মই মুক্ত, মই পাগল
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
মই ওলালেই মানুহবোৰ আতংকিত হৈ পলায়,
মোৰ ছাঁটো দেখি সিহঁতৰ বুকুত ভয় জাগে।
ভৰ হৈ লাগি থকা পকা বগৰীজোপাৰ দৰেই
কোনোবাই মোৰ নিথৰ বুকুলৈ লক্ষ্য কৰি ফৰমুটি মাৰে,
কোনোবাই ঘৃণাত নাক কোঁচায়,
আৰু কোনোবাই আতংকৰ চিঞৰ মাৰি পিছহুঁহকি দিয়ে।
অথচ, মোৰো জীবনত এদিন সোনালী বসন্ত আছিল,
মইও দেখিবলৈ বৰ ধুনীয়া আছিলোঁ।
বুকুত আছিল এটা সহজ-সৰল নিভাঁজ মানুহ,
কাৰোবাৰ নামত নিজক উচৰ্গা কৰি গভীৰভাৱে ভাল পাব জানিছিলোঁ।
গাইছিলো প্ৰেমৰ সেই চিৰন্তণ গান!
মুখত আছিল অপূৰ্ব হাঁহি, অন্তৰত গভীৰ ভাবনা
আৰু ব্যাকুল হৃদয়ত আছিল এক উন্মত্ত উন্মাদনা।
কি নো নাছিল মোৰ সেই সোণালী দিনবোৰত!
কিন্তু আজি মোৰ বুলি ক’বলৈ একোৱেই অৱশিষ্ট নাই,
সিহঁতৰ এই নিষ্ঠুৰ সমাজৰ চকুত মই কেৱল এজন ‘পাগল’।
মই আজি কাকো চিনি নাপাওঁ ।
অনুভৱ, অনুভূতি আৰু প্ৰেম—
মোৰ মৰুময় বুকুত এইবোৰ সম্পূৰ্ণ নিস্প্ৰাণ।
হয়, মই আজিও জীয়াই আছোঁ,
কিন্তু তোমালোকৰ এই মুখা পিন্ধা পৃথিৱীৰ পৰা বহু দূৰত।
সংসাৰৰ কোনো ছলনা লালসি মায়া, আৱেগ বা বাসনাই
আজি মোক স্পৰ্শ কৰিব নোৱাৰে,
কাৰণ— মই যে তোমালোকৰ বন্দীত্বৰ পৰা মুক্ত এজন ‘পাগল’।
