জেনেৰেশ্বন গেপ : প্ৰভেদ বয়স নে সময়ৰ – প্ৰদীপ দাস

Pc StockCake

জেনেৰেশ্বন গেপ : প্ৰভেদ বয়স নে সময়ৰ

প্ৰদীপ দাস
তিতাবৰ, যোৰহাট

ধৰাহওক সময় আৰু সমাজখন এশ বছৰ ধৰি একে ঠাইতে স্থৱিৰ হৈ আছে, কোনো নতুন চিন্তা বা নতুন প্ৰযুক্তিৰ জন্ম হোৱা নাই, তেনে পৰিপ্ৰেক্ষিতত এজন ষাঠী-সত্তৰ বছৰীয়া ব্যক্তি আৰু এজন বিশ বছৰীয়া যুৱকৰ মাজত বোধহয় কোনো ডাঙৰ বৈচাৰিক সংঘাত নহ’লহেঁতেন। কাৰণ বয়সস্থজনে নিজৰ যুৱক কালত যি দেখিছিল, যুৱকজনেও তাকেই দেখিলেহেঁতেন। কিন্তু বাস্তৱ এনে নহয়। সময়ে নতুন চিন্তা আৰু নতুন আহিলা লৈ আহে। যি সময়ত যি বস্তুৰ উদ্ভাৱন হয় সেই সময়ৰ লোকে তাক সহজে আঁকোৱালি লোৱাৰ বিপৰীতে পুৰণি লোকসকলে তাক‌ গ্ৰহণ কৰাত অলপ সময় লয় বা বহু সময়ত প্ৰত্যাহ্বানৰ‌ সন্মুখীন হ’ব লগা হয়।

পৰিৱৰ্তন মানৱ সমাজৰ এক চিৰন্তন আৰু স্বাভাৱিক প্ৰক্ৰিয়া। পৰিৱৰ্তনৰ সোঁতত পৰিৱেশ যিদৰে সলনি হয়, সেইদৰে মানুহৰ চিন্তা-চেতনা, আচাৰ-ব্যৱহাৰ আৰু জীৱনশৈলীৰো পৰিৱৰ্তন ঘটে। এই ক্ৰমবিৱৰ্তনৰ এক অংশ‌ হৈছে ‘জেনেৰেশ্বন গেপ’ বা ‘প্ৰজন্মৰ ব্যৱধান’। সাধাৰণ অৰ্থত‌ এক নিৰ্দিষ্ট বয়সৰ ব্যৱধান থকা দুটা প্ৰজন্মৰ মাজত চিন্তা-চৰ্চা, মতাদৰ্শ, মূল্যবোধ আৰু জীৱনশৈলীৰ যি অমিল দেখা যায় তাকেই প্ৰজন্মৰ ব্যৱধান বুলিব পাৰি। প্ৰশ্ন হয়— এই ব্যৱধান প্ৰকৃততে বয়সৰ নে সময়ৰ? বৰ্তমান সময়ত সমাজ আৰু পৰিয়ালসমূহত ‘জেনেৰেশ্বন গেপ’ এক ডাঙৰ চৰ্চাৰ বিষয় হৈ পৰিছে। সমাজবিজ্ঞানী আৰু মনোবিজ্ঞানীসকলৰ গভীৰ বিশ্লেষণ‌ক পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ই কেৱল বয়সৰ পাৰ্থক্য নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে দ্ৰুতগতিত সলনি হোৱা সময় আৰু প্ৰযুক্তিৰ প্ৰভাৱ।

