ক্ষমতাৰ অহংকাৰ আৰু শ্ৰেষ্ঠত্বৰ অৱসান
প্ৰদীপ দাস
তিতাবৰ, যোৰহাট
আদিম কালৰে পৰা ক্ষমতা, বুদ্ধি আৰু শ্ৰেষ্ঠত্বৰ অহংকাৰে মানুহক প্ৰায়ে অন্ধ কৰি আহিছে। যেতিয়া এজন ব্যক্তিয়ে নিজকে আটাইতকৈ বুদ্ধিমান, শ্ৰেষ্ঠ বা শক্তিশালী বুলি ভাবিবলৈ লয়, তেতিয়াই তেওঁৰ পতনৰ বীজ ৰোপণ হয়। এনে অহংকাৰী মনস্তত্ত্বৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হ’ল— নিজতকৈ আনক হীন, দুৰ্বল বা তুচ্ছ বুলি গণ্য কৰা। ইতিহাস, পুৰাণ আৰু সময়ৰ চক্ৰই এই সম্পৰ্কে প্ৰমাণ কৰিছে যে যিজনক আটাইতকৈ হীন বুলি অৱজ্ঞা কৰা হয়, শেষত সেইজনৰ চৰণতে অহংকাৰীজনে মূৰ দোঁৱাবলৈ বা শৰণাপন্ন হ’বলৈ বাধ্য হয়। ই কেৱল এক কাকতালীয় ঘটনা নহয়, বৰঞ্চ প্ৰকৃতি আৰু মানৱ মনস্তত্ত্বৰ এক অমোঘ নিয়ম।
যেতিয়া কোনো ব্যক্তিয়ে ক্ষমতাৰ শিখৰত উপনীত হয়, তেতিয়া তেওঁলোকৰ মনত একপ্ৰকাৰৰ শ্ৰেষ্ঠত্বৰ অহংকাৰ (Superiority Complex) গঢ়ি উঠে। তেওঁলোকে ভাবিবলৈ লয় যে তেওঁলোকৰ সিদ্ধান্তই সঠিক আৰু তেওঁলোকৰ বুদ্ধি অপৰাজিত। এই অহংকাৰৰ বশৱৰ্তী হৈ তেওঁলোকে নিজৰ চাৰিওফালৰ সাধাৰণ মানুহ বা প্ৰতিপক্ষক অতি তুচ্ছ জ্ঞান কৰে। তেওঁলোকে পাহৰি যায় যে বুদ্ধি বা ক্ষমতা স্থায়ী নহয় আৰু ই কেতিয়াও এজন ব্যক্তিৰ মাজত সীমাবদ্ধ হৈ নেথাকে। এই অন্ধত্বৰ বাবেই তেওঁলোকে সন্মুখত থকা নিম্ন অথবা হীন বুলি ভবা মানুহজনৰ প্ৰকৃত শক্তিক বুজিব নোৱাৰে। বিশ্ব ইতিহাসত এনে বহু শক্তিশালী ব্যক্তি আছিল, যিসকলে নিজৰ পদৰ তলত গোটেই পৃথিৱী থকা বুলি ভাবিছিল, কিন্তু অৱশেষত তেওঁলোকে ‘হীন’ বুলি ভবাজনৰ ওচৰত আশ্ৰিত হ’বলগীয়া হৈছিল।
ৰোমৰ আটাইতকৈ শক্তিশালী সামৰিক জেনেৰেল আৰু একচ্ছত্ৰী শাসক জুলিয়াছ চিজাৰ বা পৰৱৰ্তী সময়ত মাৰ্ক এণ্টনিয়ে নিজকে বিশ্বৰ ভাগ্যবিধাতা বুলি ভাবিছিল। তেওঁলোকৰ তুলনাত ইজিপ্টৰ যুৱ ৰাজকুমাৰী ক্লিওপেট্ৰাৰ সামৰিক শক্তি আছিল অতি নগণ্য। কিন্তু ক্লিওপেট্ৰাৰৰ অপৰিসীম ৰাজনৈতিক বুদ্ধি আৰু ব্যক্তিত্বৰ সন্মুখত ৰোমৰ এই মহাশক্তিশালী পুৰুষসকল এনেদৰে