হাঁহি বাৰু ক্ষন্তেকৰ
মাম্পী দাস (চান্দিনী)
ৰাণীপুখুৰী, ভালুকমাৰী, হোজাই
হাঁহি বাৰু ক্ষন্তেকৰ
অশান্তিয়ে কিয় বাৰু আগুৰি ধৰে ?
দুখবোৰ যেন চিৰন্তন সঙ্গী
তথাপিও আনন্দ কেনেবাকৈ ঘুৰি আহে
মুখতে উজলি উঠি হৃদয়ত সাজে ।
সুখৰ আশা নকৰিবা অ
পিছে ভাল থকাৰ বাট বিচাৰি লোৱা
বাস্তৱ মানিবলৈ সাজু হৈ যোৱা
দুখ বুলি নাকান্দিবা !
সুখৰ ছা আছে
জীৱনৰ প্ৰতি ক্ষন্তেকৰ ক্ষণে।
কৰ্ম কৰিও যদি নোপোৱা ফল
নিৰাশ হৈ নাযাব
সেই বুলি কৰ্ম নকৰোঁ
সেয়াই হ’ব ভুল সিদ্ধান্ত
চেষ্টা বিফলে নেযায়
কৰ্ম কৰি যোৱা
ফল আহিবলৈ হ’ব বাধ্য।
