ব্লু হিলছ ট্রেভেলছৰ স্বত্বাধিকাৰী ৰবীন দত্তৰ দেহাৱসান

ব্লু হিলছ ট্রেভেলছৰ স্বত্বাধিকাৰী ৰবীন দত্তৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত ব্যক্তিগত খণ্ডৰ পৰিবহণ সেৱাৰ বাটকটীয়া তথা ব্লু হিল ট্রেভেল্ল্ভৰ স্বত্বাধিকাৰী ৰবীন দত্ত আৰু নাই। বহু দিন ধৰি জিএনআৰচিত চিকিৎসাধীন হৈ থকাৰ পাছত মঙলবাৰে নিশা  গুৱাহাটীৰ বৰা চাৰ্ভিছৰ নিজ বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২২ জুলাইত জন্মগ্ৰহণ কৰিছিল দত্তই। উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবহণ খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰবীন দত্তৰ ভূমিকা আছিল অপৰিসীম। উত্তৰ-পূব ভাৰতত ‘নাইট চুপাৰ’ বাছ সেৱাৰ প্ৰৱৰ্তন আৰু প্ৰসাৰৰ মূল কাণ্ডাৰী আছিল তেওঁ।  ১৯৭৯ চনত গুৱাহাটীত প্রতিষ্ঠা হোৱা ব্লু-হিল ট্রেভেলছ (ইণ্ডিয়া) লিমিটেডৰ প্রতিষ্ঠাপক তথা স্বত্বাধিকাৰী হিচাপে এইগৰাকী উদ্যোগীয়ে দেখুওৱা দৃঢ়তা আৰু দায়বদ্ধতাৰ ফলতে অসমৰ পৰিবহণ ব্যৱস্থাই এক বিশেষ মাত্রা লাভ কৰিছিল। ব্যৱসায়ৰ লগতে শিল্প, সংগীত, চিনেমা, সাংস্কৃতিক বিকাশৰ সৈতে জড়িত থকা ৰবীন দত্তই ‘৮০ৰ দশকৰ আৰম্ভণিৰ পৰাই তেওঁ সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰচাৰৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলক অসমলৈ অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ একান্ত প্রচেষ্টাৰ বাবে লতা মংগেশকাৰ, গোলাম আলীৰ দৰে কিংবদন্তি শিল্পীৰ সৈতে অসমৰ ৰাইজৰ পৰিচয় হৈছিল। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবে তেওঁ সংগীতৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যক আগুৱাই নিয়াত বিশেষ ভূমিকা লৈছিল। এইজন উদ্যোগীৰ মৃত্যুত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে ৰবীন দত্তৰ বিয়োগ অসমৰ উদ্যোগ আৰু পৰিবহণ খণ্ডৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে লিখিছে- বাছ পৰিবহণ সেৱা ব্যৱহাৰ কৰাসকলৰ বাবে ‘ব্লু হিলছ ট্রেভেলছ’ এটি চিনাকি নাম। ইয়াৰ আঁৰত সমাহিত হৈ আছে এগৰাকী ব্যক্তিৰ দূৰদর্শিতা আৰু যুগান্তকাৰী চিন্তাৰ ফচল। তেঁৱেই ৰবীন দত্ত ডাঙৰীয়া। ‘ব্লু-হিল ট্ৰেভেলছ’ৰ প্ৰতিষ্ঠাতা ৰবীন দত্ত ডাঙৰীয়াৰ বিয়োগ অসমৰ উদ্যোগ তথা পৰিবহণ খণ্ডৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৭৯ চনত এখন পুৰণি বেডফৰ্ড ট্ৰাকেৰে আৰম্ভ হোৱা তেখেতৰ যাত্ৰাই পৰৱৰ্তী সময়ত এক বৃহৎ উদ্যোগৰ ৰূপ লাভ কৰিছিল। অদম্য ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু ব্যৱসায়িক দূৰদৰ্শিতাৰে তেওঁ ‘ব্লু-হিল ট্ৰেভেলছ’ক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী যাত্ৰীবাহী পৰিবহণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছিল। তেখেতৰ এই উদ্যোগে কেৱল এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণতে অৰিহণা যোগোৱা নাছিল, বৰঞ্চ অঞ্চলটোৰ বিভিন্ন চহৰ-নগৰ আৰু জনসাধাৰণৰ মাজত যাতায়াত আৰু যোগাযোগৰ এক শক্তিশালী সংযোগসূত্ৰও গঢ়ি তুলিছিল। শূন্যৰ পৰা আৰম্ভ কৰি নিজৰ অধ্যৱসায় আৰু সাহসেৰে এক সফল উদ্যোগ গঢ়ি তোলা দত্ত ডাঙৰীয়াৰ জীৱনযাত্ৰা প্রতিটো প্ৰজন্মৰ উদ্যোগীসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব। চিৰস্মৰণীয় হৈ থাকিব তেখেতৰ অমূল্য অৱদান। তেখেতৰ বিয়োগত শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু ‘ব্লু-হিল ট্ৰেভেলছ’ৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।