পকেটৰ গধুৰতা আৰু হৃদয়ৰ শূন্যতা: আধুনিক সমাজৰ এক কৰুণ দলিল – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

পকেটৰ গধুৰতা আৰু হৃদয়ৰ শূন্যতা: আধুনিক সমাজৰ এক কৰুণ দলিল

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

যিখন পৃথিৱীত আমি উশাহ লৈ আছোঁ, সেইখন ক্ৰমান্বয়ে ইমান অচিনাকী আৰু নিৰ্দয় হৈ পৰিছে যে কেতিয়াবা নিজৰ ছাঁটোৰ লগতো কথা পাতিবলৈ ভয় লাগে। জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ যি সুদীৰ্ঘ যাত্ৰা, তাত চাগে আজিৰ তাৰিখত আটাইতকৈ সস্তীয়া আৰু মূল্যহীন বস্তু বুলি ক’লে মানুহৰ তেজ-মাংসৰ শৰীৰ আৰু তাৰ মাজত থকা স্পন্দনশীল হৃদয়খনকে বুজিব লাগিব। কাৰণ, আজিৰ সমাজে মানুহক মানুহ হিচাপে জুখি চাবলৈ পাহৰি পেলাইছে। মানুহৰ মূল্য এতিয়া নিৰ্ধাৰণ হয় তেওঁৰ পকেটৰ গধুৰতাৰে, তেওঁৰ হাতৰ আঙুলিত জিলিকি থকা সোণৰ আঙুঠিটোৰে অথবা তেওঁ ব্যৱহাৰ কৰা গাড়ীখনৰ ব্ৰেণ্ডটোৰে। কি এক অদ্ভুত আৰু ক্ৰুৰ সময়ৰ সোঁতত আমি উটি গৈছোঁ, য’ত এজন মানুহৰ হেজাৰ গুণ, হেজাৰ প্ৰতিভা আৰু নিৰ্ভেজাল চৰিত্ৰ থকাৰ পিছতো তেওঁ সমাজৰ বাবে কেৱল এজন এলাগী আৰু অনাৱশ্যক ব্যক্তি। তেওঁৰ জ্ঞানৰ গভীৰতা বা হৃদয়ৰ বিশালতা থকা সত্ত্বেও সমাজে তেওঁক স্থান দিয়ে আটাইতকৈ অন্ধকাৰ চুকটোত, কাৰণ তেওঁৰ ভাগ্যত আৰু হাতত ‘টকা’ নামৰ সেই যাদুকৰী বস্তুটো নাই।

অথচ, ঠিক ইয়াৰ বিপৰীতে সমাজৰ চকু ছাট মাৰি ধৰা পোহৰজাকলৈ চালে দেখা যায় এক বিপৰীত দৃশ্য। য’ত কোনো যোগ্যতা নথকা, হৃদয়ত অকণো মানৱীয়তা নথকা এজন চহকী মানুহৰ প্ৰতিটো অৰ্থহীন কথাই সমাজত ‘বেদৰ বাক্য’ হৈ পৰে। তেওঁ কোৱা ডাঙৰ ডাঙৰ ভুলবোৰকো সমাজে মূৰ পাতি লয়, তেওঁৰ অহংকাৰক আভিজাত্যৰ নাম দি পূজা কৰা হয়। সমাজৰ যিবোৰ অনুষ্ঠানত সকলোৰে বাবে সমতা আৰু একতাৰ মন্ত্ৰ উচ্চাৰিত হ’ব লাগিছিল, সেই ধৰ্মীয় বা সামাজিক মণ্ডপবোৰতো আজি ধনৰ একছত্ৰী ৰাজত্ব। পইচা থকা লোকজনে ঈশ্বৰৰ মন্দিৰতো আগশাৰীত বহি ভগৱানক আগতীয়াকৈ দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰে, যেন ভগৱানো আজি ধনকুবেৰসকলৰ বাবেহে সাঁচি থোৱা এক সম্পত্তি। ধনি ঘৰৰ সন্তান হ’লেই তেওঁ সমাজৰ বাবে সদায় আদৰণীয়, আৰু দৰিদ্ৰজনৰ সন্তানটোৱে প্ৰতিটো খোজতে যোগ্যতা প্ৰমাণ কৰিবলৈ বুকুত একোখন অদৃশ্য যুদ্ধ কঢ়িয়াই ফুৰিবলগীয়া হয়। এই ব্যৱস্থাই মনত যি গভীৰ ক্ষতৰ সৃষ্টি কৰে, তাৰ বিষ কেৱল সেইজন ভুক্তভোগীয়েহে বুজি পায়, যিয়ে প্ৰতিমুহূৰ্ততে সমাজৰ পৰা অৱহেলা আৰু কুকুৰ-মেকুৰীৰ দৰে ব্যৱহাৰ পাই আহিছে।

কিন্তু গভীৰভাৱে ভাবি চালে বুজি পোৱা যায় যে, পইচা থকা মানুহজনৰ পিছত যেতিয়া মাখিৰ দৰে মানুহৰ ভিৰ লাগে, সেই ভিৰটো আচলতে তেওঁৰ সঁচা আপোনজনৰ নহয়। সেইয়া হৈছে তেওঁৰ ধনৰ গোন্ধ পাই অহা কিছুমান চাতুৰ্যপূৰ্ণ, স্বাৰ্থপৰ চৰিত্ৰ। যিদৰে ফুল এপাহ শুকাই গ’লে ভোমোৰাটো উৰি গুচি যায়, ঠিক তেনেদৰেই হাতৰ পইচাটো শেষ হোৱাৰ দিনা সেই চহকী মানুহজনৰ ছাঁটোও বিচাৰি পোৱা নাযায়। সময়ৰ এই কঠিন পৰীক্ষাত আচলতে দৰিদ্ৰজনহে জিকি যায়। কাৰণ অভাৱে মানুহক এটা ডাঙৰ দৃষ্টি দিয়ে, যাৰ সহায়ত তেওঁ পৃথিৱীৰ আচল আৰু নকল মুখবোৰ অতি স্পষ্টকৈ চিনি পাব পাৰে। কোনে তেওঁক নিঃস্বাৰ্থভাৱে মৰম কৰিছে আৰু কোনে কেৱল স্বাৰ্থৰ খেল খেলিছে, সেইয়া কেৱল শূন্য পকেটেহে মানুহক শিকাব পাৰে। টকাৰে চাগে পৃথিৱীৰ সকলোতকৈ দামী বিচনাখন কিনিব পাৰি, কিন্তু গভীৰ আৰু শান্তিপূৰ্ণ টোপনিটো কিনিব নোৱাৰি। পইচাৰে মানুহৰ সস্তীয়া প্ৰশংসা কিনিব পাৰি, কিন্তু কাৰোবাৰ চকুৰ কোণত থকা শ্ৰদ্ধা আৰু মৰমখিনিক কেতিয়াও কিনিব নোৱাৰি।

সেয়েহে, সমাজৰ এই কটু বাস্তৱক দেখি হৃদয়খন দুখেৰে ভৰি পৰিলেও নিজৰ আত্মসন্মানক কেতিয়াও পইচাৰ ভৰিৰ তলত দলিয়াই দিব নালাগে। সমাজৰ এই কৃত্ৰিম সন্মাতকৈ নিজৰ বিবেক আৰু প্ৰতিভা লৈ মূৰ দাঙি জীয়াই থকাটোৱেই আটাইতকৈ ডাঙৰ সাৰ্থকতা। বতাহজাক সদায় একে দিশত নবলে, আৰু ধন-সম্পত্তিও কাৰো হাতত চিৰকাল থিৰেৰে নাথাকে। যিদিনা এই স্বাৰ্থপৰ সমাজে বুজি উঠিব যে মানুহৰ মৃত্যুৰ পিছত তেওঁৰ বেংক বেলেন্স নহয়, বৰঞ্চ তেওঁৰ কৰ্ম আৰু ব্যৱহাৰহে পৃথিৱীত থাকি যায়, সেইদিনাই চাগে এখন সুস্থ সমাজৰ পুনৰ জন্ম হ’ব। তেতিয়ালৈকে আমি আমাৰ বুকুত থকা মানৱীয়তা আৰু প্ৰতিভাক জীয়াই ৰাখিব লাগিব, কাৰণ এইয়াই হৈছে আমাৰ আটাইতকৈ ডাঙৰ সম্পদ, যাক কোনো ধনী মানুহে পইচা দি কেতিয়াও কাঢ়ি নিব নোৱাৰে।