আজিৰ নৱপ্ৰজন্মই মিছা কথা কিয় কয় আৰু অভিভাৱক হিচাপে আমাৰ কৰণীয় কি?
কল্পনা দত্ত
লুইত নগৰ,নুনমাটি ,গুৱাহাটী
বৰ্তমান সময়ত প্ৰায় প্ৰতিগৰাকী অভিভাৱকৰে এটা সাধাৰণ অভিযোগ— “আজিৰ ল’ৰা-ছোৱালীয়ে কথা কথা লুকুৱায়, ফাঁকি দিয়ে , মিছা কথা কয়।” কথাটো একেবাৰে মিছাও নহয়। আজিৰ নৱপ্ৰজন্মৰ মাজত সৰু-সুৰা কথাত মিছা কোৱা বা প্ৰকৃত সত্যটো লুকুৱাই ৰখাৰ এক মানসিকতা গঢ়ি উঠা দেখা গৈছে। কিন্তু ইয়াৰ বাবে কেৱল সন্তানক দোষ দিলেই নহ’ব। গভীৰভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ইয়াৰ আঁৰত কিছুমান সামাজিক, মানসিক আৰু পাৰিপাৰ্শ্বিক কাৰণ সোমাই আছে।
“নৱপ্ৰজন্মই কিয় মিছা কথা কয়?
১/ শাস্তি বা তিৰস্কাৰৰ ভয়: — বেছিভাগ সন্তানেই মিছা কথা কয় কেৱল মাক-দেউতাকৰ গালি বা শাস্তিৰ পৰা বাচিবলৈ। ভুল কৰিলে মাক-দেউতাকে মৰমৰ পৰিৱেৰ্তে কঠোৰ শাসন কৰিব বুলি ভাবি তেওঁলোকে সঁচা কথাটো ক’বলৈ ভয় কৰে।ভুল কৰিলে সংশোধনৰ সুযোগ দিয়াৰ পৰিৱৰ্তে যদি ঘৰত কঠোৰ শাস্তিৰ পৰিৱেশ থাকে, তেন্তে সন্তানে আত্মৰক্ষাৰ বাবে মিছাক আটাইতকৈ সহজ ঢাল হিচাপে বাছি লয়।
২/ অত্যধিক মানসিক চাপ:— আজিৰ প্ৰতিযোগিতামূলক যুগত অভিভাৱকসকলৰ সন্তানৰ প্ৰতি প্ৰত্যাশা বহুতবেছি। পৰীক্ষাৰ নম্বৰ কম হ’লে বা আশা কৰা মতে ফল দেখুৱাব নোৱাৰিলে অভিভাৱকক অসন্তুষ্ট কৰাৰ ভয়ত তেওঁলোকে মিছাৰ আশ্ৰয় লয় আৰু মানসিক চাপত ভুগি থকা দেখা যায়।
৩/ ভাৰ্চুৱেল জগতৰ প্ৰভাৱ:— ছচিয়েল মিডিয়াৰ এই যুগত ল’ৰা-ছোৱালীয়ে নিজক সমাজৰ আগত আনতকৈ শ্ৰেষ্ঠতম দেখুৱাবলৈ ভাল পায়। যিটো বস্তু তেওঁ লোকৰ মাজত নাথাকে সেইটোৱেই তেওঁলোকে দেখুৱাই ভাল পায়।এই কৃত্ৰিম জনপ্ৰিয়তা ধৰি ৰাখিবলৈ তেওঁলোকে প্ৰায়েই নিজৰ জীৱনশৈলীক লৈ মিছা কথা কয়।
৪/ ব্যক্তিগত স্বাধীনতাৰ অভাৱ: — বহু সময়ত অভিভাৱকে সন্তানক অতিমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে। এই কঠোৰ শাসনৰ পৰা ওলাই অলপ স্বাধীনতা পাবলৈ তেওঁলোকে মাক-দেউতাকৰ ওচৰত কথা লুকুৱাবলৈ আৰম্ভ কৰে ।
প্ৰতি দিনেই এনেদৰে মিছা কথা কৈ কৈ এদিন এই উঠি অহা প্ৰজন্ম মিছা কথা কোৱাত অভ্যাসত পৰিণত হৈ পৰে।
এতিয়া অভিভাৱক হিচাপে আমাৰ কৰণীয় কি?
