ঠিকাভিত্তিক টেট শিক্ষকৰে শিক্ষামন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

ঠিকাভিত্তিক টেট শিক্ষকৰে শিক্ষামন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ৰ সভাকক্ষত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিনিধি দলৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু। বৈঠকত সংগঠনটোৱে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে উত্থাপন কৰা টাইম স্কেল, দৰমহাৰ গাঁথনিৰ সংশোধন, আৰ্জিত ছুটীৰ পাৰিতোষিক প্ৰদান, অৱসৰকালীন গ্ৰেচুইটীকে ধৰি ১১টা দাবী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰো।   ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকসকলে দীর্ঘদিন ধৰি সম্মুখীন হৈ অহা সমস্যা সমাধানৰ বাবে চৰকাৰে পর্যায়ক্রমে ব্যবস্থা গ্রহণ কৰিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুবৱে। উল্লেখ্য যে এঘাৰদফীয়া দাবীৰ সমাধানক লৈ দীর্ঘদিন ধৰি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে। চৰকাৰৰ আহ্বানত সংগঠনটোৰ এটা ১২জনীয়া প্রতিনিধি দলে শিক্ষামন্ত্ৰীৰ সৈতে কাহিলিপাৰাত এক বৈঠকত মিলিত হয়। সংগঠনটোৰ সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়াই সদৰী কৰা মতে, কেইবাঘণ্টাজুৰি হোৱা বৈঠকত টেট উত্তীর্ণ শিক্ষকসকলৰ টাইম স্কেল পদোন্নতি, দৰমহা নিৰ্ধাৰণ, আৰ্জিত ছুটী, বদলিকৰণ সমস্যাকে ধৰি এঘাৰদফীয়া দাবী সন্দৰ্ভত বিশদভাৱে আলোচনা হয়। টাইম স্কেল-দৰমহা নিৰ্ধাৰণ, আর্জিত ছুটী সন্দর্ভত শিক্ষামন্ত্রীয়ে পর্যায়ক্রমে ব্যৱস্থা লোৱাৰ আশ্বাস দিছে। তদুপৰি বদলিৰ ক্ষেত্ৰত টেট উত্তীর্ণ শিক্ষকসকলে দীর্ঘদিন ধৰি ভুগি অহা সমস্যাবোৰো সমাধানৰ আশ্বাস দিছে শিক্ষামন্ত্ৰীয়ে। মন কৰিবলগা যে দীর্ঘদিনে ভুগি থকা সমস্যাবোৰ সমাধান নকৰিলে অহা ১৬ নৱেম্বৰত কাহিলিপাৰাৰ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ দিছিল টেট শিক্ষকসকলে। আজিৰ দ্বিপাক্ষিক আলোচনাৰ অন্তত অহা ১৬ নৱেম্বৰৰ ঘোষিত কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয় সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে। অৱশ্যে ঘোষিত কাৰ্যসূচী সাময়িকভাৱে স্থগিতহে ৰখা হৈছে বাতিল কৰা হোৱা নাই। চৰকাৰে যদিহে প্রতিশ্রুতি দিয়া মতে ব্যৱস্থা নলয় তেন্তে অনাগত সময়ত পুনৰ তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ সকীয়নি দিছে সংগঠনটোৱে। বৈঠকত সংগঠনটোৰ সভাপতি ত্রৈলোক্য ডেকা, কাৰ্যকৰী সভাপতি দীপাৰ্ণৱ ঘোষ, সাধাৰণ সম্পাদকদ্বয় ক্রমে কুলজিৎ ঠাকুৰীয়া, পার্থপ্রতিম গগৈকে ধৰি ১২জন সদস্য উপস্থিত থাকে।