ভাবনা – বনজিত দাস

Pc StockCake

ভাবনা

বনজিত দাস,ৰিহাবাৰী, বজালী

 ভাবনা, মনৰ কোঠালিত
বৰ উৎপতীয়া
কল্পনা সাগৰত ডুবাই
কৰা কিমান যে নঘটঘটিয়া ।
কেতিয়াবা আকাশত কেতিয়াবা সাগৰত
নিজান বনত বহি
কাৰ সৈতে কথা পতা
প্ৰেমৰ কিমান আলাপ !
ভাবনা, বৰ উৎপতীয়া
অৱশ্যে মোৰ বৰকৈ খিয়াল ৰখা
ভবিষ্যতৰ অদেখা বাটত
সপোন সিঁচি চিন্তাৰ বীজত
জীৱনৰ অৰ্থ বিচৰা ।
সংবেদনশীল উদ্দীপনাৰ
বিশাল জ্ঞানমূলক প্ৰক্ৰিয়া
গতিত মতি লগাই
বন্ধ দুৱাৰৰ সীপাৰে
নতুন পথৰ সন্ধান দিয়া ।
ভাবনা, বৰ যে দুষ্ট
সুন্দৰৰ মোহত চকু মেলি
হেঁপাহত অচিনাকি সঙ্গী বিচাৰি
জীৱনটো কৰে খেলিমেলি,
সুন্দৰী নাৰীৰ
পাল্লাত পৰি
জীৱনটোৱেই কৰে লটিঘটি ।
ভাবনা, মহা শকতি
কল্পনা সাগৰত থাকে সদায় ভ্ৰমি
ভাবনা, বৰ উৎপতীয়া
মস্ত দুষ্টমতি
তথাপি দেখোন
জীৱনটোক দিয়ে জীয়াই থকাৰ
এটা নতুন কাহিনী ।