প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিনক্ষেত্ৰত গণ সমাৱেশ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৃহস্পতিবাৰে সোণাপুৰৰ জুবিনক্ষেত্রত পুনৰ একত্ৰিত হ’ল অসমৰ জনতা। বুকুত শিল্পীগৰাকীৰ প্ৰতি গভীৰ ভালপোৱা, মনত ন্যায় নোপোৱাৰ বেদনা আৰু কণ্ঠত প্রতিবাদৰ অগ্নিগর্ভ শ্ল’গান। গুৱাহাটীৰ সোণাপুৰস্থিত জুবিনক্ষেত্রত সৃষ্টি হ’ল এক অভূতপূর্ব গণজাগৰণৰ পৰিৱেশ। জুবিনক্ষেত্রত জুবিন গাৰ্গ ন্যায় দাবী সমিতিৰ আহ্বানত এক বিশাল গণ সমাবেশ অনুষ্ঠিত হয় । হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত এই গণ সমাৱেশত শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত, ঘটনাৰ সৈতে জড়িত সকলো অভিযুক্তক চিনাক্তকৰণ আৰু দোষী সাব্যস্ত হোৱা লোকক কঠোৰতম শাস্তি প্রদানৰ দাবীত উত্তাল হৈ পৰে পৰিৱেশ। উল্লেখ্য যে জাতি-ধর্ম-বর্ণ নির্বিশেষে অসমৰ লাখ লাখ জনতাই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত বিগত এটা বছৰতকৈও অধিক সময় ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এবছৰতকৈও অধিক সময় অতিক্রম কৰাৰ পিছতো গোচৰটোক লৈ সৃষ্টি হোৱা বিভিন্ন প্রশ্ন আৰু অভিযুক্তসকলৰ জামিনক কেন্দ্ৰ কৰি অনুৰাগীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। যিগৰাকী শিল্পীয়ে অসমৰ জনসাধাৰণৰ বাবে জীৱনজোৰা অৱদান আগবঢ়াই গ’ল, সেইগৰাকী শিল্পীৰ মৃত্যুৰ উচিত ন্যায় নিশ্চিত কৰাটো চৰকাৰ আৰু প্ৰশাসনৰ এক গুৰুত্বপূর্ণ দায়িত্ব বুলি মত প্রকাশ কৰে গণ সমাৱেশত উপস্থিত বক্তাসকলে। এই গণ সমাৱেশত উপস্থিত থাকি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তীব্র ক্ষোভ প্রকাশ কৰে। ‘জয় আই অসম, জয় জুবিনদা, জুবিনদাই ন্যায় পাবই লাগিব’ আদি শ্লোগানেৰে সমগ্র জুবিনক্ষেত্ৰ উত্তাল কৰি তোলে বিধায়কগৰাকীয়ে। ভাষণ প্রসংগত তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা আৰু শেখৰ গোস্বামীৰ জামিনৰ শুনানি শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব। এই শুনানিক লৈ অসমবাসীৰ মাজত যথেষ্ট উদ্বেগ আৰু উৎকণ্ঠা বিৰাজ কৰিছে। অভিযুক্তসকলৰ কোনোবাই যদি জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহে, তেন্তে অসমবাসীয়ে কোনো কাৰণতে বিষয়টো সহজভাৱে গ্ৰহণ নকৰিব। বিধায়ক অখিল গগৈয়ে আৰু কয় যে প্ৰাণৰ শিল্পীগৰাকীক যদি অসমবাসীয়ে ন্যায় প্রদান কৰিব নোৱাৰে, তেন্তে সেয়া সমগ্র অসমীয়া জাতিৰ বাবেই এক দুর্ভাগ্যজনক পৰিস্থিতি হ’ব। ইফালে গণ সমাৱেশত উপস্থিত থাকি গণশিল্পী মহেন্দ্ৰ হাজৰিকায়ো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সৰৱ হৈ পৰে। এগৰাকী প্রখ্যাত শিল্পীক বিদেশৰ মাটিলৈ নি এক ষড়যন্ত্ৰৰ জালত পেলাই হত্যা কৰা হ’ল বুলি তেওঁ গভীৰ আক্ষেপ প্রকাশ কৰে। মহাভাৰতৰ অভিমন্যুৰ দৰে এক চক্ৰবেহুত আবদ্ধ কৰি জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ উপস্থিত ৰাইজক সজাগ আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। আনহাতে, গণ সমাৱেশত উপস্থিত থাকি ড° জ্ঞানশ্ৰী বৰায়ো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তদন্ত আৰু ন্যায় প্রক্রিয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্রশ্ন উত্থাপন কৰে। তেওঁ কয় যে কাইলৈ গোচৰটোৰ কেই বাগৰাকী অভিযুক্তৰ জামিনৰ শুনানি অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিততে আজি হাজাৰ হাজাৰ লোক জুবিনক্ষেত্রত সমরেত হৈছে। ইতিমধ্যে দুগৰাকী অভিযুক্ত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছত আন অভিযুক্তসকলেও যদি জামিন লাভ কৰে, তেন্তে সেয়া অসমবাসীয়ে সহজভাৱে মানি নল’ব। এটা চক্রই অভিযুক্তসকলক ৰক্ষা কৰিবলৈ চেষ্টা চলাই থকা বুলিও অভিযোগ উত্থাপন কৰি তেওঁ অসমবাসীক ঐক্যবদ্ধভাৱে ন্যায়ৰ দাবীত মাত মাতিবলৈ আহ্বান জনায়। আজিৰ গণ সমাৱেশত বি বৰুৱা মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতিসকলৰ লগতে চিত্রশিল্পী মার্চেল বৰুৱা, শ্বহীদ কুশল কোঁৱৰৰ নাতিনী, জুবিন অনুৰাগী তথা বিশেষভাৱে সক্ষম ঈশান শর্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু শিল্পীয়ে বক্তব্য আগবঢ়ায়।
