১০০শতাংশ ইথানলেৰে গাড়ীৰ চলোৱা সিদ্ধান্ত কেন্দ্ৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ই-২০ বিতর্কৰ মাজতে এইবাৰ ই-১০০ ইন্ধনত সেউজ সংকেত দিলে কেন্দ্ৰৰ মোদী চৰকাৰে। দেশৰ পৰিবহণ ক্ষেত্ৰখনত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে ১০০ শতাংশ ইথানল ইন্ধনেৰে গাড়ী চলোৱাৰ আনুষ্ঠানিক অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ইয়াৰ বাবে ‘কেন্দ্ৰীয় মটৰ বাহন নিয়মাৱলী, ১৯৮৯’ (Central Motor Vehicles Rules) সংশোধন কৰি এক অধিসূচনা জাৰি কৰিছে। ইয়াৰ জৰিয়তে ‘ভেহিকল এমিচন ষ্টেণ্ডার্ড’ ইন্ধনৰ স্পেচিফিকেচন আৰু পৰীক্ষা পদ্ধতি সম্পর্কীয় বিধি-বিধানত ই-৮৫ৰ লগতে ই-১০০কো অন্তর্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত গাড়ী নিৰ্মাণকাৰী সংস্থাসমূহে এনে যান-বাহন নিৰ্মাণ কৰিব পাৰিব, যিবোৰ কেৱল ইথানলতেই চলিব। কিন্তু ই-৮৫ আৰু ই-১০০ কেৱল সেইবোৰ যান-বাহনতেই ব্যৱহাৰ কৰা হ’ব, যিবোৰ তাৰ বাবে বিশেষভাবে অনুমোদিত। প্রচলিত পেট্র’লচালিত গাড়ী, আনকি ই-২০ত চলাৰ উপযোগী গাড়ীসমূহতো ই-১০০ ইন্ধন ব্যৱহাৰ কৰা নহ’ব। ই-৮৫ বা ই-১০০ ইন্ধনেৰে গাড়ী চলাবলৈ হ’লে ইঞ্জিনত সালসলনি ঘটাব লাগিব। কিন্তু বর্তমান বজাৰত তেনে গাড়ী নাই। এতেকে সম্পূৰ্ণৰূপে ইথানলত গাড়ী চলাবলৈ হ’লে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব। ‘মটৰ ভেহিকলছ কল’ত যি সংশোধনীসমূহ অনা হৈছে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল যান-বাহনৰ ওজন। জানিব পৰা মতে, যান-বাহনৰ মুঠ ওজনৰ সর্বোচ্চ সীমা ৩,০০০ কেজিৰ পৰা বঢ়াই ৩,৫০০ কেজি কৰা হৈছে। কেন্দ্ৰৰ দাবী যে বিভিন্ন দেশৰ পৰা আমদানি কৰা অপৰিশোধিত তেলৰ ওপৰত নিৰ্ভৰশীলতা কমাই ইথানলৰ ইন্ধন তৈয়াৰ কৰিবলৈ মন বান্ধিছে চৰকাৰে। তদুপৰি মধ্যপ্রাচ্যত যুদ্ধৰ পৰিপ্ৰেক্ষিতত ইথানলৰ গুৰুত্ব আৰু অধিক অনুধাৱন কৰিব পাৰিছে মোদী চৰকাৰে।