ধাৰাষায়ী হৈছিল যে শেষত তেওঁলোকে ক্লিওপেট্ৰাৰ ইচ্ছা আৰু স্বাৰ্থৰ ওচৰত শৰণাপন্ন হ’বলগীয়া হৈছিল। একেদৰে ফ্ৰান্সৰ সম্ৰাট নেপোলিয়ন বোনাপাৰ্টে সমগ্ৰ ইউৰোপ জয় কৰি নিজকে অপৰাজেয় বুলি ভাবিছিল। তেওঁ যেতিয়া ৰাছিয়া আক্ৰমণ কৰিছিল, তেতিয়া ৰাছিয়াৰ সৈন্য আৰু তাৰ সাধাৰণ গ্ৰাম্য সমাজক অতি হীন আৰু দুৰ্বল বুলি ভাবিছিল। কিন্তু ৰাছিয়াৰ মানুহে নেপোলিয়নৰ অহংকাৰী বিশাল সৈন্যবাহিনীক এনে এক পৰিস্থিতিলৈ টানি আনিলে য’ত ক্ষুধা আৰু শীতৰ প্ৰকোপত নেপোলিয়নে নিজৰ সৰ্বস্ব হেৰুৱাই অপমানজনকভাৱে পিছুৱাই যাবলগীয়া হৈছিল।
১৯ শতিকাৰ শেষৰ পিনে বিখ্যাত পদাৰ্থ বিজ্ঞানী লৰ্ড কেলভিনে (Lord Kelvin) অহংকাৰ কৰি ঘোষণা কৰিছিল যে পদাৰ্থ বিজ্ঞানত নতুনকৈ আৱিষ্কাৰ কৰিবলগীয়া একো বাকী নাই, কেৱল কিছুমান জোখ-মাখ নিখুঁত কৰিবলৈহে বাকী আছে। তেওঁ সেই সময়ৰ নৱপ্ৰজন্মৰ নতুন ধাৰণাবোৰক ভিত্তিহীন বুলি উলাই কৰিছিল। কিন্তু ইয়াৰ ঠিক পিছতেই এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাবাদ (Relativity) আৰু কোৱাণ্টাম মেকানিক্সৰ দৰে বৈপ্লৱিক তত্ত্বৰ জন্ম হয়। কেলভিনে যি নতুন চিন্তাধাৰাক তুচ্ছ জ্ঞান কৰিছিল, শেষত সমগ্ৰ বিজ্ঞানী সমাজে আৰু কেলভিনৰ পুৰণি তত্ত্বই সেই নতুন বিজ্ঞানৰ ওচৰত আঁঠু ল’বলৈ বাধ্য হ’ল।
বিশ্ব ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আৰু একচ্ছত্ৰী স্বৈৰাচাৰী শাসক এডলফ হিটলাৰ কথা নক’লে বোধহয় এই লেখাটো আধৰুৱা হৈ ৰ’ৱ। ১৯৩৩ চনত হিটলাৰে জাৰ্মানীৰ ‘চান্সেলৰ’ (প্ৰধানমন্ত্ৰী) হয় আৰু ক্ষমতালৈ আহিয়েই গণতন্ত্ৰ ধ্বংস কৰি নিজকে জাৰ্মানীৰ একচ্ছত্ৰী একনায়ক বা ‘ফুৰাৰ’ (Fuhrer) বুলি ঘোষণা কৰে। প্ৰথম কেইবছৰমানত হিটলাৰৰ নাজী বাহিনীয়ে ফ্ৰান্স, বেলজিয়াম আদি ইউৰোপৰ বহু ডাঙৰ দেশ অতি সহজে দখল কৰে। এই ধাৰাবাহিক বিজয়ে হিটলাৰক ইমান অহংকাৰী কৰি তুলিছিল যে তেওঁ নিজকে এজন অপৰাজেয় ঈশ্বৰ সদৃশ বুলি ভাবিবলৈ লৈছিল। তেওঁ আনকি তেওঁৰ সামৰিক জেনেৰেলসকলৰ যুক্তিসংগত পৰামৰ্শবোৰকো