নিমিশা প্ৰসংগ: অভিভাৱকৰ দায়িত্বহীনতা নে সন্তানৰ উশৃংখলতা — সমাধানৰ সূত্ৰ দীপিকা ফুকন

নিমিশা প্ৰসংগ: অভিভাৱকৰ দায়িত্বহীনতা নে সন্তানৰ উশৃংখলতা — সমাধানৰ সূত্ৰ

দীপিকা ফুকন, 
চুঙাজান, গোলাঘাট
২৬ চেপ্তেম্বৰ ২০২৬ ত গুৱাহাটীৰ গড়চুকত সংঘটিত হোৱা নিমিশা ঠাকুৰীয়াৰ মৃত্যুৱে গোটেই অসমক জোকাৰি গৈছে। এগৰাকী ২২ বছৰীয়া নিঘূনি সাবালিকা ছোৱালী, সন্ধিয়া ঘৰৰ পৰা পিতৃ-মাতৃক কৈ, পিতাকৰ পৰা দুহেজাৰ টকা লৈ লগৰীয়াৰ লগত পাৰ্টি কৰোঁগৈ বুলি ওলাই গৈ নিশা এখন হোমষ্টেত ৰহস্যজনকভাৱে মৃতদেহলৈ পৰিনত হ’ল। কাৰোবাৰ ৰহস্যজনক মৃত্যু হ’লে বা কোনোবাই হত্যা কৰিলে “আৰক্ষীৰ তদন্ত চলি আছে, এজন যুৱক আটকাধীন”—-এইটো অতি সাধাৰণ বা নিয়মৰ কথা।

এই ঘটনাক লৈ এতিয়া আমি কি চৰ্চা কৰিম? ইয়াৰ পৰা কিমান লোকচান হ’ল তাৰ হিচাপ কোনোপধ্যেই নোলায়। কাৰণ এজনী গাভৰু ছোৱালীৰ অপ-মৃত্যুৱে কেৱল মাক-দেউতাকৰ বুকু শুদা কৰাই নহ’য়,এটা প্ৰজন্মলৈ বা সমগ্ৰ ছোৱালী জাতীটোলৈকে এটা মচিব নোৱাৰা সন্দেহ বা কলংকৰ দাগ থৈ যায়। নিমিশা কাণ্ড এইবাৰহে যে হৈছে এনে নহ’য়,আগতেও বহুজনী নিমিশাই হয়তো ইয়াতকৈও বৰ্বৰতা সাৱতি মৃত্যু মুখত পৰিছে। সেয়ে এই বিষয়টো অতি চিন্তনীয় হৈ পৰিছে।

এতিয়া আমি ইয়াক কেৱল সন্তানৰ উশৃংখলতা বুলিম নে আন কিবা বুলি কম? বা এই ঘটনাৰ বাবে দায়ী কোন?

মুখ্যমন্ত্ৰীয়েও কৈছে — ছোৱালীগৰাকী নাবালিকা নাছিল, সাবালিকা আছিল। নিজকে সুৰক্ষিত কৰাৰ দায়িত্ব নিজৰো আছে। প্ৰাপ্তবয়স্ক সন্তানে মিছা কথা কৈ, নথি-পত্ৰ নিদিয়াকৈ হোমষ্টেত থকা, নিশাৰ ভাগত বিপদজনক পৰিস্থিতিলৈ যোৱাটো উশৃংখলতা নহয় নে? স্বাধীনতাৰ নামত আমি উশৃংখলতাক প্ৰশ্ৰয় দিয়া নাই জানো? নে ইয়াৰ অন্তৰালত অভিভাৱকৰ দায়িত্বহীনতাও আছে?

