৪ দিনীয়া ভ্রমণসূচীৰে কোৰিয়ালৈ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল

Pc Time8

৪ দিনীয়া ভ্রমণসূচীৰে কোৰিয়ালৈ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- চাৰিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ কোৰিয়ালৈ যাত্ৰা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোনোৱালৰ। ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীর্ষ পাঁচখন জাহাজ নির্মাণকাৰী দেশৰ তালিকাত স্থান দিয়াৰ লক্ষ্যৰে দুয়োখন দেশে জাহাজ নির্মাণ খণ্ডত সহযোগিতা লাভ কৰা উদেশ্যে কোৰিয়ান উদ্যোগসমূহক ভাৰতৰ সামুদ্রিক ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়ে অৱগত কৰাব। কেন্দ্ৰীয় মন্ত্রী সোনোৱালৰ যাত্ৰাৰ প্ৰথম দিনাই কোৰিয়াৰ সামুদ্রিক উদ্যোগৰ কেন্দ্ৰস্থল বুলি অভিহিত বুছান চহৰত কোৰিয়াত জাহাজ নির্মাণ খণ্ডত কৰ্মৰত ভাৰতীয়সকলৰ সৈতে হোৱা বাৰ্তালাপ দ্বাৰাই তেওঁ ভ্ৰমণৰ শুভাৰম্ভকৰে। ভাৰতীয় ৰাষ্ট্রদূত গৌৰংগালাল দাসে অনুষ্ঠানলে সকলোকে  আদৰণি জনাই, দক্ষিণ কোৰিয়াৰ ছামছাং হেভী ইন্ডাষ্ট্রীজ, হানরা অচিন, এইচডি হুণ্ডাই, ডিএনভি আৰু ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ চিপিং আদি প্রতিষ্ঠানত কৰ্মৰত ভাৰতীসকলক সোনোৱালৰ সৈতে পৰিচয় কৰাই দিয়ে। উক্ত অনুষ্ঠানৰ সৈতে সংগতিৰাখি সোনোৱালে কয়- আজি আপোনালোক বিশ্বৰ অন্যতম জাহাজ নির্মাণ কাৰি দেশ কোৰিয়াত উপস্থিতি থাকি ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। যোৱা এপ্রিল মাহত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিযুঙৰ ভাৰত ভ্ৰমণৰ সময়ত, দুয়োখন দেশে গ্রহণ কৰা ভয়েজেছ কেৱল এখন চৰকাৰী চুক্তিয়েই নহয়, ই সামৰি লৈছিল জাহাজ নির্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্রিক সামগ্রী আমদানি ৰপ্তানি আদি সকলো দিশক, যিয়ে অনাগত দিনত দেশ দুখনৰ অৰ্থনীতি বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। তেখেতে লগতে উল্লেখ কৰে, ভাৰতৰ সামুদ্রিক খণ্ডৰ ভৱিষ্যৎ দৃঢ় কৰাত ভয়েজেছক কোৰিয়াত থকা ভাৰতীয় জাহাজ নির্মাণকাৰি পেছাদাৰীসকলে এক মঞ্চ হিচাপে গণ্য কৰিব লাগিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘মেৰিটাইম ইণ্ডিয়া ভিছন-২০৩০’ আৰু ‘মেৰিটাইম অমৃত কাল ভিছন- ২০৪৭’ৰ অধীনত ভাৰতক জাহাজ নির্মাণ, জাহাজ মেৰামতি, সামুদ্রিক উৎপাদন আৰু সামগ্রী আমদানি-ৰপ্তানি ক্ষেত্ৰত বিশ্বৰ ভিতৰতে অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি সোনোৱালে প্রকাশ কৰে। ভাৰতীয় কেবিনেটে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰহণ কৰা নীতি আৰু অনুমোদনে ভাৰতক অধিক জাহাজ নির্মাণকাৰি, মেৰাইন ইঞ্জিনিয়াৰ, নেভেল আর্কিটেক্, ডিজাইনাৰ, বেল্ডাৰ, প্রকল্প পৰিচালক আৰু প্ৰযুক্তি বিশেষজ্ঞৰ প্রয়োজন হ’ব। সেয়েহে তাতে কৰ্মৰত পেছাদাৰীসকলক তেওঁলোকৰ কোৰিয়ান অভিজ্ঞতা দেশলৈ লৈ আহিবলৈ বা কোৰিয়াৰ পৰাই ভাৰতীয় কোম্পানীবোৰক সহায় কৰিবলৈ অনুৰোধ জনায়। ভাৰতীয় জাহাজ নির্মাণৰ সৈতে জড়িত পেছাদাৰীসকলক উদ্দেশ্য কৰি কয় যে আপোনোলোকে নিজ নিজ খণ্ডৰ অভিজ্ঞতা আৰু দক্ষতাক সাৰোগত কৰি দেশ দুখন মাজত সম্পৰ্কৰ সেতুৰ দৰে কাম কৰিব লাগিব। ভাৰতৰ জাহাজ প্রযুক্তি কেন্দ্ৰ আৰু কোৰিয়া আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ (KOICA) মাজত জাহাজ নির্মাণৰ ক্ষেত্ৰত গঢ়ি উঠা সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে কোৰিয়াত অৰ্জন কৰা অভিজ্ঞতাৰে দেশৰ উঠি অহা প্ৰজন্মক এই ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়ে উৎসাহ জনাব লাগিব। অন্য বহু বিষয়ৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তিনিটা বিশেষ বিষয়ত উপস্থিত ভাৰতীয় সকলৰ পৰা পৰামৰ্শ বিচাৰে জাহাজ নির্মাণ কাৰখানা (শিপয়ার্ড)ৰ উৎপাদন তথা প্রকল্পসমূহৰ সঠিক ৰূপায়ণ কেনেকৈ উন্নত কৰিব পৰা যায়, কেনেকৈ বিশ্বমানৰ দক্ষ কৰ্মচাৰী গঢ়ি তুলিব পাৰি, ভাৰতীয় আৰু কোৰিয়ান উদ্যোগসমূহৰ মাজত প্রযুক্তি, উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিব পৰা যায়। সোনোৱালে কয় যে আমি জাহাজ নির্মাণ, জাহাজ পৰিবহণ, বন্দৰ আৰু সামগ্রী আমদানি-ৰপ্তানিৰ ক্ষেত্ৰত কোৰিয়াৰ সম-অংশীদাৰিত্ব বিচাৰিছোঁ। তেওঁৰ এই ভ্রমণসূচীত এইচডি কোৰিয়া চিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং, ছামছাং হেভী ইণ্ডাষ্ট্রীজ, চেইজিন হেভী ইণ্ডাষ্ট্রীজ, কোৰিয়া মেৰিন ইকুইপমেন্ট এছ’চিয়েশ্যন, কোৰিয়া মেৰিন ইকুইপমেন্ট ৰিছাৰ্চ ইনষ্টিটিউট, কোৰিয়া মেৰিটাইম এণ্ড অচিয়ান ইউনিভাৰ্ছিটা আৰু কোৰিয়া আচিয়ান বিজনেছ কৰ্প’ৰেশ্যন আদি প্রতিষ্ঠানৰ সৈতে বৈঠক অন্তর্ভুক্ত আছে। সোনোৱালে দক্ষিণ কোৰিয়াৰ মহাসাগৰীয় আৰু মৎস্য মন্ত্ৰ্যালয়ৰ উপমন্ত্ৰীগৰাকীৰ সৈতেও এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বিশ্ব সামুদ্রিক দিৱস উপলক্ষে বুছানত অনুষ্ঠিত হ’বলগীয়া মন্ত্রীপৰ্যায়ৰ ঘূৰণীয়া মেজমেলতো কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই বৈঠকত দক্ষিণ কোৰিয়া, চাইপ্ৰাছ, শ্রীলংকা, মৰিছাছ আৰু নৰৱেৰ মন্ত্ৰীসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ সচিব প্রধান উপস্থিত থাকিব বুলি আশা কৰা হৈছে।