তুচ্ছ জ্ঞান কৰিবলৈ ধৰিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰে যেতিয়া ছোভিয়েট ইউনিয়ন (ৰাছিয়া) আক্ৰমণ কৰে, তেতিয়া তেওঁ ৰাছিয়াৰ সৰ্বহাৰা জনতা আৰু তেওঁলোকৰ সেনাক অতি হীন, অশিক্ষিত আৰু দুৰ্বল বুলি ভাবিছিল। কিন্তু ৰাছিয়াৰ তীব্ৰ শীত আৰু ৰাছিয়ান বাহিনীৰ অনমনীয় প্ৰতিৰোধৰ সন্মুখত জাৰ্মান সৈন্য তিষ্ঠিব নোৱাৰিলে। বিখ্যাত ষ্টালিনগ্ৰাডৰ যুদ্ধত (Battle of Stalingrad) হিটলাৰৰ বিশাল আৰু অহংকাৰী ‘ষষ্ঠ বাহিনী’ সম্পূৰ্ণৰূপে পৰাজিত হ’ল। ইয়াৰ পিছত হিটলাৰে হীন বুলি ভাব ৰাছিয়ান বা মিত্ৰবাহিনীৰ হাতত ধৰা পৰি অপমানিত হোৱাৰ ভয়ত বাৰ্লিনৰ এটা মাটিৰ বাংকাৰৰ ভিতৰত আত্মগোপন কৰি আত্মহত্যা কৰিবলগীয়া হ’ল। হিটলাৰৰ এই কৰুণ অথচ কলংকিত ইতিহাসে আমাক সোঁৱৰাই দিয়ে যে— কোনো ব্যক্তিৰ ওচৰত যিমানেই বিশাল সামৰিক শক্তি বা ক্ষমতা নাথাকক কিয়, যেতিয়াই তেওঁ নিজক আটাইতকৈ শ্ৰেষ্ঠ বুলি ভাবি আনক হীন বুলি অৱজ্ঞা কৰিবলৈ লয়, তেতিয়াই তেওঁৰ সৰ্বনাশ হয়। হিটলাৰে সমগ্ৰ বিশ্বক হীন বুলি ভাবি নিজৰ ভৰিৰ তলত ৰাখিব বিচাৰিছিল, কিন্তু শেষত তেওঁ নিজেই এটা অন্ধকাৰ বাংকাৰৰ ভিতৰত আত্মগোপন কৰি শেষ হৈ যাবলগীয়া হ’ল।
ভাৰতীয় মহাকাব্য আৰু পুৰাণসমূহতো এই সত্যক অতি সুন্দৰভাৱে চিত্ৰায়িত কৰা হৈছে। মহাকাব্য ৰামায়ণৰ ৰাৱণৰ কথা কোনে নাজানে? তেওঁ আছিল মহাজ্ঞানী, ত্ৰিভুৱন বিজয়ী আৰু শিৱৰ পৰম ভক্ত। কিন্তু তেওঁৰ অহংকাৰ ইমানেই তীব্ৰ আছিল যে ব্ৰহ্মদেৱৰ পৰা অমৰত্বৰ বৰ খোজাৰ সময়ত দেৱ-অসুৰ সকলোকে গণনা কৰিছিল কিন্তু মানুহ আৰু বান্দৰক ইমান হীন বুলি ভাবিছিল যে তেওঁলোকৰ পৰা সুৰক্ষা বিচৰাৰ প্ৰয়োজনবোধ কৰা নাছিল। অৱশেষত তেওঁ আটাইতকৈ তুচ্ছ বুলি ভবা সেই বান্দৰ সেনা আৰু এজন সাধাৰণ বনবাসী মানুহৰ (শ্ৰীৰাম) হাততেই তেওঁৰ বিশাল সাম্ৰাজ্য আৰু অহংকাৰ ধূলিস্যাৎ হৈ পৰিল। একেদৰে স্বৰ্গৰ ৰজা ইন্দ্ৰৰ মনত নিজৰ দেৱত্ব আৰু ক্ষমতাৰ বাবে এক তীব্ৰ অহংমন্যতা গঢ়ি উঠিছিল। তেওঁ গকুলৰ মানুহবোৰক সাধাৰণ গোৱাল বুলি অতি