সন্তানে ৫ বছৰে প্ৰেমৰ সম্পৰ্ক চলাই আছে, ঘৰলৈ আহিছে, তথাপিও পৰিয়ালে গম নোপোৱা বা গম পাইও এই সম্পৰ্কে খোলাখুলিকৈ কথা নপতা — সেয়াটো দেখাদেখিকৈ দায়িত্বহীনতা। “বন্ধুৰ হোষ্টেলত থাকিম” বুলি ক’লেই আমি বিশ্বাস কৰি লওঁ!হাততে মোবাইলটো থাকিও ফোনত এবাৰ খবৰ নলওঁ বা সন্তানৰ কথাৰ সত্যা-সত্য বিচাৰ নকৰাকৈ থাকো।ল’ৰা-ছোৱালীক বিশ্বাস কৰা ভাল, কিন্তু অন্ধ বিশ্বাস বিপদজনক।

এইখিনিতে মই নিজে সাক্ষী থকা দুটা ঘটনা সকলোকে অৱগত কৰিছোঁ।

(১)ব্যস্ততা পূৰ্ণ এখন চহৰলৈ গৈছিলোঁ চেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ কোনো এটা পুৱা। বাছৰ পৰা নামি টমটম এখনক গন্তব্যস্থানৰ কথা কওঁতেই এজন ২০-২৫ বছৰীয়া যুৱক ঘৰধৰকৈ আহি উঠি বহিল।পিন্ধনত বগা চাৰ্ট, ক’লা পেণ্ট;হাতত এটা সাধাৰণতে কলেজীয়া ছাত্ৰই লোৱা বেগ। ভিতৰত বেছি বস্তু নাই যেন লাগিল মোৰ।চাল চলন বেছ ভদ্ৰ,সভ্ৰান্ত যেন দেখিলো। ময়ো উঠি মুখামুখিকৈ বহিলোঁ। যুৱকজনে ড্ৰাইভাৰক ক’লে যে-ব’লক ,ৰব নালাগে।অলপ আগত মোৰ লগৰ এজন ৰৈ আছে।কিছু দুৰ অহাৰ পাছত যুৱকে বাটত ৰৈ থকা এগৰাকী যুৱতীৰ কাষত টমটমখন ৰখাবলৈ কৈ তেওঁক উঠাই ল’লে। মই মনতে ভাবিলোঁ ‘এজন বুলি কৈ এজনীহে উঠালে দেখোন! যুৱতীগৰাকীৰ পিন্ধনত শোধবগা চুৰিদাৰ আৰু আকাশী নীলা দুপাট্টা; নিসন্দেহে এয়া ইউনিফৰ্ম।প্ৰায় দুই কিলোমিটাৰ আহি এটা সুদৃশ্য হোমষ্টেৰ সমুখত টমটম ৰখাই তেওঁলোক নামি গ’ল।

(২) এটা গাৰ্লছ পি জি। মালিকক মই ভালকৈয়ে জানো। কিবা কাৰনত পৰিবাৰ সহ এৰাতিৰ বাবে আন এখন চহৰলৈ গ’ল। ঘৰত পি জিৰ ছাত্ৰী কেইজনী আৰু ৰান্ধনী গৰাকী থাকিল। সন্ধিয়া ৭ বজাত ৰান্ধনীলৈ ফোন কৰি ঘৰৰ খবৰ লোৱাত এজনী ছোৱালীৰ বাদে আটাইবোৰ ছোৱালী অহাৰ বাতৰি পালে। ৮ বজাত ফোন কৰি একে খবৰকে পায় অলপ দুশ্চিন্তা হ’ল তেওঁৰ। ছাত্ৰীগৰাকীলৈ ফোন কৰিলত গম পালে যে ওচৰতে আছে,যাব এতিয়া। তেওঁ আশ্বস্ত হ’ল। ৯ বজাত ৰান্ধনীয়ে নিজে ফোন কৰি ছোৱালী গৰাকী নাই অহা বুলি কোৱাত তেওঁ পুনৰ ফোন কৰিলে ছোৱালী জনীলৈ। উত্তৰ আহিল “যাম এতিয়া”। কিন্তু কিবা এটা ভাবি মালিকে ভিডিঅ’ কল কৰিলে।নাই —ভিডিঅ’ কল এচেপ্ত নকৰে। লগে লগে ৫০ কিলোমিটাৰ দূৰত থকা মাক-দেউতাকলৈ ফোন কৰি সবিশেষ কৈ ৰাতিয়েই ছোৱালী চমজি ল’বলৈ বাধ্য কৰালে। হয়, ছোৱালী জনীৰ মাক-দেউতাকৰ কোনো দোষ নাই ইয়াত, কিন্তু মই ভাবিছো পাছত দুয়ো পক্ষৰ বিপদ হোৱাতকৈ তেওঁ যি কৰিলে ভালেই কৰিলে।

