অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পাৰুল বৰাৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পাৰুল বৰাৰ দেহাৱসান

বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ শোক প্ৰকাশ

বিহমাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বনাথ জিলাৰ বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত জিনজিয়াৰ বিষ্ণু ৰাভা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পাৰুল বৰাই যোৱা ১৮ নৱেম্বৰ, ২০২৬ তাৰিখে নিশা গুৱাহাটীত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৭ বছৰ। তেখেত হৃদৰোগত ভুগি আছিল আৰু চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেখেতক বচাব নোৱাৰিলে। তেখেতে শিক্ষকতা জীৱনত কাঠনিবাৰী প্ৰাথমিক বিদ্যালয় আৰু শ’লমাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰি জিনজিয়া প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পিছত বিষ্ণু ৰাভা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০২০ চনৰ ১ জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰে। তেখেত এগৰাকী নিষ্ঠাৱান, সমাজহিতৈষী আৰু সুবক্তা আছিল। এগৰাকী সফল শিক্ষয়িত্ৰী আৰু সৰবৰহী মহিলা হিচাপে তেখেত সকলোৰে প্ৰিয় আছিল আৰু তেখেতৰ মৃত্যু শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি সচেতন মহলে প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেখেতে স্বামী, দুগৰাকী কন্যা, নাতি-নাতিনী আৰু বহু গুণমুগ্ধক এৰি থৈ যায়। তেখেতৰ মৃত্যুত, প্ৰাক্তন সৰ্বভাৰতীয় সদস্য তথা বৰ্তমানৰ বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৰেশ বৰা আৰু সম্পাদক প্ৰেম বৈষ্ণৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।