হীনভাবেৰে চাইছিল। যেতিয়া গাঁৱৰ মানুহে ইন্দ্ৰৰ পূজা কৰিবলৈ মান্তি নহ’ল, তেতিয়া ইন্দ্ৰই খঙতে সমগ্ৰ গকুল ধ্বংস কৰিবলৈ ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ সৃষ্টি কৰিলে। তেতিয়া শ্ৰীকৃষ্ণই নিজৰ কেঞা আঙুলিৰে গোৱৰ্ধন পৰ্বত দাঙি ধৰি সেই ‘হীন’ বুলি ভবা গোপ-গোপী আৰু জীৱ-জন্তুবোৰক সুৰক্ষা দিলে। ইন্দ্ৰৰ সমস্ত শক্তি এজন সাধাৰণ গোৱালৰ ৰূপত থকা শ্ৰীকৃষ্ণৰ হাতত ব্যৰ্থ হ’ল। অৱশেষত ইন্দ্ৰই নিজৰ ভুল বুজি পাই স্বৰ্গৰ পৰা নামি আহি সেই গোপবালক শ্ৰীকৃষ্ণৰ চৰণত পৰি ক্ষমা খুজি শৰণাপন্ন হ’বলগীয়া হৈছিল।
দৰাচলতে ক্ষমতাৰ অৰ্থ কাৰোবাৰ ওপৰত আধিপত্য বিস্তাৰ কৰা বা নিজৰ অহংকাৰ প্ৰদৰ্শন কৰা নহয়। ই হৈছে এক গভীৰ মানৱীয় দায়িত্ব আৰু সমাজক গঠনাত্মকভাৱে পৰিচালনা কৰাৰ এক সামৰ্থ। প্ৰচলিত সমাজ ব্যৱস্থাত প্ৰায়েই ক্ষমতা বুলি ক’লে নিয়ন্ত্ৰণ, দমন, বাধ্যকৰোৱা বা নিজক আনতকৈ শ্ৰেষ্ঠ প্ৰমাণ কৰাৰ এক নেতিবাচক প্ৰৱণতা পৰোক্ষভাবে গঢ়ি উঠা দেখা যায়। এনে ধাৰণা প্ৰকৃতাৰ্থত সংকীৰ্ণৰ পৰিচায়ক। যেতিয়া এজন ব্যক্তিয়ে কোনো সমাজ, সংগঠন বা দেশৰ স্তৰত ক্ষমতা লাভ কৰে, তেতিয়া প্ৰকৃততে তেওঁৰ কান্ধত আন বহুতৰে আশা, আকাংক্ষা, অধিকাৰ আৰু সুৰক্ষাৰ এক বৃহৎ গুৰু দায়িত্ব আহি পৰে। এজন প্ৰকৃত আদৰ্শবাদী আৰু শক্তিশালী ব্যক্তি বা নেতাই নিজৰ ক্ষমতাক কাৰোবাক সৰু কৰিবলৈ বা কাৰোবাৰ কণ্ঠৰোধ কৰিবলৈ কেতিয়াও ব্যৱহাৰ নকৰে। তাৰ বিপৰীতে তেওঁ সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীক লগত লৈ, সকলোকে সম অধিকাৰ প্ৰদান কৰি এক সঠিক আৰু প্ৰগতিশীল দিশত আগবাঢ়ি যোৱাৰ বাবেহে নিজৰ সামৰ্থ প্ৰয়োগ কৰে। প্ৰকৃত ক্ষমতা সদায় সবলীকৰণৰ (Empowerment) সৈতেহে জড়িত, যাৰ অৰ্থ হৈছে লোকসকলৰ ওপৰত ক্ষমতা খটোৱাৰ পৰিৱৰ্তে লোকসকলক লগত লৈ সমাজ বা দেশৰ উন্নতিৰ বাবে কাম কৰা। প্ৰকৃত ক্ষমতা সদায় সৃষ্টিশীল আৰু কল্যাণকামীহে, কেতিয়াও ধ্বংসাত্মক নহয়। ক্ষমতাৰ প্ৰকৃত সৌন্দৰ্য আৰু শক্তি প্ৰতিফলিত