জুবিনক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি অনুমোদন চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসী তথা অনুৰাগীসকলে বুধবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছে । শিল্পীগৰাকীৰ অনুপস্থিতিত সকলোৱে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পীগৰাকীৰ গীত গাই এই জন্মদিন উদযাপন কৰিছে । তাৰ মাজতে শিল্পী জুবিন গাৰ্গৰ ওপজা দিনটোতেই ৰাজ্য চৰকাৰে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোণাপুৰৰ জুবিনক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে প্রয়োজনীয় পুঁজিত আনুষ্ঠানিকভাবে অনুমোদন জনায়। এই প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা মঞ্জুৰ কৰা হৈছে। প্রথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে বিভাগীয়ভাৱে দ্বিতীয় পৰ্যায়ৰ কামৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব। শিল্পীগৰাকীৰ জন্মদিনৰ শুভক্ষণত এই কথা ঘোষণা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্ৰজন্মৰ পাছত প্ৰজন্মই জুবিনক্ষেত্ৰৰ মাজেৰে জুবিনক অনুভৱ কৰিব, তেওঁৰ সৃষ্টিৰাজিৰ সৈতে চিনাকি হ’ব আৰু সেই সৃষ্টিৰ সুবাস বুকুত সামৰি আগুৱাই যাব। মুখ্যমন্ত্রীয়ে লিখিছে- নিজৰ সুৰ, কণ্ঠ, হৃদয়স্পর্শী সৃষ্টি, ব্যক্তিত্বৰে লাখ লাখ পৰিয়ালৰ আপোন এজন হৈ পৰা আমাৰ জুবিন। জুবিন আমাৰ মাজত আছে, আমাৰ কাষতেই আছে। জুবিনৰ প্ৰতি অসমৰ অকৃত্ৰিম মৰম, ভালপোৱা আৰু আৱেগ প্রতিধ্বনিত হৈ থাকিব আমাৰ প্ৰতিটো প্ৰান্তত, প্ৰতিটো প্ৰজন্মৰ হৃদয়ত। উল্লেখ্য যে জুবিনক্ষেত্ৰৰ বাবে পুঁজি অনুমোদনৰ এই পদক্ষেপৰ লগে লগে সোণাপুৰৰ ‘জুবিনক্ষেত্ৰ’ৰ নিৰ্মাণকাৰ্য বাস্তৱায়িত হোৱাৰ দিশত আৰু এখোজ আগুৱাই গ’ল। উল্লেখ্য যে প্রকল্পটোৰ নিৰ্মাণকাৰ্যৰ সৈতে জড়িত মাটি সংক্রান্তীয় বিষয়টো অসম চৰকাৰে ইতিমধ্যে নিষ্পত্তি কৰিছে। যিগৰাকী ব্যক্তিৰ মাটি প্ৰস্তাৱিত ক্ষেত্ৰখনৰ অংশ আছিল, সেই ব্যক্তিগৰাকীক মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত অসম কেবিনেটে অন্য ঠাইত ইতিমধ্যে বিকল্প হিচাপে দুই বিঘা মাটি আবণ্টন দিছে। ইতিমধ্যে জুবিনক্ষেত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়েও ইতিমধ্যে প্রকল্পটোৰ ‘ব্লু-প্রিন্ট’ বা খচৰা চৰকাৰক দাখিল কৰিছে। অনুমোদন লাভৰ পাছত ইয়াৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে শিল্পীগৰাকীৰ নামত উছর্গিত এই বৃহৎ প্রকল্পটোৰ নিৰ্মাণৰ পথ প্রশস্ত হ’ব। অসমীয়া সংগীত, সংস্কৃতি আৰু কলাৰ জগতখনলৈ শিল্পী জুবিন গার্গে আগবঢ়োৱা অনবদ্য অৱদানৰ প্ৰতি গভীৰ সন্মান জনাই এখন সর্বাংগসুন্দৰ ‘জুবিনক্ষেত্র’ গঢ়ি তোলাটোৱেই হৈছে এই প্ৰকল্পৰ মূল লক্ষ্য। এই ক্ষেত্রখন অনাগত দিনত শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰ এক চিৰযুগমীয়া স্মৃতিস্থল হিচাপে পৰিগণিত হ’ব।
