টেঙাখাতত আহত ইন্দ্র গগৈক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ প্ৰেৰণ

টেঙাখাতত আহত ইন্দ্র গগৈক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- টেঙাখাতৰ অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফার্মত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত ইন্দ্র গগৈক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চযোগে নতুন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়ৰ আস্থা হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ইন্দ্ৰ গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ ব্যৱস্থা হিচাপে তেওঁক বিশেষ ব্যৱস্থাৰে দিল্লীলৈ লৈ যোৱা হয়। জানিব পৰা মতে, ভয়ংকৰ অগ্নিকাণ্ডটোত তেওঁৰ শৰীৰৰ প্ৰায় ২০ শতাংশ অগ্নিদগ্ধ হৈছিল। আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আহত আন দুগৰাকী কৰ্মচাৰীৰ স্বাস্থ্যৰ অৱস্থাও বর্তমান সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ উইল্টনস্থিত অইল ইণ্ডিয়া লিমিটেডৰ অধীনৰ ইণ্টাৰমিডিয়েট টেংক ফার্মত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড। কৰ্মৰত অৱস্থাত সংঘটিত এই অগ্নিকাণ্ডত গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ চাৰিগৰাকী কৰ্মচাৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱায়। নিহত কৰ্মচাৰীসকল হৈছে ৰাজু দত্ত, তাপস গগৈ, শৈলেন গগৈ আৰু ৰূপম গোহাঁই। একেটা ঘটনাত কেই বাগৰাকীও কৰ্মচাৰী আহত হোৱাৰ পিছত তেওঁলোকক আস্থা হাস্পতালত ভর্তি কৰোৱা হৈছিল। ইয়াৰে ইন্দ্ৰ গগৈৰ অৱস্থা অধিক সংকটজনক হোৱাত তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়। এফালে চাৰিগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ শোক, আনফালে আহতসকলৰ জীৱনক লৈ উদ্বিগ্নতা- এই দুয়োটা পৰিস্থিতিয়ে সমগ্র টেঙাখাত, দুলীয়াজান আৰু ইয়াৰ পার্শ্ববর্তী অঞ্চলত গভীৰ শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বিশেষকৈ অইলৰ দৰে বৃহৎ ঔদ্যোগিক প্রতিষ্ঠানত কৰ্মৰত শ্রমিক-কৰ্মচাৰীৰ সুৰক্ষা ব্যৱস্থাক লৈ বিভিন্ন মহলত প্রশ্ন উত্থাপন হৈছে।