শৈশৱতে ধেমালিতে কল্পনা দত্ত 

Pc StockCake

শৈশৱতে ধেমালিতে

কল্পনা দত্ত 
নুনমাটি, গুৱাহাটী

মানুহৰ জীৱনৰ আটাইতকৈ নিৰ্ভেজাল আৰু সোণালী সময়ছোৱাই হৈছে শৈশৱ, য’ত কোনো কৃত্ৰিমতা নাথাকে, থাকে কেৱল নিঃস্বাৰ্থ সঁচা হাঁহি। চিন্তা-ভাৱনাহীন সেই দিনবোৰৰ আটাইতকৈ ডাঙৰ আশ্ৰয় আছিল খেল-ধেমালি। ধেমালিৰ মাজেৰেই এটি শিশুৱে জীৱনৰ প্ৰথম খোজ পেলায়।

আমাৰ সমাজত পুৰণি কালৰে পৰা চলি অহা এফাঁকি মুখৰোচক প্ৰবাদ— “শৈশৱত ধেমালি, যৌৱনত কৰ্ম , বাৰ্ধক্যত ধৰ্ম “— ই কেৱল এটা প্ৰবাদেই নহয়, ইয়াৰ আঁৰত লুকাই আছে মানৱ জীৱনৰ এক গভীৰ সত্য। শিশু অৱস্থাত খেল-ধেমালি কৰাটো কেৱল মনোৰঞ্জন নহয়, ই মন আৰু প্ৰাণৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত এক স্বাভাৱিক প্ৰক্ৰিয়া বহন কৰে।

আমাৰ শৈশৱৰ সেই দিনবোৰৰ ধেমালিবোৰৰ মাজত এটা অন্যধৰণৰ মাটিৰ সুবাস আছিল। পথাৰৰ বোকা-পানী, চোতালৰ ধূলি-বালি আৰু গছৰ ছাঁবোৰেই আছিল আমাৰ খেলাঘৰ। দুপৰীয়া ভৰ ৰ’দকো নেওচি ঘৰৰ পৰিয়ালৰ পৰা মনে মনে গৈ লগৰীয়াৰ সৈতে আম গছৰ তলত গোট খাই খেলা ঘিলা খেল, কণি-যুঁজ, চোতালত বহি কঁঠাল পাত কাঠিৰে গুঁজি টুপী সজা, কাবাদী, লুকা-ভাকু , ডাংগুটি খেলৰ মাজত যি অকৃত্ৰিম আনন্দ আছিল সেই আনন্দ শিশুৱে উপভোগ কৰিব পৰা নাই । বাঁহৰ আগলি কাটি ধেনু-কাঁড় সজোৱো,তামোল গছৰ ঢোকোৱা পাতেৰে গাড়ী চলোৱা, বৰষুণৰ পানীত কাগজৰ নাও উটুৱাই দিয়াৰ যি শিহৰণ, সেইয়া আছিল একো একোটা সৰগীয় অনুভৱ। এই খেলবোৰৰ বাবে কোনো কৃটিম বস্তুৰ প্ৰয়োজন নাছিল। কেৱল মুকলি আকাশ আৰু লগৰীয়া কেইজনমান হ’লেই সৃষ্টি হৈছিল একো একোটা উৎসৱ মুখৰ পৰিৱেশ। এই থলুৱা খেলবোৰে আমাৰ বুকুত অলক্ষিতে সিঁচি দিছিল মিলাপ্ৰীতি, সহনশীলতা, একতা আৰু বন্ধুত্বৰ গভীৰ বীজ।

কিন্তু সময়ৰ চকৰি ঘূৰিল। বৰ্তমানৰ এই যান্ত্ৰিক যুগত শৈশৱৰ সেই মুকলি হাঁহি আৰু ধেমালিবোৰ যেন ক’ৰবাত হেৰাই গ’ল ।আজিৰ শিশুসকল চাৰিবেৰৰ মাজত আবদ্ধ। চোতাল বা খেলপথাৰৰ স্থান লৈছে ভাৰ্চুৱেল জগতখনে। পথাৰৰ বোকা পানী প্ৰকৃতিৰ নিৰ্মল বতাহজাকৰ সলনি তেওঁলোক এতিয়া আৱদ্ধ হৈ পৰিছে ম’বাইল স্ক্ৰীণৰ এক সন্মোহনী মায়াজালত। আমাৰ এই পৃথিৱীখনত এচাম এনেকুৱা শিশু আছে দিনটোৰ সৰহভাগ সময় ছচিয়েল মিডিয়াৰ ৰিলছ, চুটি ভিডিঅ’ আৰু পাবজি বা ফ্ৰী ফায়াৰৰ‌ দৰে অলাগতীয়াল অনলাইন গেমৰ মাজত বুৰ গৈ তেওঁলোকে নিজৰ স্বাভাৱিক শৈশৱটো হেৰুৱাই পেলাইছে। ম’বাইলৰ এই নিচায় শিশুসকলক অকলশৰীয়া, খঙাল আৰু সমাজবিচ্ছিন্ন কৰি তুলিছে।

কংক্ৰিটৰ চহৰীকৰণে গ্ৰাস কৰি পেলাইছে বহু শৈশৱৰ প্ৰিয় খেলবোৰ। ফলস্বৰূপে, আজিৰ প্ৰজন্ম শাৰীৰিক সক্ৰিয়তা আৰু মানসিক প্ৰশান্তিৰ পৰা বঞ্চিত হৈ এক গভীৰ শূন্যতাৰ পিনে গতি কৰিছে।

খেল-ধেমালিয়ে শিশুৰ শৰীৰটো সতেজ কৰাৰ লগতে মনৰ সকলো অবসাদ দূৰ কৰে। লগৰীয়াৰ সৈতে খেলিবলৈ যাওঁতে হোৱা সৰু-সুৰা কাজিয়া আৰু পিছমুহূৰ্ততে হোৱা মিলনে শিশুক ক্ষমা কৰিবলৈ আৰু সমাজপ্ৰিয় হ’বলৈ শিকায়। শৈশৱৰ ধেমালি এতিয়া যেন ক’ৰবাত হেৰাই গ’ল, ঠিক শুকান মৰুভূমিৰ দৰে।

সেয়েহে, সময় থাকোতেই আমি সকলোৱে সচেতন হোৱাটো প্ৰয়োজন। অভিভাৱক আৰু সমাজখনে শিশুসকলক কেৱল ম’বাইলৰ নিচাত বা যান্ত্ৰিক পঢ়া-শুনাত আবদ্ধ নাৰাখি দিনটোৰ কিছু সময় মুকলি বতাহত খেলিবলৈ এৰি দিব লাগে। ধেমালিৰ মাজেৰেহে শিশু এটিৰ অন্তৰ্নিহিত প্ৰতিভা আৰু মানসিক ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে। শৈশৱৰ এই ধেমালিবোৰ ধৰি ৰাখিব নোৱাৰিলে ভৱিষ্যতে আমি এটা আৱেগহীন আৰু যান্ত্ৰিক প্ৰজন্ম লাভ কৰিম। আহক, আমি সকলোৱে মিলি আমাৰ সন্তানসকলক তেওঁলোকৰ হেৰাই যাব খোজা সঁচা শৈশৱটো ঘূৰাই দিওঁ।