প্ৰজন্মৰ ব্যৱধানৰ এটা দিশ নিশ্চিতভাৱে বয়সৰ সৈতে জড়িত। এজন কম বয়সীয়া যুৱক আৰু এজন বয়োবৃদ্ধ ব্যক্তিৰ জীৱনক চোৱাৰ দৃষ্টিভংগী কেতিয়াও একে হ’ব নোৱাৰে। বয়সস্থসকলৰ থাকে দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু পৰিপক্কতা। তেওঁলোকে জীৱনক সুৰক্ষিত আৰু নীতিগতভাৱে চলাব বিচাৰে। আনহাতে তৰুণ প্ৰজন্মৰ থাকে নতুনক আকোৱালি লোৱাৰ উৎসাহ, ৰিস্ক ল’ব পৰা ক্ষমতা আৰু স্বতন্ত্ৰতাৰ আকাংক্ষা। বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ চিন্তা-ভাৱনাত এক স্থিৰতা আহে, যিটো নতুন প্ৰজন্মৰ চঞ্চল আৰু গতিশীল মনটোৰ সৈতে বহু সময়ত খাপ নাখায়। বয়সস্থসকলে সাধাৰণতে নিজৰ পুৰণি বিশ্বাস আৰু অভ্যাসতে জীৱনটো অতিবাহিত কৰিবলৈ ভাল পায়। দ্ৰুত পৰিবৰ্তনক গ্ৰহণ কৰিবলৈ তেওঁলোকক সময়ৰ প্রয়োজন হয়। কিন্তু যুৱ প্ৰজন্ম সদায় গতিশীল। তেওঁলোকে পুৰণি নিয়মক প্ৰশ্ন কৰে আৰু নতুন পথৰ সন্ধান কৰে। এই সাময়িক আৰু মানসিক পাৰ্থক্যই প্ৰজন্মৰ ব্যৱধান গঢ়ি তোলে।

যদিও বয়সক এই ব্যৱধানৰ বাবে জগৰীয়া কৰা হয়, প্ৰকৃততে ইয়াৰ মূল চালিকা শক্তি হৈছে ‘সময়’। সমাজ এখন কেতিয়াও একে ঠাইতে থমকি ৰৈ নাথাকে। প্ৰতিটো দশকতে সমাজৰ অৰ্থনীতি, সংস্কৃতি আৰু চিন্তাধাৰাৰ পৰিৱৰ্তন হয়। এজন ব্যক্তিয়ে তেওঁৰ শৈশৱ আৰু কৈশোৰ কালত যি সামাজিক পৰিৱেশ পায়, তেওঁৰ সমগ্ৰ মানসিকতা তাৰ ওপৰতে গঢ়ি উঠে। আজিৰ পৰা ত্ৰিশ বা চল্লিশ বছৰ আগৰ সময় আৰু বৰ্তমান সময়ৰ মাজত আকাশ-পাতাল প্ৰভেদ পৰিলক্ষিত হয়। অতীতত যৌথ পৰিয়াল, সামাজিক একতা, আৰু ত্যাগক যিমান গুৰুত্ব দিয়া হৈছিল, বৰ্তমান সময়ত ব্যক্তিস্বাতন্ত্ৰ্যবাদ, ব্যক্তিগত স্বাধীনতা আৰু কেৰিয়াৰক অধিক প্ৰাধান্য দিয়া হয়। পুৰণি প্ৰজন্মই যিটো সময়ত ডাঙৰ হৈছিল তাত সমাজৰ সিদ্ধান্তই শেষ সিদ্ধান্ত আছিল। কিন্তু বৰ্তমান সময়ত নিজৰ সিদ্ধান্ত নিজে লোৱাটো যুৱ প্ৰজন্মৰ এক অধিকাৰ হিচাপে গণ্য কৰা হয়। এয়া কেৱল বয়সৰ দোষ নহয়, বৰঞ্চ সময়ৰ দাবী বুলিব পাৰি। সাম্প্ৰতিক সময়ত গোলকীকৰণৰ (Globalization) ফলত সমগ্ৰ বিশ্বই এখন গোলকীয় গাঁৱলৈ (Global Village) ৰূপান্তৰিত হৈছে। পশ্চিমীয়া সংস্কৃতি, খাদ্যভাস, আৰু সাজ-পোছাকে আজিৰ প্ৰজন্মক তীব্ৰভাৱে প্ৰভাৱিত কৰিছে। পুৰণি প্ৰজন্মই নিজৰ থলুৱা সংস্কৃতিক ধৰি ৰাখিব বিচৰাৰ বিপৰীতে নতুন প্ৰজন্মই বিশ্বজনীন সংস্কৃতিক আকোৱালি ল’ব বিচাৰে। এই বৈচিত্ৰ্যই সময়ৰ সোঁতত দুটা প্ৰজন্মৰ মাজত মানসিক দূৰত্ব বঢ়াই তোলে। সময়ৰ দ্ৰুত পৰিৱৰ্তনশীলতা আৰু তাৰ আৱৰ্তত পৰিবৰ্তিত পৰিৱেশৰ বাবে বিভিন্ন বয়সৰ মানুহৰ মাজত গঢ়ি উঠা এই ব্যৱধানক এক মানসিক আৰু সাংস্কৃতিক ব্যৱধান বুলিব পাৰি।

