তিনিচুকীয়াত এছিয়াৰ প্ৰথমটো গ্রীন এ এ চি চি ব্লক উদ্যোগৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

তিনিচুকীয়াত এছিয়াৰ প্ৰথমটো গ্রীন এ এ চি চি ব্লক উদ্যোগৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এডভান্টেজ আছাম-২.০ৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিৰ ভিত্তিত কে ডি গ্রুপ অৱ ইণ্ডাষ্ট্ৰিজৰ অন্তৰ্গত লাইট ব্ৰিকছ প্রাইভেট লিমিটেডে তিনিচুকীয়াৰ হাপজানত স্থাপন কৰা ‘গ্রীন এ এ চি ব্লক’ নির্মাণ উদ্যোগৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে এডভান্টেজ আছাম-২.০ত অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু কে ডি গ্ৰুপৰ মাজত এ এ চি ব্লক নির্মাণ উদ্যোগ স্থাপনৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল। প্রায় ৫৫ কোটি টকা বিনিয়োগেৰে গঢ়ি তোলা এই প্রকল্পটো বিগত ১৫ বছৰত তিনিচুকীয়া জিলাত বেচৰকাৰী খণ্ডৰ সৰ্ববৃহৎ নিৰ্মাণ উদ্যোগৰ বিনিয়োগ হিচাপে পৰিগণিত হৈছে। বার্ষিক ২.০ লাখ কিউবিক মিটাৰ উৎপাদন ক্ষমতাৰে এই উদ্যোগটোৱে প্ৰতিবছৰে প্ৰায় ১০ কোটি ৰঙা ইটাৰ স্থান ল’বলৈ সক্ষম হ’ব। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে এ এ চি ব্লক নির্মাণ উদ্যোগটোৱে ৰঙা ইটাৰ ব্যৱহাৰ হ্ৰাস কৰি কৃষিভূমিৰ সংৰক্ষণত সহায় কৰিব। তেওঁ কয় যে এছিয়াত প্ৰথমবাৰলৈ ‘ইনবিল্ড গ্রিড’ থকা এ এ চি ব্লক নির্মাণ প্রযুক্তি ব্যৱহাৰ কৰা হৈছে। ‘ইনবিল্ড গ্রিড’ প্রযুক্তিৰে এই উদ্যোগত এ এ চি ব্লক নিৰ্মাণ কৰা হ’ব। ইতিমধ্যে ৰঙিয়া আৰু শিলচৰত এনে উদ্যোগ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তিনিচুকীয়াত স্থাপন হোৱা এ এ চি ব্লক নির্মাণ উদ্যোগটোৱে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ নির্মাণ খণ্ডৰ চাহিদা পূৰণ কৰিব। তেওঁ কয় যে এই উদ্যোগটোত প্রায় ৮০ গৰাকী লোকক প্রত্যক্ষভাৱে আৰু ৭৫ গৰাকী কৰ্মচাৰীক ঠিকাদাৰৰ জৰিয়তে নিয়োগ কৰা হ’ব। তদুপৰি যোগান ধৰোঁতা, বিক্রেতা আৰু খুচুৰা ব্যৱসায়ীকে ধৰি পাঁচশৰো অধিক লোকলৈ পৰোক্ষ সংস্থাপনৰ বাট মুকলি হ’ব।

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসমত এডভান্টেজ অসম বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ আয়োজন কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই সন্মিলনত ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা হৈছিল। শক্তি, আন্তঃগাঁথনি, হাইড্র’কার্বন উৎপাদন, ইলেক্ট্রনিক্স, পর্যটন, স্বাস্থ্য সেৱা, খাদ্য সংসাধন, বস্ত্রশিল্প, দক্ষতা বিকাশ আদি খণ্ডত বিনিয়োগৰ প্ৰস্তাৱ এই সন্মিলনৰ জৰিয়তে ৰাজ্য চৰকাৰে লাভ কৰিছিল। তেওঁ কয় যে এই পর্যন্ত হাইড্র’ কার্বন আৰু পেট্র’কেমিকেল খণ্ডত ২.৮৬ লাখ কোটি টকা, শক্তি খণ্ডত ৯৭,৮৪০ কোটি টকা, আন্তঃগাঁথনিত ৫৫,৫৭২ কোটি টকা, মাইনিঙত ৫৩,৩৫৩ কোটি টকা, ইলেক্ট্র ‘নিক্স আৰু তথ্য-প্রযুক্তি খণ্ডত ৪৪,৯৪৮ কোটি টকা আৰু বিভিন্ন উৎপাদন খণ্ডত ২৬,৭৯৯ কোটি টকাৰ বিনিয়োগ প্রস্তাৱ বৰ্তমানলৈকে কাৰ্যত পৰিণত হৈছে। ইতিমধ্যে ৫.