দিপান্বিতাৰ নিশাত এগছি চাকি জ্বলে
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
দিপান্বিতাৰ নিশাত
এগছি চাকি জ্বলে ।
জ্যোতিৰ আভাই
গছ-লতা,তৰু-তৃণ পোহৰাই তোলে ,
নিৰ্মল আকাশত শৰতৰ স্নিগ্ধতা আনে,
নদীত ঢৌ খেলি যায় শান্তিৰ সঁফুৰা,
পাহোৱাল ডেকাৰ বুকুত উদ্দাম নৃত্যৰ লহৰ বাজে,
গাভৰুৰ দুচকুত ৰঙীল স্বপ্ন জাগে,
নৈৰ পাৰত কঁহুৱা বন হালে জালে।
কিন্তু! বাহিৰত এয়া কিহৰ কলৰোল?
অনৰ্গল আতচবাজী আৰু বোমা বিস্ফোৰণৰ গুৰুম গুৰুম শব্দত
এপিনে ধোঁৱা আৰু বাৰুদৰ গোন্ধত
সেউজ বননিৰে ভৰা আমাৰ ধৰিত্ৰী
ক’লা ছাই বৰণীয়া হ’ল,
আনপিনে ঘৰৰ চোতালে চোতালে
এসাগৰ তেজৰ সোঁত বৈ গ’ল ;
আৰম্ভ হ’ল অসহায় মানুহৰ মৰণ কাতৰ যন্ত্ৰণা!
দিপান্বিতাৰ নিশাত
এগছি চাকি জ্বলে
অসহায় মানুহৰ বুকুত আশাৰ সঞ্চাৰ হয়,
মৃত্যুমুখী যাত্ৰীয়ে জীৱনৰ সংগীত জুৰে,
শোষণ, নিৰ্যাতন আৰু ধৰ্ষণৰ বিৰুদ্ধে
শোষিত জনগণৰ কণ্ঠে কণ্ঠে বিপ্লৱৰ আগ্নেয়লাভাৰ উদ্গীৰণ ঘটে।
দিপান্বিতাৰ নিশাত
এগছি চাকি জ্বলে
চাৰিওফালে পোহৰ বিয়পি পৰে।
