চোতালৰ দুবৰি – ৰশ্মি ৰেখা দুৱৰা

Pc Assam TV9

চোতালৰ দুবৰি

 ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়

সেউজীয়া দলিচা পাৰি বহি আছ,
হাজাৰজনৰ ভৰিৰ গচকত
মূৰ দাঙি চাব খুজিও মৌন হৈ
মাটিৰ বুকুতেই খামুচি ধৰি শুই পৰ।
কোনেও নুসুধে তোক, কিমান বিষ নীৰৱে সহিছ।

ৰ’দে পোৰা, বৰষুণত তিতা কোমল দেহাটো
জীয়াই থকাৰ হেঁপাহত
জীৱনৰ প্ৰতিটো মুহূৰ্ত যুঁজ কৰি আছ
সহজে মৰিব নুখোজ।

তই কেৱল মাটিৰ বুকুত মিলি থকা
এজোপা সৰু ঘাঁহ নহয়,
তই ঔষধী গুণৰ অধিকাৰী।
তয়েই চোতালৰ সৌন্দৰ্য বঢ়াওঁ
কিন্তু নিজৰ গুণ বখানি থকাৰ
তোৰ কোনো অভ্যাস নাই।

মানুহৰ জীৱনটো তোৰ দৰে,
ভৰিৰে গচকি অৱহেলা কৰে
সহজে তোৰ মূল্য বুজিব কোনোৱে নোৱাৰে।
তথাপিও প্ৰকৃতিৰ সেউজীয়া ৰং হেৰাই নাযায়
তোৰ বুকুতেই আঁকোৱালি লয়,
মূল্য ৰূপেৰে নিৰ্ধাৰণ নহয়
গুণেৰেহে হয়।

সৰু দুৰ্বল বুলি নাভাবিবি
দুৰ্বল ভবাজনেই আটাইতকৈ শক্তিশালী।
অপমানৰ মাজতো যিজনে শেষ নহৈ
নিজৰ স্থিতি গঢ় লয়
সেইজনেই শ্ৰেষ্ঠ।

তই মোক ডাঙৰ শিক্ষা দিলি,
অৱহেলাতো নিজৰ গুণ ধৰি ৰাখিবলৈ
ভৰিৰে গচকিলেও প্ৰতিশোধ নল’বলৈ
মাটিৰ বুকুত খোপনি পুতি
জীৱনৰ কঠিন সময়তো
নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ।