মাজুলীৰ যুৱ কবি, লেখক ৰাজু কলিতালৈ ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি সোঁৱৰণী কাব্য বঁটা—২০২৬’

মাজুলীৰ যুৱ কবি, লেখক ৰাজু কলিতালৈ ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি সোঁৱৰণী কাব্য বঁটা—২০২৬’

মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সাহিত্য আকাশত নিজৰ সাধনা আৰু সৃষ্টিৰ চানেকিৰে ধাৰাবাহিকভাৱে উজ্বলি উঠিছে মাজুলীৰ ভলুকাগুৰি গাঁৱৰ অম্বেশ্বৰ কলিতা আৰু মৃদুলা কলিতাৰ পুত্ৰ তথা এগৰাকী উদীয়মান প্ৰতিভাময়ী যুৱক ৰাজু কলিতা। সদৌ অসম কবি সন্মিলনৰ দ্বাৰা আয়োজিত সন্ত্ৰাস বিৰোধী পাণ্ডুলিপি কবিতা প্ৰতিযোগিতাৰ বঁটা সদৌ অসম কবি সন্মিলনৰ অষ্টাদশ মধ্যকালীন মাজুলী অধিৱেশনত প্ৰদান কৰা হয়। উক্ত প্ৰতিযোগিতাত মাজুলী জিলাৰ ভলুকাগুৰি গাঁৱৰ প্ৰতিভাময় যুৱ কবি, লেখক ৰাজু কলিতাৰ দ্বাৰা ৰচিত ‘কলমৰ শব্দ’ শীৰ্ষক পাণ্ডুলিপিয়ে স্থান দখল কৰি ‘সমাজকৰ্মী ইন্দ্ৰেশ্বৰ মিলি সোঁৱৰণী কাব্য বঁটা—২০২৬’ লাভ কৰিবলৈ সক্ষম হৈছিল। সমাজ সজাগতা, মানৱতাবাদ আৰু প্ৰকৃতিৰ সুন্দৰতা ফুটি উঠা লিখনীৰে পৰিচিত ৰাজু কলিতাই ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাধিক সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। ১৫ তাৰিখে অনুষ্ঠিত হোৱা মুকলি অধিৱেশনত এই বঁটা প্ৰদান কৰে ৰাজু কলিতাক। তেওঁ ইতিপূৰ্বে ‘কাব্য জ্যোতি বঁটা—২০২৪’, ‘কাব্য জ্যোতি সন্মান—২০২৫’, ‘অংকুৰণ সন্মান—২০২৫’ আৰু ‘ন-সূৰুয সন্মান—২০২৬’ লাভ কৰাৰ লগতে অসমৰ বিভিন্ন আগশাৰীৰ সাহিত্য মঞ্চৰ পৰাও বিশেষ সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছে। নিৰলস সাহিত্য চৰ্চাৰ মাজেৰে ৰাজু কলিতাই অসমৰ প্ৰায়বোৰ আগশাৰীৰ দৈনিক বাতৰি কাকত আৰু আলোচনীতে নিয়মীয়াকৈ কবিতা, প্ৰবন্ধ আদি প্ৰকাশ কৰি পঢ়ুৱৈ সমাজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। তেওঁৰ প্ৰথমখন একক কাব্যগ্ৰন্থ ‘কবিতাৰ দস্তাবেজ’ ইতিমধ্যে প্ৰকাশ পাইছে । শেহতীয়াকৈ তেওঁৰ দ্বিতীয়খন কাব্যগ্ৰন্থৰ পাণ্ডুলিপি ‘কলমৰ শব্দ’ই সদৌ অসম কবি সন্মিলনৰ এই প্ৰতিযোগিতাত স্থান লাভ কৰাত গ্ৰন্থখনক লৈ পঢ়ুৱৈ সমাজৰ মাজত উচ্চ আশাৰ সৃষ্টি হৈছে। যুৱ কবিগৰাকীৰ এই সাফল্যত অসমৰ বিভিন্ন প্ৰান্তৰ পাঠক সমাজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে মাজুলী জিলা কবি সন্মিলন আৰু শুভাকাংক্ষীসকলে গভীৰ আনন্দ প্ৰকাশ কৰে। তেওঁৰ উত্তৰোত্তৰ সাফল্য কামনা কৰি উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।