প্ৰজন্মৰ ব্যৱধানক ‘সময়ৰ ব্যৱধান’ বুলি প্ৰমাণ কৰাৰ আটাইতকৈ ডাঙৰ কাৰকটো হৈছে তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশ। বিগত কুৰি বছৰত প্ৰযুক্তিৰ ক্ষেত্ৰত যি বিপ্লৱ ঘটিল, সি মানুহৰ জীৱন সম্পূৰ্ণ সলাই পেলালে। আজিৰ নতুন প্ৰজন্মক ‘ডিজিটেল নেটিভ’ (Digital Natives) বুলি কোৱা হয়, কাৰণ তেওঁলোকে স্মাৰ্টফোন, ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ মাজতেই জন্ম লৈছে আৰু ডাঙৰ হৈছে। তেওঁলোকৰ বাবে অনলাইন শিক্ষা, এআই (AI), অনলাইন শ্বপিং বা বিশ্বৰ যিকোনো প্ৰান্তৰ মানুহৰ সৈতে চেকেণ্ডৰ ভিতৰত যোগাযোগ কৰাটো তেনেই স্বাভাৱিক। আনহাতে তেওঁলোকৰ পিতৃ-মাতৃ বা ককা-আইতাহঁত হৈছে ‘ডিজিটেল ইমিগ্ৰেণ্ট’ (Digital Immigrants), যিসকলে জীৱনৰ আধা বয়স পাৰ কৰাৰ পিছত এই প্ৰযুক্তিবোৰ শিকিবলগীয়া হৈছে। পুৰণি প্ৰজন্মই মুখামুখিকৈ কথা পাতি বা চিঠি লিখি মনৰ ভাব প্ৰকাশ কৰিছিল। বৰ্তমানৰ প্ৰজন্মই ইম’জি, চুটি মেছেজ বা ইনষ্টাগ্ৰাম ৰিলছৰ জৰিয়তে যোগাযোগ কৰে। এই প্ৰযুক্তিগত পাৰ্থক্যই এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে য’ত একেটা ঘৰতে থাকিও পিতৃ-মাতৃ আৰু সন্তানে ইজনে সিজনৰ আৱেগ‌ অথবা অনুভূতি বুজি পোৱাত অসুবিধা পায়। এয়া সময়ৰ পৰিৱৰ্তনৰ ফল।

বৰ্তমান সমাজ আৰু পৰিয়ালসমূহত প্ৰজন্মৰ ব্যৱধানৰ ফলত কেটবোৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ দেখা যায়।

