দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন
বিহমাৰী, অৰুণা ধৰ বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ মৰাণ গাঁও প্ৰাথমিক বিদ্যালয়ত যোৱা ১৪ নৱেম্বৰ তাৰিখে উলহ-মালহেৰে শিশু দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে। ইয়াৰ পিছত বিদ্যালয়ৰ প্ৰধান সচিব থানেশ্বৰী কুৰ্মী গঞ্জুয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে। প্ৰধান সচিবৰ আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানত চি.আৰ.চি.চি. মিহিৰ চৌধুৰী উপস্থিত থাকে। বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী জাহেৰা খাতুনে তেখেতক ফুলাম গামোচাৰে আদৰণি জনায়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি, গান আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কৃত কৰা হয়। সভাত বক্তাসকলে শিশুসকলেই দেশৰ ভৱিষ্যৎ বুলি উল্লেখ কৰি শিশুৰ সৰ্বাংগীণ বিকাশৰ বাবে মৰম, যত্ন আৰু সঠিক পথ প্ৰদৰ্শনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই অনুষ্ঠানত বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী পল্লৱী মিশ্ৰৰ লগতে বহুকেইজন অভিভাৱকো উপস্থিত থাকে।