হয় সু-পৰিচালনা, সু-নেতৃত্ব, নৈতিকতা, আত্ম-সংযম আৰু বিনম্ৰতাৰ জৰিয়তে। এজন ব্যক্তিৰ হাতত ক্ষমতা থকাৰ পিছত যেতিয়া তেওঁ অহংকাৰী নহৈ উদাৰ আৰু ন্যায়পৰায়ণভাবে সমাজ আৰু জনগণৰ উন্নতিৰ হকে আহোপুৰুষাৰ্থ কৰে, তেতিয়াহে সমাজত তেওঁৰ প্ৰকৃত ক্ষমতাৰ জয়যাত্ৰা আৰম্ভ হয়। নেলছন মেণ্ডেলা, মহাত্মা গান্ধী বা ড° এ পি জে আব্দুল কালামৰ দৰে মহান মনিষীসকলৰ জীৱনলৈ চালে আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ হাতত অপাৰ ক্ষমতা আৰু জনসমৰ্থন থকাৰ পিছতো তেওঁলোকে ক্ষমতাৰ অপপ্ৰয়োগ কৰা নাছিল, বৰঞ্চ নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ দ্বাৰা বিশ্ব ইতিহাসত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। ক্ষমতা হৈছে সমাজ সংস্কাৰ আৰু মানৱ সেৱাৰ এক পৱিত্ৰ সুযোগ, যাৰ জৰিয়তে সমাজৰ অন্যায়-অবিচাৰ দূৰ কৰি সকলোৰে বাবে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পৰা যায়।
সাম্প্রতিক সময়ত সমাজ, ব্যৱসায় বা কৰ্মক্ষেত্ৰত প্ৰায়ে দেখা যায় যে কিছুমান উচ্চপদস্থ বা ক্ষমতাশালী লোকে নিজৰ তলৰ কৰ্মচাৰী বা সাধাৰণ ৰাইজক অতি হীন চকুৰে চায়। তেওঁলোকে ভাবে যে তেওঁলোকৰ অৰ্থ বা পদবীয়েই তেওঁলোকক চিৰদিন সুৰক্ষিত কৰি ৰাখিব। কিন্তু যেতিয়া কোনো সংকট আহে তেতিয়া সেই ক্ষমতাশালী লোকসকলে ক্ষমতাৰ আসন বচাবলৈ সেই হীন বুলি ভবা সাধাৰণ জনতাৰ শৰণাপন্ন হ’বলগীয়া হোৱাৰ উদাহৰণ বহুতো আছে। দৰাচলতে প্ৰকৃতিৰ এক নিজস্ব সন্তুলন (Balance) আছে। যেতিয়াই কোনোবাই নিজৰ বুদ্ধি আৰু ক্ষমতাৰ অহংকাৰৰ সীমা অতিক্ৰম কৰে আৰু আনক হীন বুলি ভাবিবলৈ লয়, তেতিয়াই সময়ে তেওঁক এক শিক্ষা দিয়ে। ইতিহাসৰ এই কাহিনীবোৰে আমাক ইয়াকে সোঁৱৰাই দিয়ে যে— জগতত কোনেও চিৰদিন শ্ৰেষ্ঠ হৈ থাকিব নোৱাৰে আৰু কাকোৱেই হীন বুলি অৱজ্ঞা কৰিব নালাগে। নম্ৰতা আৰু আনৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাটোহে প্ৰকৃত জ্ঞানীৰ লক্ষণ। কাৰণ অহংকাৰৰ শেষ পৰিণতি সদায় পৰাজয় আৰু ধংস হোৱাটোৱে নিশ্চিত।
