰৰ শৈক্ষিক জীৱন ধ্বংস হোৱা দেখা গৈছে। পৰৱৰ্তী সময়ত সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰতো সফল হ’ব নোৱাৰি এক দুৰ্বিসহ জীৱন কটোৱা লোকৰ উদাহৰণ আজিৰ সমাজত অলেখ আছে।
দ্বিতীয়তে, ইয়াৰ বিপৰীতে সংগঠনৰ নামত গঢ়ি উঠা একাংশ শীৰ্ষ নেতাৰ বিলাসী জীৱনশৈলীয়ে সাধাৰণ জনতাক স্তম্ভিত কৰি তুলিছে। যিসকল নেতাই এসময়ত জাতি-মাটি-ভেটিৰ কথা কৈ ৰাজপথ কঁপাইছিল, তেওঁলোকৰ বহুতেই আজি অগাধ ধন-সম্পত্তিৰ গৰাকী হৈ দামি দামি বিলাসী গাড়ীত ঘূৰিবলৈ লৈছে আৰু সুবিশালঅট্টালিকা নিৰ্মাণ কৰিছে। একাংশই আকৌ সংগঠনক ৰাজনৈতিক জখলা হিচাপে ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত মন্ত্ৰী-বিধায়কৰ আসন দখল কৰিছে। সাধাৰণ কৰ্মীৰ ত্যাগৰ বিনিময়ত মুষ্টিমেয় নেতাই লাভ কৰা এই বিলাসিতাই সংগঠনৰ মূল উদ্দেশ্যকেই ম্লান কৰি পেলাইছে।
তৃতীয়তে, বৰ্তমান এটা জাতি বা জনগোষ্ঠীৰ ভিতৰতে একাধিক সংগঠন থকাৰ পিছতো কাৰো লগত কাৰো মিল বা একতা নাই। নেতৃত্বৰ আকাংক্ষা আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে এটা সংগঠনৰ পৰা আতৰি গৈ আন এটা নতুন সংগঠনৰ জন্ম হয়। একেটা দাবীকে লৈ পৃথকে পৃথকে আন্দোলন কৰাৰ ফলত চৰকাৰৰ ওপৰত পৰিবলগীয়া সামূহিক হেঁচা দুৰ্বল হৈ পৰে। ইয়াৰ উপৰি, প্ৰকৃত সমস্যা সমাধানৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰাতকৈ মাজে মাজে সংবাদ মাধ্যমৰ আগত শক্তি প্ৰদৰ্শন কৰাটোহে যেন সংগঠনসমূহৰ মুখ্য কাম হৈ পৰিছে।
সামৰণিত ক’ব পাৰি যে গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখি গঠন হোৱা দল-সংগঠনসমূহ তেতিয়াহে সাৰ্থক হ’ব, যেতিয়া ইয়াৰ নেতৃত্বই ব্যক্তিগত স্বাৰ্থ আৰু বিলাসিতাৰ মোহ ত্যাগ কৰি নৱপ্ৰজন্মৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ কৰিব। বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে আৰু বুকুত অসীম সাহস লৈ অন্যায়ৰ বিৰুদ্ধে থিয় হ’লেহে এই সংগঠনসমূহে সমাজৰ স্থায়ী সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ’ব। অন্যথা, এই সংগঠনসমূহ কেৱল নামসৰ্বস্ব বেনাৰ, একাংশৰ বিলাসিতাৰ মাধ্যম আৰু হাজাৰজন মেধাৱী ছাত্ৰৰ ভৱিষ্যত ধ্বংসৰ কাৰণ হৈয়ে ৰৈ যাব।
