ৰাজ্যত গঠন হ’ব ৬ খন নতুন পৌৰসভা

ৰাজ্যত গঠন হ’ব ৬ খন নতুন পৌৰসভা

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ প্ৰশাসনিক, শিক্ষা, কৃষি আৰু পঞ্চায়তীৰাজ ব্যৱস্থাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে । সংবাদ মেলত মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা অনুসৰি লখিমপুৰ জিলাৰ লালুক, হাৰমতী-বামুণবাৰী আৰু ঘিলামৰা, মাজুলী জিলাৰ মাজুলী, কাছাৰ জিলাৰ উদাৰবন্দ আৰু কামৰূপ জিলাৰ মির্জা-বিজয়নগৰত এই ৬খন নতুন পৌৰসভা গঠন কৰা হ’ব। উদীয়মান চহৰ আৰু নগৰাঞ্চলসমূহত নগৰ প্ৰশাসনীয় ব্যৱস্থা শক্তিশালী কৰা আৰু নাগৰিকসকলক অত্যাৱশ্যকীয় সা-সুবিধাসমূহ উন্নত মানদণ্ডেৰে প্ৰদান কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা হৈছে। এই পৌৰসভাসমূহে অনাময় ব্যৱস্থা, পথ নির্মাণ, নলা-নর্দমা আৰু বাসিন্দাসকলৰ বাবে অন্যান্য মৌলিক সা-সুবিধাকে ধৰি নাগৰিক আন্তঃগাঁথনি আৰু সেৱাসমূহ পৰিচালনাৰ দায়িত্ব পালন কৰিব। নগৰ কেন্দ্ৰলৈ বিকশিত হোৱা এই অঞ্চলসমূহৰ ক্ৰমবর্ধমান নাগৰিক প্রয়োজনীয়তাসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত পৌৰ প্ৰশাসনৰ এই সম্প্ৰসাৰণে এক আন্তঃগাঁথনি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰা হৈছে। তৃণমূল পর্যায়ৰ শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমর্মে কেবিনেটে সমগ্র অসমৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকলৰ মাহিলি পাৰিতোষিক বৃদ্ধিত অনুমোদন জনায়। সেই অনুসৰি জিলা পৰিষদৰ সভাপতিসকলৰ মাহিলি পাৰিতোষিক ১০,০০০ টকাৰ পৰা ১৫,০০০ টকালৈ আৰু উপ-সভাপতিসকলৰ পাৰিতোষিক ৭,৫০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধিকৰা হৈছে। একেদৰে জিলা পৰিষদৰ সদস্যসকলৰ পাৰিতোষিকো ৪,০০০ টকাৰ পৰা ৫,৫০০ টকালৈ বৃদ্ধিকৰা হৈছে। কেবিনেটে আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্রতিনিধিসকলৰ পাৰিতোষিক বৃদ্ধিতো অনুমোদন জনায়। আঞ্চলিক পৰিষদৰ সভাপতিৰ মাহিলি পাৰিতোষিক ৫,৭০০ টকাৰ পৰা ১০,০০০ টকালৈ, উপ-সভাপতিৰ পাৰিতোষিক ৫,০০০ টকাৰ পৰা ৭,০০০ টকালৈ আৰু সদস্যসকলৰ পাৰিতোষিক ৩,০০০ টকাৰ পৰা ৬,০০০ টকালৈ বৃদ্ধিকৰা হৈছে। আনহাতে গাঁও পঞ্চায়তৰ সভাপতিৰ পাৰিতোষিক ৫,০০০ টকাৰ পৰা ৬,৫০০ টকালৈ, উপ-সভাপতিৰ ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ আৰু সদস্যসকলৰ পাৰিতোষিক ২,০০০ টকাৰ পৰা ২,৬০০ টকালৈ বৃদ্ধিকৰা হৈছে। স্বায়ত্তশাসিত অনুষ্ঠানসমূহৰ সৈতে জড়িত এক তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক আৰু প্ৰশাসনিক সিদ্ধান্তত ৰাজ্যিক কেবিনেটে ২০২০ চনৰ মটক স্বায়ত্তশাসিত পৰিষদ আইন, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আইন আৰু মৰাণ স্বায়ত্তশাসিত পৰিষদ আইনৰ সংশোধনীত অনুমোদন জনায়। এই তিনিওখন স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদৰ নিৰ্বাচনসমূহ নির্দলীয় ভিত্তিত অনুষ্ঠিত কৰাৰ বাবে স্পষ্ট বিধিসম্মত ব্যৱস্থা প্ৰৱৰ্তন কৰাই এই সংশোধনীসমূহৰ মূল লক্ষ্য। এই উদ্দেশ্যে সংশ্লিষ্ট আইনসমূহত এক নতুন ধাৰা ৩৬ক অন্তর্ভুক্ত কৰা হ’ব। যাৰ জৰিয়তে সাধাৰণ পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ পৰিচয়বিহীনভাৱে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হয়। ইফালে, ভূমি হস্তান্তৰ নিয়মৰ অধীনত দুটা কেন্দ্ৰীয় চৰকাৰী প্ৰতিষ্ঠানলৈ চৰকাৰী ভূমি হস্তান্তৰ কৰাতো কেবিনেটে অনুমোদন জনায়। প্ৰথমটো প্ৰস্তাৱৰ অধীনত ভাৰতীয় কৃষি গবেষণা প্রতিষ্ঠান (আই এ আৰ আই) স্থাপন কৰাৰ বাবে নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদক (আই চি এ আৰ) ধেমাজি জিলাৰ গোগামুখত ১,৫৬৮ বিঘাতকৈও অধিক ভূমি আবণ্টন দিয়া হ’ব। এই কৃষি গবেষণা প্রতিষ্ঠানটোৰ স্থাপনে অঞ্চলটোত কৃষি গৱেষণা আৰু আনুষ্ঠানিক আন্তঃগাঁথনি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ভূমি হস্তান্তৰৰ আন এক সিদ্ধান্তত কেবিনেটে শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ছাইবাৰী গাঁৱৰ ৭৪ বিঘা ৪ কঠা আৰু ১০ লেচা ভূমি মিছামাৰী সামৰিক কেন্দ্ৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাত অনুমোদন জনায়। সং বাদ মেলত মুখ্যমন্ত্রী ড° শর্মাই কয় যে সেনাবাহিনীয়ে সামৰিক উদ্দেশ্যত প্ৰায়ে ভূমি বিচাৰি থাকে আৰু সেই বাবেই চৰকাৰে তেওঁলোকক এই ভূমি আবণ্টন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা মতে উচ্চ শিক্ষানুষ্ঠানসমূহক উৎকর্ষ কেন্দ্র হিচাপে গঢ়ি তুলি শিক্ষার্থী-শিক্ষক-শিক্ষয়িত্রী-প্রাক্তন শিক্ষার্থী আৰু সম্ভাব্য ষ্টার্ট আপ আবেদনকাৰীসকলৰ উদ্ভাৱনী ধাৰণাসমূহক ব্যৱহাৰোপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে কেবিনেটে উচ্চ শিক্ষা প্রতিষ্ঠানৰ বাবে উদ্ভাৱন-স্টার্ট আপ নীতি প্রণয়নত অনুমোদন জনাইছে। সেইদৰে মিছন বসুন্ধৰা ৪.০ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীসমূহক অধিক পৰিমাণৰ ভূমি আৱণ্টনৰ সুবিধাৰ্থে চহৰৰ সীমাৰ পৰা ১ কিলোমিটাৰ পৰ্যন্ত অঞ্চলকহে নগৰীয়া অঞ্চল হিচাপে শ্রেণীবদ্ধ কৰাৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনাইছে। এই সিদ্ধান্ত কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাৰ ক্ষেত্ৰত প্রযোজ্য নহ’ব। মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মেলত কয় যে কেবিনেটৰ আন এক সিদ্ধান্ত হৈছে সমগ্র অসমতে বৈচিত্র্যপূর্ণ শস্যৰ খেতিক অগ্ৰাধিকাৰ প্ৰদানৰ লক্ষ্যৰে ৭৫ শতাংশ চৰকাৰী ২,৩১৬টা কৃষি কার্যত ব্যৱহৃত যন্ত্র বিতৰণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। লগতে তেওঁ জনোৱা মতে ৰাজ্যৰ ২৩খন বিদ্যমান নগৰীয়া স্থানীয় নিকায়ৰ এলেকা সম্প্ৰসাৰণ আৰু ৱাৰ্ড সীমা পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়। এই ২৩খন পৌৰসভা হৈছে সোণাই, বদৰপুৰ, বৰপেটা, উত্তৰ লখিমপুৰ, পলাশবাৰী, ৰঙিয়া, বিশ্বনাথ চাৰিআলি, গহপুৰ, সোণাৰি, মৰাণ, পাঠশালাৰ পৰিৱৰ্তে পাটাছাৰকুছি, গোলাঘাট, সৰুপথাৰ, কামপুৰ, নলবাৰী, টিহু, শিৱসাগৰ, আমগুৰি নাজিৰা, শিমলুগুৰি, ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভা। ইয়াৰ উপৰি মুখ্যমন্ত্রী ড° শর্মাই আইনী পৰিমাপ বিজ্ঞানত স্ব-প্রামাণীকৰণ ব্যৱস্থা সম্পর্কত কেবিনেটে লোৱা সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে কম বিপদাসংকুলপূর্ণ ওজন আৰু পৰিমাপৰ ক্ষেত্ৰত স্ব-প্রমাণীকৰণ ব্যৱস্থাৰ জৰিয়তে সত্যাপণ আৰু ষ্টাম্পিঙৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে কেবিনেটে অসম (দ্বিতীয় সংশোধনী) বিধি- ২০২৬ত অনুমোদন জনাইছে। উল্লেখ্য যে  কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° শর্মাই নতুন দিল্লীৰ ভাৰত মণ্ডপমত ২৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান সন্দৰ্ভতো এক বৈঠকত মিলিত হয়। ইয়াৰ পূৰ্বে সংবাদ মেলত তেওঁ জনায় যে এই অনুষ্ঠানত ১,০০০ গৰাকী শিল্পীয়ে সুধাকণ্ঠৰ দুটা কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ ইন দ্য ছেম ব’ট ব্রাদাৰ’ সমৱেতভাৱে পৰিৱেশন কৰিব। তাৰকাখচিত এই সংগীতানুষ্ঠানত শ্রেয়া ঘোষাল, শংকৰ মহাদেৱন, কবিতা কৃষ্ণমূর্তি, কল্পনা পাটোৱাৰী, অংগৰাগ পাপন মহন্ত  , ড° এল সুব্রমণিয়াম, কৌশিকী চক্ৰৱৰ্তী, মহালক্ষ্মী আয়াৰ, ৰাহুল দেশপাণ্ডে আৰু শ্ৰীৰামচন্দ্ৰই অংশগ্ৰহণ কৰিব। আনহাতে অসমক প্রতিনিধিত্ব কৰি তৰালী শৰ্মা, মৌচুমী চহৰীয়া, শংকুৰাজ কোঁৱৰ, দীক্ষু শৰ্মা, ৰূপম ভূঞা, ময়ূখ হাজৰিকা, জুবলী বৰুৱা, নাহিদ আফ্রিন, অনিন্দিতা পল, ডাৱৰ হাজৰিকা আৰু আচুৰ্য বৰপাত্ৰগোহাঁয়ে গীত পৰিৱেশন কৰিব। ইয়াৰ উপৰি সুনীতা ভূঞা আৰু ৰূপম তালুকদাৰৰ বিশেষ বাদ্যযন্ত্ৰৰ অনুষ্ঠানো পৰিকল্পনা কৰা হৈছে।