১৮ লাখ কোটি টকাৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰকল্প ৰূপায়ণৰ পৰ্যায়লৈ আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে নুমলীগড় শোধনাগাৰৰ উৎপাদন ক্ষমতা ২৮,০০০ কোটি টকা ব্যয়েৰে ৩ নিযুত মেট্রিক টনৰ পৰা ৯ নিযুত মেট্রিক টনলৈ বৃদ্ধিৰ প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে। বাঁহৰ পৰা ইথানল প্রস্তুত কৰিব পৰা উদ্যোগৰ কামো পূর্ণগতিত আগবাঢ়িছে। ২৭,০০০ কোটি টকা ব্যয়েৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ১০,৬০০ কোটি টকা ব্যয়েৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ কাম ইতিমধ্যে পূর্ণগতিত আগবাঢ়িছে। পেছি কোম্পানীসমূহেও অসমত উৎপাদন গোট আৰম্ভকৰিছে বুলিও তেওঁ কয়। এডভান্টেজ আছাম-২.০ৰ সময়ত লাভ কৰা বিনিয়োগৰ আন এটা প্রতিশ্রুতি আজি বাস্তৱায়িত হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে উজনি অসমত উদ্যোগীকৰণৰ বৃহৎ সুবিধা আছে। তেওঁ আশা প্রকাশ কৰে যে উজনি অসমৰ ৰাইজে উদ্যোগসমূহক আদৰি লৈ উদ্যোগীকৰণৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰিব, যাতে চৰকাৰে নতুন নতুন উদ্যোগ অঞ্চলটোলৈ আনিব পাৰে। তেওঁ কয় যে ব্যৱসায়ী আৰু উদ্যোগীসকলে কাম কৰাৰ সুবিধা পালে, আইন-শৃংখলা পৰিস্থিতি উন্নত হ’লে, চান্দা আদিৰ হেঁাঁচা নাথাকিলে উদ্যোগীকৰণৰ গতি বৃদ্ধিহ’ব। উদ্যোগীকৰণ হ’লে নিয়োগৰ সুবিধাৰ সৃষ্টি হয়, অর্থনীতি বৃদ্ধি হয় আৰু ৰাজ্যৰ বিকাশ দ্রুত হয়। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ সময়ত আৰু চাপৰত ৫০ হাজাৰ কোটি টকাৰ থাৰ্মেল পাৱাৰ প্ৰকল্প নিৰ্মাণৰ সময়ত কোম্পানী দুটাই স্থানীয় ৰাইজৰ পৰা সম্পূর্ণ সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় ৰাইজে আন্তৰিক সহযোগিতা আগবঢ়ালে উদ্যোগীকৰণ সম্ভৱ হয়। উদ্যোগীকৰণে নিবনুৱাক সংস্থাপনৰ সুবিধা দিয়ে আৰু বৃহৎ উদ্যোগৰ সৈতে বহু ক্ষুদ্র উদ্যোগ গঢ়ি উঠে। তেওঁ কয় যে উদ্যোগীকৰণৰ সমান কর্মসংস্থাপন আন কোনোৱে আনিব নোৱাৰে। তিনিচুকীয়াত কেই বাটাও নতুন উদ্যোগ স্থাপনৰ বাবে প্ৰস্তাৱ লাভ কৰা বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে এই প্ৰস্তাৱসমূহ ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰি আছে। তিনিচুকীয়া জিলাক এখন ঔদ্যোগিক জিলালৈ ৰূপান্তৰ কৰাৰ বাবে তেওঁ তিনিচুকীয়াবাসী ৰাইজৰ সহযোগিতা কামনা কৰে। অনুষ্ঠানত মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সঞ্জয় কিষাণ, বলীন চেতিয়া, পুলক গোহাঁই, ৰূপেশ গোৱালা, সুৰেন ফুকন, তৰংগ গগৈ, লাইট ব্রিকছ প্রাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক দিলীপ গোয়েংকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।