এনকাউণ্টাৰ – ইভা গন্ধীয়া ফুকন

Pc India Today

গাৰ নোম শিয়ৰি উঠা ঘটনাই শিৰোনাম দখল কৰিছে

এনকাউণ্টাৰ

ইভা গন্ধীয়া ফুকন

সাম্প্ৰতিক সময়ত সততে শুনা পোৱা যায় জঘন্য অপৰাধৰ ঘটনা। যিবোৰ ঘটনা শুনিলে গাৰ নোম শিয়ৰি উঠিছিল, এতিয়া সেইবোৰ ঘটনা যেন সহজ হৈ পৰিছে। সিদিনা বিখ্যাত ভৰালি পৰিয়ালৰ ৫জন সদস্যক গুলীয়াই হত্যা, হত্যাকাৰী ঘনকান্তই নিজৰ পিষ্টলেৰে গুলীয়াই হত্যা কৰা ঘটনা অতি নিন্দনীয়। ব্যৱসায়িক লেনদেন বা অন্য যিয়ে নহওক কিয় এনে ঘটনা সংগঠিত হোৱাটো অতি দুখজনক, অক্ষমণীয়।হত্যাকাৰীয়ে পিষ্টল মাৰণাস্ত্ৰ লৈ ঘূৰি ফুৰিব পাৰে। আমাৰ পুলিচ প্ৰশাসন ব্যৰ্থ হৈছে নেকি আইন শৃংখলা বৰ্তাই ৰখাত।  আজি শুনা পালো ঘনকান্তক শিৱসাগৰলৈ আনি থাকোতে পুলিচৰ লগত হতাহতি হৈ এনকাউণ্টাৰ । ঘাতক ঘনকান্তৰ মৃত্যু।

দেশ কঁপাই যোৱা ঝাৰখণ্ডৰ এটা জঘন্য কাণ্ড পুলিচ থানাত। স্বামীৰ বিৰুদ্ধে গোচৰ দিয়া পুলিচ থানাত পুলিচৰ দলবদ্ধ ধৰ্ষণৰ বলি হোৱাটো অতিব নিন্দনীয়  আৰু গৰিহণাৰ। ৰক্ষকে যদি ভক্ষক হয়। জনসাধাৰণে কাৰ ওপৰত ভৰসা কৰিব। নিজৰ নিৰাপত্তা সুৰক্ষা কেনেকৈ ৰক্ষা কৰিব। বিশেষকৈ নাৰী সমাজে। ধৰ্ষণকাৰী পুলিচ কেইজনৰ কি বিচাৰ হ’ব  , এই কথা লক্ষণীয় হৈ ৰ’ব।

অপল দিনৰ আগৰ ৰামানুজ বোলা জনে পত্নীৰ মূৰ কাটি ফ্ৰীজত ভৰাই থোৱা ঘটনা নিশ্চয় পাহৰা নাই । ইমান নৃশংস হত্যা। বোৱাৰী গৰাকী বোলে চুগাৰ ডেডিৰ লগত সম্পৰ্ক । সেই কথা কিমানদূৰ সত্য সেয়া প্ৰমাণ হ’বলৈ নাপাওঁতেই দুয়ো ইহ সংসাৰ এৰিব লগা হ’ল। হত্যাকাৰী পুলিচ এনকাউণ্টাৰত মৃত্যু হ’ল। কিয় এনকাউণ্টাৰ হ’ল সেইয়াও ৰহস্য হৈ থাকিল।

তাৰ আগতে এগৰাকী হোমষ্টেত মৃ্ত্যু হোৱা গাভৰু ।  গাভৰু গৰাকীক বোলে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল। হত্যাকাৰীৰ পুলিচ এনকাউণ্টাৰ হ’ল।  সেইয়াও ৰস্যৰ আৱৰ্তত। এনে ধৰণৰ বহু ঘটনা সংঘটিত হৈয়ে আছে তাৰে ভিতৰত কিছুমান পোহৰলৈ আহে আৰু কিছুমান উহ্য হৈয়ে থাকে।

চাৰিওফালে ঠগ – প্ৰৱঞ্চনা ,মৰাক মাৰি খোৱা দিন। সহনশীলতা ,সহানুভূতিৰ অভাৱ। আত্মকেন্দ্ৰিকতা বিৰাজমান। চোৰ, ডকাইত, লুণ্ঠন, ধৰ্ষণ ইমান অৰাজক পৰিস্থিতি। কোনো পিতৃ – মাতৃয়ে নিজৰ সন্তানক হত্যাকাৰী হ’বলৈ শিক্ষা নিদিয়ে।  তেন্তে কিয় এই জঘন্য হত্যাকাণ্ড ।   দেৱী পূজা কৰো কিন্তু নাৰীক দেৱী তুল্য সন্মান দিব জনা নাই । নগ্নতাৰ প্ৰয়োভৰ ,ইয়াৰ বাবে দায়ী কোন নাৰী সমাজ নে পুৰুষ সমাজ নে সমাজব্যৱস্থা  ? চৰকাৰে ড্ৰাগছ ,ভাং,সুৰা এইবোৰৰ সৰবৰাহ ৰোধ কৰিব পৰা নাই। যদিও কঠোৰ স্থিতি অৱলম্বন কৰিছে তথাপি মাজত সুৰুঙা ৰৈ গৈছে। এই বিলাকৰ পৰা অধিক জঘন্য অপৰাধ হ’ব ধৰিছে।

অপৰাধীৰ এনকাউণ্টাৰ এটা প্ৰশ্নবোধক? এনকাউণ্টাৰে অপৰাধ, সমস্যা সমাধান কৰিবনে ?