দেৱালীত গুৱাহাটীত ৩.৯০ কোটি টকাৰ সুৰা বিক্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- পোহৰৰ উৎসৱ দীপাৱলীৰ দুটা দিনত ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত অভিলেখ হাৰত সুৰা বিক্ৰী হৈছে । আবকাৰী বিভাগৰ এক সূত্রই সদৰী কৰা অনুসৰি, এইবাৰ দীপাৱলী আৰু কালীপূজাৰ দিন দুটাত ৩.৯০ কোটি টকাৰ সুৰা গুৱাহাটী মহানগৰীত বিক্ৰী হয়। অর্থাৎ প্রায় ৩.৯০ কোটি টকা মূল্যৰ সুৰা গুৱাহাটীবাসীয়ে পান কৰে। ইয়াৰে গুৱাহাটী মহানগৰীত ৮ নৱেম্বৰত ২ কোটি ১০ লাখ টকাৰ বিলাতী সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৯ নৱেম্বৰত ১ কোটি ৬৫ লাখ টকাৰ সুৰা বিক্ৰী হৈছে । অৱশ্যে এই পৰিমাণ ২০২৩ আৰু ২০২৪ বর্ষতকৈ হ্রাস হৈছে। সেই অনুসৰি ২০২৩ বৰ্ষত গুৱাহাটীত সুৰা বিক্ৰীৰ পৰিমাণ আছিল ৬.২০ কোটি টকা। আনহাতে, ২০২৪ চনত ইয়াৰ পৰিমাণ আছিল ৪.৮০ কোটি টকা। উল্লেখ্য যে, অসম চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অন্যতম এটা বিভাগ হৈছে আবকাৰী বিভাগ । এই বিভাগৰ যোগেদি ৰাজ্যৰ ৰাজকোষলৈ এটা শকত অংকৰ ৰাজহ আহে । ইফালে এই ৰাজহ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে আবকাৰী বিভাগৰ জৰিয়তে নতুন নতুন নীতি প্ৰণয়ন কৰি আহিছে । শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাহজ বৃদ্ধিৰ বাবে দাম বৃদ্ধিৰ সমান্তৰালভাৱে যিমান পাৰে সুৰা বিক্ৰী বৃদ্ধিৰ ওপৰত গুৰুত্ব দি নতুন এছ অ’ পি জাৰি কৰিছিল । বৰ্তমান সময়ত ৰাজ্যখনত সুৰাৰ বিপনীৰ সংখ্যা বহু বৃদ্ধি পাইছে । ইফালে, দীপাৱলী আৰু কালীপূজাৰ দিনা ফটকা-আতচবাজীৰ নামতো বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে ৰাজ্যবাসীয়ে। তথ্য অনুসৰি, দীপাৱলীৰ নামত ৰাজ্যবাসীয়ে প্রায় দুশ কোটিৰো অধিক টকা বতাহত শব্দ আৰু বর্ণিল পোহৰৰ সৃষ্টিৰ নামত ব্যয় কৰে। বানবিধ্বস্ত উজনি অসমৰ উৎসৱ অনুৰাগী বন্যার্তই দীপাৱলীৰ নামত ৩০-৪০ কোটি টকা মূল্যৰ আতচবাজী উৰুৱায় বুলি প্রকাশ। গুৱাহাটী মহানগৰীত ইয়াৰ মূল্য প্রায় ৫০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।