পাৰিবাৰিক সংঘাত, যেনে— কৰ্মজীৱন বাছনি, সাজ-পোছাক, বিয়া-বাৰু আদিৰ ক্ষেত্ৰত পিতৃ-মাতৃ আৰু সন্তানৰ মাজত মতানৈক্য ঘটে, যিয়ে পৰিয়ালৰ শান্তি ভংগ কৰে। বহু সময়ত বয়সস্থসকলে অনুভৱ কৰে যে নতুন প্ৰজন্মই তেওঁলোকক গুৰুত্ব নিদিয়ে। আনহাতে যুৱ প্ৰজন্মই ভাবে যে তেওঁলোকক কোনেও বুজি নাপায়। ইয়াৰ ফলত দুয়ো পক্ষৰে মাজত অকলশৰীয়া (Loneliness) ভাৱ বাঢ়ি যায়। অন্যহাতে পুৰণি প্ৰজন্মই প্ৰায়ে নতুন প্ৰজন্মক সংস্কাৰহীন বুলি ভাবাৰ বিপৰীতে নতুন প্ৰজন্মই পুৰণি চিন্তাক পুৰণি-কলীয়া বা অন্ধবিশ্বাস বুলি জ্ঞান কৰাৰ ফলশ্ৰুতিত মূল্যবোধৰ অৱক্ষয় হোৱাৰ লগতে ব্যৱধান বাঢ়ি যোৱা দেখা যায়।

প্ৰজন্মৰ এই ব্যৱধান সম্পূৰ্ণৰূপে নাইকিয়া কৰা সম্ভৱ নহয় যদিও এই ব্যৱধানে যাতে সম্পৰ্কবোৰ ভাঙি পেলাব নোৱাৰে, তাৰ বাবে কিছুমান পদক্ষেপ ল’ব পৰা যায়। মুক্ত যোগাযোগ (Open Communication) ব্যৱস্থা অৰ্থাৎ পৰিয়ালৰ ভিতৰত মুক্তভাৱে কথা পতাৰ পৰিৱেশ থাকিব লাগে। পিতৃ-মাতৃয়ে সন্তানক এজন বন্ধুৰ দৰে বুজিবলৈ চেষ্টা কৰিব লাগে আৰু সন্তানেও পিতৃ-মাতৃৰ অভিজ্ঞতাক শ্ৰদ্ধা কৰিব লাগে। দুয়োটা প্ৰজন্মই ইজনে সিজনৰ স্থানত নিজকে ৰাখি কথাবোৰ চিন্তা কৰা উচিত। পুৰণি প্ৰজন্মই বুজিব লাগিব যে বৰ্তমানৰ প্ৰতিযোগিতামূলক সময় তেওঁলোকৰ সময়তকৈ পৃথক। ঠিক তেনেদৰে তৰুণ প্ৰজন্মই বুজিব লাগিব যে পিতৃ-মাতৃৰ শাসনৰ আঁৰত মৰম আৰু সুৰক্ষাহে লুকাই থাকে। নতুন প্ৰজন্মই বয়সস্থসকলক নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাত সহায় কৰিব পাৰে আৰু বয়সস্থসকলে জীৱনৰ জটিল পৰিস্থিতি কেনেকৈ চম্ভালিব লাগে তাৰ শিক্ষা নতুন প্ৰজন্মক দিব পাৰে।

প্ৰজন্মৰ ব্যৱধান এখন সমাজৰ গতিশীলতাৰ লক্ষণ। ইয়াক এক সংঘাত হিচাপে লৈ দূৰত্ব বঢ়াই তোলাতকৈ দুয়োটা প্ৰজন্মই ইজনে সিজনক বুজিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। পুৰণি প্ৰজন্মৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ আধুনিক জ্ঞান— এই দুয়োৰে সংমিশ্ৰণতহে এখন সুস্থ সমাজ গঢ়ি উঠিব পাৰে। বয়স আৰু সময়ৰ এই ব্যৱধানক দুয়োটা প্ৰজন্মই পাৰস্পৰিক শ্ৰদ্ধা আৰু মুক্ত যোগাযোগৰ মাধ্যমেৰে অতিক্ৰম কৰিবলৈ চেষ্টা কৰিলে সংঘাতবোৰ নাইকিয়া হ’ব বুলি আশা কৰিব পাৰি।