সন্তানৰ এই অভ্যাস সলনি কৰিবলৈ হ’লে ঘৰুৱা পৰিৱেশটো প্ৰথমতে সলনি কৰিব লাগিব। ইয়াৰ বাবে আমাৰ কৰণীয়সমূহ হ’ল:
১/অভিভাৱকক ভয় কৰাৰ পৰিৱৰ্তে বিশ্বাসৰ পৰিৱেশ গঢ়ি তোলা : — সন্তানক এনে এটা বিশ্বাস দিয়ক যে সিহঁতে যিয়েই ভুল নকৰক কিয়, সঁচা কথা ক’লে মাক-দেউতাকে গালি নিদিয়ে, বৰং বুজাইহে ক’ব। সঁচা কথা ক’বলৈ সন্তানৰ মনত সাহস দিব লাগিব। যি সাহসে সন্তানৰ বাবে ভাল ভৱিষ্যত গঢ়িবলৈ অনুপ্ৰাণিত কৰে।
২/ বন্ধুত্বপূৰ্ণ সম্পৰ্ক:— সন্তানৰ সৈতে শাসকৰ দৰে নহয়, বন্ধুৰ দৰে আচৰণ কৰক। দিনটোত অন্ততঃ কিছু সময় সিহঁতৰ সৈতে কথা পাতক, সিহঁতৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰক। যেতিয়া সন্তানে মাক-দেউতাকক সঁচা বন্ধু বুলি ভাবিব, তেতিয়া কথা লুকুৱাবলৈ এৰি দিব আৰু চাব সন্তানে বিনাদ্বিধাই আপোনাৰ লগত সকলো কথা মন খুলি প্ৰকাশ কৰিছে।
৩/ নিজেই আদৰ্শ দেখুৱাওক:— শিশুৱে অনুকৰণ কৰি শিকে। আমি নিজে যদি ঘৰত সৰু সৰু কথাত মিছা কথা কওঁ, তেন্তে সন্তানেও তাকেই শিকিব। গতিকে সন্তানৰ সন্মুখত নিজে সদায় সততা বজাই ৰাখিব লাগে। তেওঁলোকৰ ওচৰত মিছাৰ আশ্ৰয় কেতিয়াও নল’ব।
৪/তুলনা কৰা বন্ধ কৰক: — আন সন্তানৰ সৈতে নিজৰ সন্তানক তুলনা কৰা বন্ধ কৰক। প্ৰতিটো শিশুৱেই সুকীয়া। সিহঁতক নিজৰ গতিৰে আগবাঢ়িবলৈ দিয়ক আৰু ব্যৰ্থতাৰ সময়ত সিহঁতৰ কাষত থিয় দিয়ক আৰু বুজায় দিয়ক পৰাজয় বৰণ কৰাটো একো ডাঙৰ কথা নহয়।
সদৌ শেষত ইয়াকে ক’ব বিচাৰিছোঁ – মিছা কথা কোৱাটো কোনো জন্মগত অভ্যাস নহয়, ই এক পৰিস্থিতিগত মানসিকতাহে। শাস্তি দি বা মাৰ-পিত কৰি এই অভ্যাস কেতিয়াও সলনি কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন মৰম, ধৈৰ্য্য আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশৰ। আজিৰ নৱপ্ৰজন্মক দোষাৰোপ কৰাৰ সলনি আহক আমি অভিভাৱকসকলে নিজৰ দায়িত্ব বুজি লওঁ আৰু তেওঁলোকক সৎ তথা সুনাগৰিক হিচাপে গঢ়ি তোলোঁ।
