তোমাৰ বাবে অমূল্য উপহাৰ – এছ ইছলাম

Pc StockCake

তোমাৰ বাবে অমূল্য উপহাৰ

 এছ ইছলাম, শিক্ষক 
পশ্চিম মইনবৰী,বৰপেটা

সজাব খোজা নাই তোমাক সীতা দেৱী
বাধ্য কৰোৱা নাই অগ্নি পৰীক্ষা দিবলৈ
গভীৰ বিশ্বাস আছে তোমাৰ ওপৰত
তুমি যে ঈশ্বৰৰ সৃষ্টিৰ ৰহস্য !
সজাব খোজা নাই তোমাক দ্ৰৌপদী
তোমাক কৰিব নিদিও প্ৰিয়জনৰ
সহযোগিতা প্ৰেমৰ ভাগ-বতৰা
নাৰীৰ সতীত্ব ঈশ্বৰৰ শ্ৰেষ্ঠ উপহাৰ।
সজাব খোজা নাই তোমাক উৰ্মিলা
অবহেলিত হৈ প্ৰিয়জনৰ অপেক্ষাত
চটফটাই তোমাৰ ঈশ্বৰ প্ৰদত্ত স্বৰ্গীয়
জীৱন-যৌৱন বলিদান দিবলৈ।
নিচেই সাধাৰণ গাঁৱলীয়া মই
মৰম-চেনেহ আৰু প্ৰাপ্য সন্মানেৰে
সূলভ্য আৱৰণিত ৰাখিম তোমাক
সেয়ে হ’ব তোমাৰ বাবে অমূল্য উপহাৰ।