অগ্নিবীৰৰ চাকৰিৰ কাৰ্যকাল দুবছৰলৈ বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ যুৱক-যুৱতীৰ লগতে অগ্নিবীৰ সকলৰ বাবে ভাল খবৰ ৷ বৃদ্ধি পাব অগ্নিবীৰৰ চাকৰিৰ কাৰ্যকাল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উক্ত বৈঠকত অগ্নিবীৰসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে কয়,বুধবাৰে প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত অগ্নিবীৰ সকলৰ চাকৰিৰ সময়সীমা দুবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ যাক অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰসকলৰ দ্বিতীয় কাৰ্যকাল হিচাপে গণ্য কৰা হৈছে ৷ এই সন্দৰ্ভত চিডিএছ জেনেৰেল এন এছ ৰাজা সুব্ৰহ্মমণিয়ে সাংবাদিক মেলত কয়, কাৰ্যকাল বৃদ্ধি কৰা হৈছে অগ্নিবীৰসকলৰ। এতিয়াৰ পৰা অগ্নিবীৰসকলে সেৱা আগবঢ়াব পাৰিব অতিৰিক্ত দুবছৰ। সকলো মিলি ৪ৰ পৰা ম্যাদ বৃদ্ধি হ’ল ৬ বছৰলৈ। কেন্দ্ৰীয় মন্ত্রীসভাই ইতিপূর্বে এই পদক্ষেপত সেউজ সংকেত দি থৈছে। এই কথাই জনাইছে চিবিএছে। দুবছৰ অতিৰিক্ত কাৰ্যকালৰ শেষত অগ্নিবীৰসকলে বিচাৰিলে পোনে পোনে ভাৰতীয় সেনাবাহিনীত যোগ দিব পাৰিব। সেনাৰ সৰ্বাধিনায়কগৰাকীয়ে কয়- ‘২৫ শতাংশ অগ্নিবীৰক সেনাবাহিনীত লোৱা হয়। এইবাৰ বাকী ৭৫ শতাংশৰ বাবে কার্যকাল বৃদ্ধি পালে অতিৰিক্ত দুবছৰ। তেওঁলোকৰ দৰমহাও বৃদ্ধি পাব। তাৰ পিছত বাছনি পৰ্ব আৰম্ভ হ’ব। অতিৰিক্ত কার্যকালৰ প্ৰথম বছৰটোত ৪৩,৫০০ টকা দৰমহা পাব অগ্নিবীৰসকলে। দ্বিতীয় বছৰত পাব ৪৭ হাজাৰ টকা।’ চিডিএছগৰাকীয়ে পুনৰ কয়- ‘ভাৰতীয় সেনাৰ তিনিওটা বাহিনীৰ দাবীতেই এই সিদ্ধান্ত লোৱা হৈছে।’ তেওঁ লগতে কয় যে সময়ৰ লগে লগে আধুনিক যুদ্ধৰ ধৰণ-কৰণ সলনি হৈছে বাবে এনে সিদ্ধান্ত লোৱা হৈছে।
