নিহতৰ পৰিয়ালক ৫ কোটি টকা ক্ষতিপূৰণৰ দাবী ছাত্ৰ সন্থাৰ

নিহতৰ পৰিয়ালক ৫ কোটি টকা ক্ষতিপূৰণৰ দাবী ছাত্ৰ সন্থাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুলীয়াজানস্থিত ইণ্ডিয়া লিমিটেডৰ অধীনৰ টেঙাখাতৰ উইল্টনস্থিত আই টি এফত ৬ নৱেম্বৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত চাৰিগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থা। প্রতিষ্ঠানটোৰ দায়িত্বহীনতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৱহেলাৰ বাবেই এনে শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হ’ল নেকি বুলি প্রশ্ন উত্থাপন কৰি সংগঠনটোৱে ঘটনাৰ নৈতিক দায়বদ্ধতা স্বীকাৰ কব্বিলে অইল কর্তৃপক্ষক দাবী জনাইছে। একে সময়তে অইল কর্তৃপক্ষৰ দায়িত্বহীনতা আৰু সুৰক্ষাৰ দিশত অৱহেলাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে নিহত চাৰিগৰাকী কৰ্মচাৰীৰ প্ৰতিটো পৰিয়াললৈ ন্যূনতম ৫ কোটি টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে। কেৱল আর্থিক ক্ষতিপূৰণেই নহয়, প্ৰতিগৰাকী মৃত কৰ্মচাৰীৰ পৰিয়ালৰ এজনকৈ উপযুক্ত সদস্যক অইল ইণ্ডিয়া লিমিটেডৰ অধীনত স্থায়ী কর্মসংস্থাপনৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে সংগঠনটোৱে। সদৌ ডি ব্রুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপাঞ্জিত ৰাজগিৰিয়ে স্বাক্ষৰিত বিজ্ঞপ্তিযোগে সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাই এই দাবীসমূহ উত্থাপন কৰাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ আৰু সুৰক্ষা ব্যৱস্থাক লৈ তীব্র অসন্তুষ্টি প্রকাশ কৰে। সংগঠনটোৰ মতে, আইটিএফৰ দৰে অতি স্পৰ্শকাতৰ আৰু বিপজ্জনক ঔদ্যোগিক ক্ষেত্ৰত কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰত সুৰক্ষাৰ বিষয়টো সৰ্বাধিক গুৰুত্ব পোৱা উচিত আছিল। এনে স্থানত ব্যক্তিগত খণ্ডৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে গুৰুত্বপূৰ্ণ কাম-কাজ সম্পাদন কৰাৰ পৰিৱৰ্তে অইল ইণ্ডিয়া লিমিটেডে নিজাববীয়াকৈ সকলো দায়িত্ব গ্ৰহণ কৰা উচিত আছিল। বিজ্ঞপ্তিটোত ছাত্র সন্থাই উল্লেখ কৰে যে আইটিএফৰ দৰে স্পৰ্শকাতৰ আৰু বিপজ্জনক স্থানত ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে কাম-কাজ সম্পাদন কৰাৰ বিষয়টোক লৈ সংগঠনটোৱে বিগত সময়ছোৱাত বহুবাৰ অইল কর্তৃপক্ষৰ ওচৰত লিখিতভাৱে আবেদন জনাই আহিছিল। এনে গুৰুত্বপূৰ্ণ কাম-কাজৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত এৰি দিয়াৰ পৰিৱৰ্তে অইল ইণ্ডিয়া লিমিটেডে নিজেই পৰিচালনা কৰাৰ প্ৰয়োজনীয়তাৰ কথা সংগঠনটোৱে পূৰ্বৰে পৰা উত্থাপন কৰি আহিছিল। কিন্তু ছাত্র সন্থাৰ এনে সতর্কবাণী আৰু দাবীক আওকাণ কৰি অইল কর্তৃপক্ষই নিজৰ খেয়াল-খুচিমতে ব্যক্তিগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে কাম-কাজ অব্যাহত ৰখাটো অত্যন্ত দুর্ভাগ্যজনক বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে। সংগঠনটোৰ অভিযোগ অনুসৰি, কৰ্মচাৰীসকলৰ সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহক পূৰ্বৰে পৰা যথোচিত গুৰুত্ব প্ৰদান কৰা হ’লে হয়তো এনে কৰুণ পৰিস্থিতি এৰাই চলিব পৰা গ’লহেঁতেন। অইল ইণ্ডিয়া লিমিটেডৰ এনে দায়িত্বহীন আৰু উদাসীন মনোভাবৰ পৰিণতিতে এই ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল নেকি, সেই প্রশ্নই এতিয়া সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত গভীৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে। ছাত্ৰ সন্থাই স্পষ্ট কৰি দিয়ে যে এই ঘটনাৰ নৈতিক দায়বদ্ধতা অইল ইণ্ডিয়া লিমিটেডে স্বীকাৰ কৰিব লাগিব। কেৱল শোক প্রকাশ বা তাৎক্ষণিক সাহায্য প্রদান কৰিয়েই দায়িত্ব সামৰিলে নহ’ব। দুর্ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটন কৰি ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়, তাৰ বাবে স্থায়ী আৰু ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰাটো অত্যন্ত জৰুৰী। এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা ৰাজু দত্ত, তাপস গগৈ, শৈলেন গগৈ আৰু ৰূপম গোহাঁইৰ পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাই অইল কর্তৃপক্ষৰ ওচৰত প্ৰথমটো দাবী হিচাপে প্রতিটো পৰিয়ালক ন্যূনতম ৫ কোটি টকাকৈ ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে। সংগঠনটোৰ মতে, কৰ্মৰত অৱস্থাত সংঘটিত এনে এক ভয়ংকৰ দুৰ্ঘটনাত পৰিয়ালৰ উপাৰ্জনকাৰী সদস্যক হেৰুৱাই পৰিয়ালসমূহৰ জীৱনলৈ নামি আহিছে গভীৰ অনিশ্চয়তা। সেয়েহে ক্ষতিপূৰণৰ লগতে প্ৰতিগৰাকী মৃত কৰ্মচাৰীৰ পৰিয়ালৰ এজনকৈ উপযুক্ত সদস্যক অইল ইণ্ডিয়া লিমিটেডৰ অধীনত স্থায়ী কর্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালসমূহৰ ভৱিষ্যৎ জীৱন-জীৱিকাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনাইছে সংগঠনটোৱে। দ্বিতীয়টো দাবীৰ জৰিয়তে অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত প্ৰতিগৰাকী কৰ্মচাৰীৰ উন্নত চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব অইল ইণ্ডিয়া লিমিটেডক গ্রহণ কৰিবলৈ দাবী জনাইছে ছাত্র সন্থাই। আহতসকলৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ পৰিপ্ৰেক্ষিতত প্রয়োজন অনুসৰি দেশৰ উন্নত চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইতিমধ্যে ইন্দ্র গগৈক এয়াৰ এম্বুলেঞ্চযোগে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে। আন দুগৰাকী আহত কৰ্মচাৰীও ডিব্ৰুগড়ৰ আস্থা হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সেয়েহে তেওঁলোকৰ চিকিৎসাত যাতে কোনো ধৰণৰ বাধা বা আর্থিক অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে অইল কর্তৃপক্ষই সম্পূর্ণ দায়িত্ব গ্রহণ কৰিব লাগে বুলি দাবী জনাইছে সংগঠনটোৱে। লগতে আহত প্ৰতিগৰাকী কৰ্মচাৰীক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো দাবী উত্থাপন কৰিছে। তৃতীয়টো দাবী হিচাপে সমগ্র অগ্নিকাণ্ডৰ ঘটনাৰ এক নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাই। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ কি, ঔদ্যোগিক প্রতিষ্ঠানটোৰ সুৰক্ষা ব্যৱস্থাত কোনো ধৰণৰ গাফিলতি আছিল নেকি, কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে পর্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছিল নে নাই, সেই সকলো দিশ তদন্তৰ আওতালৈ আনিব লাগিব বুলি সংগঠনটোৱে দাবী জনায়। তদন্তৰ জৰিয়তে দুৰ্ঘটনাৰ বাবে কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ গাফিলতি অথবা দায়িত্বহীনতা প্রমাণিত হ’লে সংশ্লিষ্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব। কেৱল ঘটনাৰ তাৎক্ষণিক কাৰণ বিচাৰি উলিওৱাই নহয়, ভৱিষ্যতে এনে দুর্ঘটনা ৰোধৰ বাবে প্রয়োজনীয় ব্যৱস্থাসমূহো তদন্তৰ প্ৰতিবেদনত নিশ্চিত কৰাৰ দাবী জনাইছে সংগঠনটোৱে।