হেলমেট নিপিন্ধিলে কেৱল ফাইন নহয়, তাতকৈ কঠোৰ আইনী সমস্যাৰ সন্মুখীন হ’ব লাগিবঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহন চলালে কেৱল ফাইন নহয়, তাতকৈ কঠোৰ আইনী সমস্যাৰ সম্মুখীন হ’ব লাগিব। প্রয়োজনত অনুজ্ঞাপত্র বা পঞ্জীয়ন বাতিল আদিৰ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি জিলা সদৰসমূহত হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ আৰোহীৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, শেহতীয়াকৈ সংঘটিত দুর্ঘটনাত হেলমেট নিপিন্ধা আৰোহীৰ মৃত্যুৰ খবৰেও উদ্বিগ্ন কৰি তুলিছে সকলোকে। কাজিৰঙাৰ ৰঙাজানত পৰিবহণ নীতি ভংগ কৰি চলাচল কৰা যাত্রীবাহী বাছৰ দুৰ্ঘটনাৰ পাছতে এনেবোৰ দিশক লৈ কঠোৰ হৈ পৰা ৰাজ্য চৰকাৰে ইতিমধ্যে পথ সুৰক্ষাক লৈ গ্ৰহণ কৰিছে ১২টাকৈ নীতি-নির্দেশনা। মুখ্যমন্ত্রী ড° শর্মাই এই নীতি-নির্দেশনাক লৈয়েই সামাজিক মাধ্যমত হেলমেট নিপিন্ধা আৰোহীক লৈ প্রতিক্রিয়া প্ৰকাশ কৰাই নহয়, এইক্ষেত্ৰত কঠোৰ আইনী স্থিতি গ্রহণৰো সকীয়নি দিছে। মুখ্যমন্ত্রীয়ে লিখিছে- হেলমেট নিপিন্ধিলে কেবল ফাইন নহয়, কঠোৰ আইনী সমস্যাৰ সন্মুখীন হ’ব লাগিব। পুলিচ চেকিং, এমভিআইৰ বাবেই হেলমেট পিন্ধাৰ মানসিকতাৰ ঊর্ধ্বত যাব লাগিব। হেলমেট পিন্ধাটো আপোনাৰ সুৰক্ষাৰ বাবেহে। আকৌ কওঁ- দুচকীয়া বাহন চলোৱাজনে তথা উঠি যোৱাজনেও হেলমেট পিন্ধাটো বাধ্যতামূলক। আপোনালোকে জানি আচৰিত হ’ব, আজি যান-বাহন আৰক্ষীৰ অভিযানত ৰাজ্যজুৰি হেলমেট নিপিন্ধা দুচকীয়া বাহন চালকৰ যি পৰিসংখ্যা লাভ কৰিছোঁ, সেয়া চিন্তাজনক। শেহতীয়া তথ্যত দেখিছোঁ, দুচকীয়া বাহন দুৰ্ঘটনাত মৃত ব্যক্তিৰ ৬০.১ শতাংশ হেলমেট পৰিধান নকৰা আৰোহী। মই ইতিমধ্যে যান-বাহন আইন বলৱৎকাৰী সংস্থাসমূহক কঠোৰ নিৰ্দেশনা প্রদান কৰিছোঁ যে যদি কোনো ব্যক্তিয়ে দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট পৰিধান নকৰে, তেন্তে পূৰ্বতকৈ কঠোৰ স্থিতি যাতে গ্রহণ কৰা হয়। এই উলংঘা অত্যধিক হ’লে অনুজ্ঞাপত্র বা পঞ্জীয়ন বাতিল আদি ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। অকণমান থ্রীল বা এড্রনেলিন ৰাশ্বৰ দৰে দুচকীয়া বা অন্য বাহন চলোৱা ব্যক্তিয়ে আইন উলংঘা নকৰিব। আজিৰ অভিযান কেৱল আৰম্ভণিহে আছিল। জনসাধাৰণৰ সুৰক্ষাৰ বাবে আমাৰ এনে ব্যৱস্থা অব্যাহত থাকিব আৰু দোহাৰিছোঁ যে মই ব্যক্তিগতভাৱে এই সকলোবোৰ নিৰীক্ষণ কৰি থাকিম। উল্লেখ্য যে পথ সুৰক্ষাৰ ১২দফীয়া নীতি কঠোৰভাৱে গ্ৰহণ কৰাৰ পাছতে ৰাজ্যজুৰি আইন উলংঘাকাৰী বাহনৰ চালকৰ বিৰুদ্ধে কালি আৰু আজি চলে ব্যাপক অভিযান। এই অভিযানত বিশেষকৈ দুচকীয়া বাহন চলোৱা বহু আৰোহীয়ে হেলমেট নিপিন্ধাটো ধৰা পৰে। মুখ্যমন্ত্ৰীৰ এনে কঠোৰ স্থিতিৰ সমান্তৰালকৈ কামৰূপ জিলা প্রশাসনে হেলমেট নিপিন্ধা আৰোহীক পেট্র’ল নিদিবলৈ পেট্র’ল পাম্পসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ইফালে স্পীড লিমিট ডিভাইচ (এছএলডি) নথকা বাহনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ অভিযান আৰম্ভ কৰিছে।
