শ্রীভূমিত বিহুৱা দলক নৃশংস আক্ৰমণ
ৰঙিলী বাৰ্ত্তাসেৱা- বিহুক বিশ্ব দৰবাৰলৈ নিবলৈ বিভিন্ন ধৰণে অসমীয়াই প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে স্পৰ্ধাৰ চৰমসীমা অতিক্রমি অসমতে অসমীয়াৰ বাপতি-সাহোন বিহুক এলাগী কৰাৰ দুঃসাহস কৰিছে বৰাকৰ বঙালী দুষ্কৃতিকাৰীয়ে। বৰাক উপত্যকাত অসমীয়া গান পৰিৱেশনক কেন্দ্ৰ কৰি এটা থলুৱা বিহু দলৰ ওপৰত একাংশ বিকৃত মানসিকতাৰ দুৰ্বৃত্তই চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে । শাৰদীয় দুর্গোৎসৱৰ সৈতে সংগতি ৰাখি যোৱা ২৩ অক্টোবৰত শ্রীভূমি চহৰৰ হিন্দুস্থান ক্লাব দুর্গাপূজা সমিতিয়ে আয়োজন কৰিছিল এক সাংস্কৃতিক অনুষ্ঠানৰ। তাতেই বিহু পৰিৱেশনৰ বাবে আমন্ত্রণ জনোৱা হৈছিল বদৰপুৰৰ আদৰকোণা গাঁৱৰ এটা বিহু দলক। কিন্তু মাজনিশা অতর্কিতে একাংশ দুষ্কৃতিকাৰীয়ে বিহুৱা দলটোক কোনো কাৰণ নোহোৱাকৈ প্ৰচণ্ড মাৰপিট কৰে। অসমীয়া গীত পৰিৱেশনত বাধা দিয়া দলটোৱে শ্রীভূমিত অসমীয়া গীত গাব নোৱাৰিব বুলি একপ্ৰকাৰ ফতোৱা জাৰি কৰি দলটোক নৃশংসভাৱে আক্রমণ কৰে। সামাজিক মাধ্যমত সম্প্রতি ভাইৰেল হৈ পৰা উক্ত আক্ৰমণৰ দৃশ্যটোত হাতে হাতে লাঠী লৈ এটা উন্মাদপ্রায় উদণ্ড বঙালী দুষ্কৃতিকাৰীৰ দলে বিহুৱা দলটোৰ অসমীয়া সদস্যসকলক আক্রমণ কৰিবলৈ উদ্যত হোৱা দেখা গৈছিল। আক্রমণ ইমানেই ভয়ংকৰ আছিল যে বিহু দলটোৰ কেইবাজনো সদস্যৰ মূৰ ফাটি যোৱাৰ লগতে দাঁত পর্যন্ত ভাঙি গৈছিল। অকল অসমীয়া বিহুৱা দলটোক আক্রমণতে ক্ষান্ত নথকা দুষ্কৃতিকাৰীয়ে অসমীয়াৰ স্বাভিমান ঢোল গুৰুলাগুৰুলকৈ ভাঙি পেলোৱা দৃশ্যই সম্প্রতি ব্রহ্মপুত্র উপত্যকাৰ প্ৰতিগৰাকী স্বাভিমানী অসমীয়াক উত্তেজিত কৰি তুলিছে।

জানিব পৰা মতে, পূজাৰ প্ৰতিমা বিসর্জনক কেন্দ্ৰ কৰি আয়োজিত সাংস্কৃতিক কার্যসূচীত বিহুৱা দলটোৱে অংশগ্ৰহণৰ বাবে আহিছিল। অনুষ্ঠান আৰম্ভ হোৱাৰ সময়তে বিসর্জন চাবলৈ অহা একাংশ লোকে কোনো কাৰণ নোহোৱাকৈ দলটোৰ সদস্যসকলৰ সৈত বাক-বিতণ্ডাত লিপ্ত হয়। পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই মাৰপিটৰ ৰূপ লয়। ঘটনাটোত দলটোৰ কেইবাজনো শিল্পী গুৰুতৰভাৱে আহত হয়। অৱশ্যে দুর্ভাগ্যজনক ঘটনাটোৰ পাছত হিন্দুস্থান কর্তৃপক্ষই বিহুৱা দলটোক নিৰাপত্তা দিব নোৱাৰি ক্ষমা বিচাৰে। ঘটনাৰ পাছতে বিহুৱা দলটোৰ একাংশ সদস্যই শ্রীভূমি সদৰ থানাত গোচৰ ৰুজু কৰাৰ পাছতে আৰক্ষীৰ এটা বৃহৎ দলে নিশা প্রায় ১ বজাত ক্লাবত উপস্থিত হৈ ১৩জন লোকক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে। আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত অব্যাহত ৰখাৰ সময়তে অভিযুক্তকেইজনক আদালতত হাজিৰ কৰায়। কিন্তু উত্থাপিত অভিযোগ আৰু গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ পাছতো অদৃশ্য শক্তিৰ আশীৰ্বাদত নিশাটোৰ ভিতৰতে ১৩জন অভিযুক্তই আদালতৰ পৰা জামিন পাবলৈ সক্ষম হোৱাৰ অভিযোগ উঠিছে। ভয়ংকৰ ঘটনাটোৰ পাছতে বিহুৱা দলৰ সদস্যসকলৰ ওপৰত আক্ৰমণ আৰু আৰক্ষীৰ এই ঘটনা সন্দর্ভত ভূমিকা আৰু গ্ৰেপ্তাৰ প্ৰক্ৰিয়াক লৈ বহু প্রশ্ন শ্রীভূমিৰ সচেতন মহলৰ মাজত উত্থাপিত হৈছে। অসমীয়া জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ বিহু পৰিৱেশন কৰিবলৈ অহা শিল্পীসকলৰ সৈতে হোৱা এনেধৰণৰ অবাঞ্ছিত ঘটনাৰ পাছত শ্রীভূমিৰ স্থানীয় ৰাইজৰ মাজতো তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাখনৰ সচেতন ৰাইজে বিহুৱা দলটোৰ সদস্যসকলৰ ওপৰত প্রকৃততে কোনে আক্রমণ চলাইছিল, মাৰপিটৰ ঘটনাত কাৰ ভূমিকা আছিল এই সকলো প্ৰশ্নৰ উত্তৰ স্পষ্ট কৰিবলৈ আৰক্ষী তথা প্রশাসনক স্থানীয় ৰাইজে আহ্বান জনাইছে।