আচলতে কিবা অঘটন ঘটিলে দোষ জাপি দিয়াতকৈ আগতেই সমাধানৰ কথা ভবা উচিত।
সমাধানৰ সূত্ৰ:

ক) পৰিয়ালত বন্ধুত্ব : সন্তানক খং নকৰি, বন্ধুৰ দৰে কথা পাতিব পৰা পৰিবেশ লাগে। যাতে তেওঁলোকে বিপদত পৰিলে সুবিধা পালে মাক-দেউতাকক ফোন কৰিব পাৰে, ভয়ত মিছা কথা ক’ব লগা নহয়। নিমিশাই শেষ মুহূৰ্তত মাকক ফোন কৰিছিল — “মা, মোক বুকুত গুৰিয়াইছে”। এই ফোনটো যদি দুঘণ্টা আগতে আহিলহেঁতেন,হয়তো তাই ৰক্ষা পৰিলহেঁতেন।

খ) সংস্কাৰ আৰু সজাগতা : সংস্কাৰ মানে বান্ধি ৰখা নহয়, শিপাৰ লগত জড়িত হৈ থকা। লগতে বিশেষকৈ ছোৱালীক আত্মৰক্ষা, হোমষ্টে/গেষ্টহাউছৰ নিয়ম, নিচাযুক্ত দ্ৰব্যৰ বিপদ — এইবোৰ খোলাখুলিকৈ শিকাব লাগে।

গ) সমাজৰ দায়িত্ব : বিনা নথি-পত্ৰত হোমষ্টেত ৰুম দিয়া, নিশা অকলে থকা যুৱতীক সুৰক্ষা নিদিয়া — এইবোৰৰ ওপৰতো প্ৰশাসনে কঠোৰ হ’ব লাগে।

নিমিশা কেৱল তাইৰ মাক-দেউতাকৰ জীয়ৰী নহয়, আজি আমাৰ সকলোৰে জীয়ৰী। তাইৰ মৃত্যুৰ ন্যায় বিচাৰ আৰক্ষীয়ে কৰিব। কিন্তু আমাৰ ঘৰত যাতে দ্বিতীয় নিমিশাৰ সৃষ্টি নহয়, তাৰ বাবে অভিভাৱক আৰু সন্তান দুয়োৰে মাজত বিশ্বাস আৰু সু-সম্পৰ্ক ঘূৰাই আনিব লাগিব।

বিশেষ দ্ৰষ্টব্য:: যিদিন ধৰি কাষৰ ঘৰৰ ল’ৰা বা ছোৱালী জনীক আপুনি বেয়া দেখিলেও কিবা এটা কোৱাৰ অধিকাৰ নাইকীয়া হ’ল তেতিয়াৰ পৰাই আমাৰ ল’ৰা-ছোৱালীৰ অধ:পতন আৰম্ভ হ’ল। গতিকে সন্তানৰ উশৃংখলতাৰ বাবে অভিভাৱকৰ অন্ধ মৰম আৰু সংস্কাৰ হীনতা প্ৰধানকৈ দায়ী। সেয়ে মৰমৰ সমান্তৰালকৈ শাসনৰো প্ৰয়োজন। আৰু অভিভাৱকৰ মৰম উপলব্ধি কৰিব পৰাকৈ সন্তানক শিক্ষা দিয়াটো অতি জৰুৰী।