নাটনি – বনজিত দাস

Pc StockCake

নাটনি

বনজিত দাস, ৰিহাবাৰী , বজালী

ইকাটি-সিকাটি
ইফাল আৰু সিফাল
লাহে লাহে হ’ব নেকি দুফাল
উৱলি যোৱাৰ দৰেই
যোৰা-তপালি লগাই পয়মাল ।
বেজীৰ দৰে সীয়াই
কলিজাৰ এফাল
হ’লো কঙাল
মন কৰে খঙাল
এফালে সীয়াই সিফালে দুফাল
মহা জঞ্জাল
দুৰ্ভগীয়া কপাল ।
এনেকৈয়ে নেকি পোখা মেলে
গছৰ ডাল জীৱন কৰে জীপাল
পাত সৰে পোখা মেলে
বুকুৰ এফাল ।
সময় বাগৰে সলনি হয়
গছৰ ডালত পাতে কৰে জীপাল
পাত সৰে আকৌ কুঁহি পাতে সপোন সিঁচে
জীৱন তেনেকুৱাই
এফালে ভাঙে, আনফালে গঢ়ে  ।