নিজৰ সৈতে – কাকলি কুমাৰী

Pc StockCake

নিজৰ সৈতে

কাকলি কুমাৰী, হাজো

 

এবাৰ থমকি ৰ’বা, আইনাখনৰ সন্মুখত
নিজৰ চকুতে নিজৰ চকু থ’বা,
পৃথিৱীৰ হাজাৰ কোলাহল পাহৰি
আজি কেৱল নিজকে চাবা।
কিমান বাট তুমি অকলে খোজ কাঢ়িলা
কিমান ঘাঁ তুমি হাঁহিৰে ঢাকিলা,
কোনেও নজনাকৈ ভাঙি-পাতি
আকৌ নিজেই নিজকে গঢ়িলা।
আজি নিজকে সুধা —
_ভাগৰা নাইনে?_
মূৰত হাত বুলাই কোৱা —
_আছোঁ মই তোৰ স’তে,_
তোৰ দুখত কান্দিবলৈ
তোৰ সুখত হাঁহিবলৈ।
আনে ভাল নাপালেও নাই
তই নিজকে ভালপাব শিক,
আইনাত জিলিকা সেই মুখখনেই
তোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ।
তই ৰ’দ হৈ নিজকে পোহৰাব পাৰ
তই বৰষুণ হৈ নিজকে ধুৱাব পাৰ,
নিজকে সাৱটি ধৰ এবাৰ,
তইয়েই তোৰ আটাইতকৈ শ্ৰেষ্ঠ উপহাৰ।