ক্ষণস্থায়ী – ৰীমা গায়ন বৰ

Pc StockCake

 ক্ষণস্থায়ী

ৰীমা গায়ন বৰ
নাওকটা , মৰিগাঁও

জীৱনটো খন্তেকীয়া বুলি জানিও ,
ইমান মায়া মোহত বন্দী কিয় ?
 জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ ৰাখি ,
  বেয়া বুলি জানিও খাই মৰা কিয় ?
    সকলো সুলভ বুলি জানিও
দুৰ্লভ বস্তুৰ প্ৰতি আকৃষ্ট হৈ
অভেদ্য দূৰ্গ ভেদ কৰাৰ হাবিয়াস কিয় ?
 ক্ষণস্থায়ী জীৱন লৈ জন্ম লোৱা বুলি  জানিও
অমৰত্ব লাভৰ অমৃত কলহ বিচাৰি
জীৱনৰ বাটত অগাদেৱা কিয় ?
 ব্ৰতী হওক জ্ঞানৰ বন্তি প্ৰজ্বলনে
    ধুনীয়া পৃথিৱীখন চোৱাৰ নিৰন্তৰ প্ৰচেষ্টাত।